ETV Bharat / bharat

Clash in Flight : যাত্ৰীৰ গালে-মুখে ইটোৰ পাছত সিটো পুৰ্ণহতীয়া চৰ চলন্ত বিমানৰ ভিতৰত

author img

By

Published : Dec 29, 2022, 5:17 PM IST

চলন্ত বিমানৰ ভিতৰত এজন যুৱকৰ গালে-মুখে ইটোৰ পাছত সিটো পূৰ্ণহতীয়া চৰ ৷ এজন দুজন নহয়, প্ৰায় 5 জন যুৱকে সদলবলে থপৰিয়াইছে যুৱকজনক ৷ পৰিস্থিতি শান্ত কৰিবলৈ বহু চেষ্টা কৰিও বিফল এয়াৰ হোষ্টেজ (Clash in flight going from Bangkok to Kolkata)৷

Clash in flight going from Bangkok to Kolkata
চলন্ত বিমানত চলিল দু্ৰ্বাদল কাজিয়া

চলন্ত বিমানত চলিল দু্ৰ্বাদল কাজিয়া

নিউজ ডেস্ক, 29 ডিচেম্বৰ : চলন্ত বিমানত চলিল দু্ৰ্বাদল কাজিয়া ৷ এজন যুৱ যাত্ৰীৰ ওপৰত জপিঁয়াই পৰিল প্ৰায় 5 জন যুৱক ৷ যুৱকজনৰ গালে-মুখে পৰিল ইটোৰ পাছত সিটো কাণতলীয়া চৰ ৷ এয়াৰ হোষ্টেজে বহু অনুনয়-বিনুনয় কৰাৰ পাছতো শাম কটোৱাত ব্যৰ্থ হয় আক্ৰমণ (Fight in flight video)৷

লগতে পঢ়ক: First Rapid Rail in India : প্ৰাথমিকতা শাখাত ট্ৰেক স্থাপন সম্পূৰ্ণ, পৰৱৰ্তী মাহত পৰীক্ষণ

ঘটনাটো সংঘটিত হ’ল বেংককৰ পৰা কলকাতা অভিমুখী থাই স্মাইল এয়াৰৱেজৰ বিমানত ৷ বিমানখনত থকা এজন যুৱকে কোনো কাৰণত এজন যুৱযাত্ৰীৰ লগত প্ৰথমে তৰ্কত লিপ্ত হয় ৷ কিছু সময়ৰ পাছতে ঘটনাই ল’লে তীব্ৰৰূপ ৷ যুৱকজনৰ ওপৰত শাৰীৰিক আক্ৰমণ আৰম্ভ কৰে আন এজন যুৱকে ৷ সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰি আছিল বিমানখনৰ আন যাত্ৰীসকলে ৷ কিছুসময়ৰ পাছত আক্ৰমণকাৰী যুৱকজনৰ পক্ষ লৈ কাষ চাপি আহে আন চাৰিজন যুৱক (Clash in flight going from Bangkok to Kolkata)৷

লগতে পঢ়ক: Pavel Antov death updates: ৰহস্যৰ আৱৰ্তত ৰাছিয়ান সাংসদ পাভেল এণ্টভৰ মৃত্যুৰ ঘটনা

পাঁচজন যুৱকে একেলেগে জঁপিয়াই পৰে কোনো অজ্ঞাত বিষয়ত অভিযুক্ত যুৱকজনৰ ওপৰত ৷ পাঁচজন যুৱকে ইটোৰ পাছত সিটো পূৰ্ণহতীয়া চৰ সোধোৱা দেখা গ’ল যুৱকজনক ৷ পৰিস্থিতিৰ ভয়াবহতাৰ দিশে গতি কৰাত বিমানখনৰ এগৰাকী এয়াৰ হোষ্টেজে কাজিয়া নিয়ন্ত্ৰণৰ চেষ্টা কৰিও বিফল হোৱা দেখা গ’ল ৷ ইয়াৰোপৰি কৰা হ’ল কাজিয়া বন্ধৰ আহ্বানেৰে ঘোষণা ৷ সমগ্ৰ ঘটনাৰ ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত বিয়পি পৰিছে ৷ ২৬ ডিচেম্বৰত বেংককৰ ৰাণৱেৰ পৰা উৰা মাৰিবলৈ ওলোৱাৰ সময়তে উক্ত ঘটনা সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে (Bangkok Kolkata flight viral video)। অৱশ্যে এই পৰ্যন্ত কাজিয়াৰ কাৰণ স্পষ্ট কৰিব পৰা হোৱা নাই । মঙলবাৰে পুৱতি নিশা কলকাতাত উপস্থিত হয় বিমানখন ।

লগতে পঢ়ক: Stampede in Chandrababu's rally: চন্দ্ৰবাবু নাইডুৰ সভাত নিহতৰ পৰিয়াললৈ 10 লাখকৈ টকাৰ সাহায্য ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.