ETV Bharat / state

Water Resource Department : কাম নকৰা ঠিকাদাৰক বিদায় দিয়ক: পীযুষ হাজৰিকা

author img

By

Published : Dec 29, 2022, 6:30 PM IST

Pijush Hazarika
Pijush Hazarika

জলসম্পদ বিভাগৰ অধীনত চলি থকা কামসমূহৰ পৰ্যালোচনা মন্ত্ৰী পীযুষ হাজৰিকাৰ (review meeting of water resource department) । বিগত তিনিটা বৰ্ষত একেটা কামকে সম্পূৰ্ণ কৰিব নোৱৰা ঠিকাদাৰৰ প্ৰতি বিভাগটোক কঠোৰ হোৱাৰ নিৰ্দেশ । ভৱিষ্যতে বিভাগীয় কাম নিদিয়াৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ । ঠিকাদাৰে সময়মতে কাম কৰক, নহ'লে জলসম্পদ বিভাগৰ পৰা বিদায় লওক ।

গুৱাহাটী, ২৯ ডিচেম্বৰ : জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই (water resource minister Pijush Hazarika) বৃহস্পতিবাৰে গুৱাহাটীৰ বশিষ্ঠস্থিত অসম জল ভৱনৰ সভাগৃহত এখন বিভাগীয় পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে (review meeting of water resource department) ।

সময়মতে কাম নকৰা ঠিকাদাৰক বিদায় দিয়াৰ নিৰ্দেশ
সময়মতে কাম নকৰা ঠিকাদাৰক বিদায় দিয়াৰ নিৰ্দেশ

ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব এছ আব্বাচীৰ (Additional Chief Secretary of Assam) উপস্থিতিত মন্ত্ৰী হাজৰিকাই বিভাগীয় মুখ্য অভিযন্তা আৰু আন বিষয়াৰ পৰা বিগত সময়ত বিভাগটোৰ অধীনত চলি থকা বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ বিভিন্ন কামৰ অগ্ৰগতিৰ বিষয়ে বুজ লয় (review meeting of water resource department) । উক্ত পৰ্যালোচনাৰ সময়ত বিভাগটোত দুই-এটা কাম বিগত তিনিটা বছৰ ধৰি সম্পূৰ্ণ নোহোৱাকৈ পৰি থকা বুলি জানিব পাৰি মন্ত্ৰীগৰাকীয়ে বিভাগীয় অভিযন্তাৰ পৰা এই বিষয়ে কৈফিয়ৎ তলৱ কৰে ।

বিশেষকৈ বিভাগটোৰ অধীনত কাম কৰি থকা ঠিকাদাৰসকলো উপস্থিত থকা আজিৰ পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে সময়মতে কাম শেষ কৰিব নোৱৰা ঠিকাদাৰৰ প্ৰতি বিভাগীয়ভাৱে কঠোৰ হোৱাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে । মন্ত্ৰীগৰাকীয়ে কয় যে ঠিকাদাৰে সময়মতে কাম কৰক, নহ'লে জলসম্পদ বিভাগৰ পৰা বিদায় লওক ।

জলসম্পদ বিভাগৰ পৰ্যালোচনা বৈঠক
জলসম্পদ বিভাগৰ পৰ্যালোচনা বৈঠক

আনহাতে, নিৰ্ধাৰিত সময়ত কাম সম্পূৰ্ণ কৰিব নোৱাৰা ঠিকাদাৰক অতিৰিক্ত সময় দিয়াৰ ক্ষেত্ৰত বিশ্বাসযোগ্য কাৰণ নাথাকিলে বিভাগীয় অভিযন্তাসকলকো জবাবদিহি কৰিবলৈ মন্ত্ৰী পীযুষ হাজৰিকাই মুখ্য অভিযন্তাক নিৰ্দেশনা প্ৰদান কৰে । উল্লেখ্য, তিনিটাকৈ বৰ্ষৰ ভিতৰতো একেটা কাম শেষ কৰিব নোৱাৰা ঠিকাদাৰসকলে বিভাগত পুনৰ কাম লাভ কৰিব নোৱাৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈও মন্ত্ৰীগৰাকীয়ে বিভাগটোক নিৰ্দেশ দিয়ে ।

জলসম্পদ বিভাগৰ কামৰ অগ্ৰগতিৰ বুজ ল'লে মন্ত্ৰী পীযুষ হাজৰীকাই
জলসম্পদ বিভাগৰ কামৰ অগ্ৰগতিৰ বুজ ল'লে মন্ত্ৰী পীযুষ হাজৰীকাই

ইয়াৰ উপৰি বিভাগটোৰ অধীনত চলি থকা কামসমূহৰ অগ্ৰগতিৰ বিষয়ে মাজে মাজে পৰ্যালোচনা কৰিবলৈও মন্ত্ৰীগৰাকীয়ে মুখ্য অভিযন্তাক নিৰ্দেশ দিয়ে । জলসম্পদ বিভাগৰ কামসমূহ সময়মতে সমাপ্ত কৰিব নোৱাৰিলে বাৰিষাৰ সময়ত সাধাৰণ ৰাইজ সমস্যাত পৰে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বিভাগীয় সকলোকে তৎপৰতাৰে বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ স্থায়ী কামসমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত সমাপ্ত কৰিবলৈ সকলোকে আহ্বান জনায় ।

উল্লেখ্য যে চলিত বৰ্ষৰ জলসম্পদ বিভাগৰ কামসমূহ অহা চাৰি মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবৰ বাবে বিভাগৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে । এইক্ষেত্ৰত বিভাগক সময়সীমা মানি চলি কামসমূহ কৰিবলৈ আজিৰ বৈঠকতে মন্ত্ৰী পীযুষ হাজৰিকাই নিৰ্দেশনা প্ৰদান কৰে ।

লগতে পঢ়ক :Wine shops in Assam : ৰাইজৰ পদূলিয়ে পদূলিয়ে চৰকাৰৰ সুৰা ! ৭০০ খন নতুন সুৰাৰ বিপণী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.