ETV Bharat / state

Head Master Scam : ঘঁৰিয়ালমাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Dec 29, 2022, 6:35 PM IST

Barpeta
Barpeta

বৰপেটা জিলাৰ মন্দিয়া শিক্ষা বিভাগৰ গভীৰ নিদ্ৰাৰ পূৰ্ণ সুযোগ লৈছে মন্দিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত ০১১৩৭০৭ নং ঘঁৰিয়ালমাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আনচেৰ আলীয়ে (school head master scam in Mandia Barpeta) । বিদ্যালয়ৰ শৌচালয় নিৰ্মাণ, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্ম আৰু আন্তঃগাঁথনিৰ বাবদ আবণ্টিত ধন আত্মসাৎ প্ৰধান শিক্ষকৰ । প্ৰধান শিক্ষকৰ দুৰ্নীতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অভিভাৱক-ৰাইজৰ ।

মান্দিয়া শিক্ষা খণ্ডত প্ৰধান শিক্ষকৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ

জনীয়া, ২৯ ডিচেম্বৰ : বৰপেটা জিলাৰ মন্দিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত ০১১৩৭০৭ নং ঘঁৰিয়ালমাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আনচেৰ আলীয়ে ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলি থকাৰ অভিযোগ উত্থাপিত হৈছে (Mandia Education Block Barpeta) । বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে কাকো কেৰেপ নকৰি নিজৰ মইমতালিৰে বিগত দুমাহ ধৰি বিদ্যালয়ত উপস্থিত নোহোৱাৰ অভিযোগ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ লগতে অভিভাৱক তথা ৰাইজৰ (school head master scam in Mandia Barpeta) ।

বিদ্যালয়ৰ শৌচালয় নিৰ্মাণৰ বাবদ ১ লাখ ৩৯ হাজাৰ টকা, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্ম আৰু আন্তঃগাঁথনিৰ বাবদ আবণ্টন দিয়া ৬১ হাজাৰ টকাৰ ভিতৰত ২০-২৫ হাজাৰ টকাৰ কাম কৰিয়ে বাকী টকা প্ৰধান শিক্ষকে আত্মসাত কৰি বিদ্যালয়ত উপস্থিত নথকাৰ অভিযোগ উত্থাপন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা অভিভাৱক আৰু ৰাইজে (scam in school development fund) ।

তাৰ উপৰি প্ৰধান শিক্ষকগৰাকী বিদ্যালয়ত উপস্থিত নোহোৱাত দুমাহ ধৰি মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হৈছে কণ কণ ছাত্ৰ-ছাত্ৰীসকল । ফলত দুজন শিক্ষক থকা সত্ত্বেও এজন শিক্ষকেৰে চলিছে পাঠদান । এই সন্দৰ্ভত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ছাইফুল ইছলামে মন্দিয়া শিক্ষা খণ্ডৰ শিক্ষা বিষয়াক লিখিত অভিযোগ দাখিল কৰাত শিক্ষা বিষয়াই সভাপতিগৰাকীক ভাবুকি প্ৰদান কৰাৰ লগতে পৰিচালনা সমিতিখন ভংগ কৰি নতুন সমিতি গঠন কৰাৰো অভিযোগ উত্থাপন কৰে (allegation against head master for scam) ।

অৱশেষত উপায়ন্তৰ হৈ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিয়ে বৰপেটা জিলা উপায়ুক্ত (Barpeta Deputy Commissioner) আৰু বৰপেটা আৰক্ষী অধীক্ষকক (Superintendent of Police Barpeta) এখন লিখিত অভিযোগ দাখিল কৰে । কিন্তু ৰহস্যজনকভাৱে নিমাত হৈ আছে বিভাগীয় কৰ্তৃপক্ষ । যাৰ বাবে বৃহস্পতিবাৰে অভিভাৱক আৰু ৰাইজে প্ৰধান শিক্ষকৰ দুৰ্নীতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (protest against head master scam in Mandia Barpeta) ।

মন্দিয়া শিক্ষা বিভাগৰ অনীহাৰ ফলত ভিতৰুৱা আৰু চৰাঞ্চলৰ একাংশ বিদ্যালয়ৰ ইতিমধ্যে শ্মশান-যাত্ৰা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে । আনহাতে, বাতৰি সম্প্ৰচাৰৰ পাছত মন্দিয়া শিক্ষা বিভাগ আৰু প্ৰধান শিক্ষক আনচেৰ আলীৰ বিৰুদ্ধে ঊৰ্ধ্বতন কৰ্তৃপক্ষই কি ব্যৱস্থা লয় সেয়া সময়তহে লক্ষণীয় হ'ব ।

উল্লেখ্য, বৰ্তমান সময়ত চৰকাৰী বিদ্যালয়সমূহৰ দুৰৱস্থাৰ বিষয়ে বিভিন্ন মাধ্যমত চৰকাৰক সমালোচনা কৰি অহা হৈছে । আনহাতে, চৰকাৰী বিদ্যালয়সমূহ চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে বন্ধ কৰাৰ পদক্ষেপ গ্ৰহণ কৰাৰো অভিযোগ উঠিছে । তেনে পৰিপ্ৰেক্ষিতত উক্ত বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীৰ এই মইমতালিয়ে এইটো প্ৰতীয়মান কৰিছে যে একাংশ অসাধু শিক্ষকৰ বাবেও ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহ ক্ৰমে ধ্বংসৰ গৰাহলৈ গতি কৰিছে ।

লগতে পঢ়ক :Zoo Protection Forum protest: চিৰিয়াখানাৰ সমুখত চিৰিয়াখানা সুৰক্ষা মঞ্চৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.