ETV Bharat / state

Separate Kamatapur state demand : উত্তৰ-পূৱক থানবান কৰাৰ হুংকাৰ !

author img

By

Published : Dec 29, 2022, 5:40 PM IST

Separate Kamatapur state demand
উত্তৰ-পূৱক থানবান কৰাৰ হুংকাৰ

পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন, কোচ ৰাজবংশী জনগোষ্ঠীক ভৈয়াম জনজাতিকৰণ আৰু কে এল অ'ৰ লগত কেন্দ্ৰীয় চৰকাৰৰ দ্বি-পাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ দাবীত বৃহস্পতিবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কোচ ৰাজবংশী জাতীয় পৰিষদে (Koch Rajbongshi Jatiya Parishad protest)। বাক্সাৰ জাখলিৰপাৰত সংগঠনটোৱে দুঘণ্টীয়া ৰেল' অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে ।

কোচ ৰাজবংশী জাতীয় পৰিষদৰ প্ৰতিবাদ

বৰপেটাৰোড,২৯ ডিচেম্বৰ : পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন, কোচ ৰাজবংশী জনগোষ্ঠীক ভৈয়াম জনজাতিকৰণ আৰু কে এল অ'ৰ লগত কেন্দ্ৰীয় চৰকাৰৰ দ্বি পাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ দাবীত বৃহস্পতিবাৰে দুঘণ্টীয়া ৰেল' অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে কোচ ৰাজবংশী জাতীয় পৰিষদে (Koch Rajbongshi Jatiya Parishad protest)। বাক্সা জিলাৰ কোচ ৰাজবংশী জাতীয় পৰিষদৰ উদ্যোগত বৃহস্পতিবাৰে বৰপেটাৰোড আৰু গুৱাগাছা ৰেল' ষ্টেচনৰ মাজত জাখলিৰপাৰত সংগঠনটোৰ সহস্ৰাধিক লোকে ৰেলপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

উল্লেখ্য যে ১৯৪৯ চনৰ ২৮ আগষ্টতে তদানীন্তন কেন্দ্ৰীয় চৰকাৰ আৰু কোচ ৰজাৰ লগত এক ঐতিহাসিক চুক্তি হৈছিল । সেই চুক্তি মতে কোচ ৰাজবংশীসকলে ৰাজ্য লাভ কৰিব লাগিছিল । কিন্তু বিভাজন নীতিৰে কোচ ৰাজবংশী জনগোষ্ঠীক প্ৰাপ্য মৰ্যদা প্ৰদান নকৰিলে বুলি আক্ৰাছু নেতা বিশ্বজিৎ ৰয়ে অভিযোগ কৰে ৷ ইয়াৰোপৰি ১৯৬২ চনৰ পৰা কোচ ৰাজবংশীসকলক ভৈয়াম জনজাতিকৰণৰ বাবে দাবী উত্থাপন কৰি আহিছে যদিও ১৯৯৬ চনত কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিও এবছৰ পাছত পুনৰ কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ পৰা বঞ্চিত হোৱা বুলি উল্লেখ কৰি আক্ৰাছুৰ নেতা বিশ্বজিৎ ৰয়ে কয় যে নিজৰ প্ৰাপ্যৰ বাবে সুদীৰ্ঘকাল ধৰি কোচ ৰাজবংশীসকলে আন্দোলন কৰি আহিছে কিন্তু কেন্দ্ৰ আৰু ৰাজ্যত কংগ্ৰেছ আৰু বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পাছত আজিলৈকে কোচৰাজবংশীসকলৰ সমস্যা সমাধান নহ'ল (Separate Kamatapur state demand)৷

নিৰ্বাচন আহিলে কোচৰাজবংশীসকলক জনজাতিকৰণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়া কোনো এখন চৰকাৰেই কোচ ৰাজবংশীসকলৰ এই সমস্যা সমাধান নকৰে বুলিও কয় আক্ৰাছুৰ নেতা গৰাকীয়ে । বিগত ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বঙাইগাঁৱত আহি নিৰ্বাচনী সভাত কৈছিল যে কেন্দ্ৰত বিজেপি চৰকাৰ আহিলে ৬ মাহৰ ভিতৰত কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰা হ'ব ৷

কিন্তু কেন্দ্ৰত নৰেন্দ্ৰ মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকাল উকলিবলৈ আৰু মাত্ৰ এটা বছৰহে বাকী আছে তথাপিও কোচ ৰাজবংশীসকলক জনজাতিৰ মৰ্যাদা নিদিয়াত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি বিশ্বজিৎ ৰয়ে অতি পৰিতাপেৰে কয় যে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত কোচ ৰাজবংশীসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিবৰ বাবে বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা তদানীন্তন বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মন্ত্ৰী গোটৰ সমিতি গঠন কৰা হৈছিল ৷ বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা সেই সময়ৰ বিত্ত মন্ত্ৰীগৰাকীয়ে এমাহৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰতিবেদন প্ৰেৰণ কৰি কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰাৰ কথা কোৱা হৈছিল যদিও আজিলৈকে কাৰ্যক্ষেত্ৰত সেয়া হৈ নুঠিল ।

ইফালে কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰীয়ে কৈছে যে ৰাজ্য চৰকাৰে যেতিয়ালৈকে প্ৰতিবেদন নিদিব তেতিয়ালৈকে জনজাতিকৰণ কৰিব পৰা নাযাব । সেয়ে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ গাফিলতি পোহৰলৈ আহিছে বুলিও তেওঁ অভিযোগ কৰে ।

বৰ্তমান কেন্দ্ৰ আৰু ৰাজ্যত যিহেতু বিজেপি চৰকাৰ, সেয়ে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিবলৈ ২ ঘণ্টীয়া ৰেল' অৱৰোধ কৰি দাবী জনাইছে (Rail blockade of Koch Rajbongshi Jatiya Parishad) ৷ আগন্তুক জানুৱাৰী মাহৰ ভিতৰত যদি আক্ৰাছুৰ দাবীসমূহ পূৰণ নহয় অনাগত দিনত অনিৰ্দিষ্টকাল ৰেলপথ, ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ লগতে ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী লৈ উত্তৰ পূৰ্বাঞ্চল থান বান কৰি দিয়াৰো হুংকাৰ প্ৰদান কৰিছে আক্ৰাছু জাতীয় পৰিষদৰ নেতা বিশ্বজিৎ ৰয়ে ৷ ইফালে কোচ ৰাজবংশীসকলৰ ৩ দফীয়া দাবী পূৰণৰ বাবে এখনি স্মাৰকপত্ৰও বাক্সা জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে কোচ ৰাজবংশী জাতীয় পৰিষদে ৷

আনহাতে সাৰ্বভৌম ৰাজ্য দাবী কৰা কে এল অ'ই শেহতীয়াকৈ চৰকাৰৰ সৈতে আলোচনাৰ দাবী জনাইছে ৷ কে এল অ'ৰ অধ্যক্ষ জীৱন সিংহই অসম আৰু পশ্চিমবংগৰ ৫ জনীয়া সদস্যৰে মধ্যস্থতাকাৰী এখন শান্তি কমিটিও গঠন কৰিছে ৷ আক্ৰাছু নেতা তথা শান্তি কমিটিৰ সদস্য বিশ্বজিৎ ৰয়ে কয় যে কে এল অ'ই কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰাৰ বাবে আগ্ৰহী ৷

লগতে পঢ়ক :Zoo Protection Forum protest: চিৰিয়াখানাৰ সমুখত চিৰিয়াখানা সুৰক্ষা মঞ্চৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.