Santosh Trophy 2022:সন্তোষ ট্ৰফীত গোৱাৰ হাতত পৰাস্ত অসম

By

Published : Dec 29, 2022, 5:20 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

বিটিআৰৰ সদৰ কোকৰাঝাৰত বুধবাৰৰ পৰা আৰম্ভ হৈছে ৭৬ সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিয়োগিতাৰ গ্ৰুপ ৩ ৰ লীগ মেচ (Santosh Trophy Football at Kokrazar) ৷ কোকৰাঝাৰ চহৰৰ কঠালগুৰীস্থিত ছাইৰ ক্ৰীড়া প্ৰকল্প আৰু কোকৰাঝাৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত ৫ জানুৱাৰীলৈ অনুষ্ঠিত হ'ব এই লীগ মেচ (Santosh Trophy Sai Sports Project at Kokrazar ) ৷ কালি কোকৰাঝাৰত তিনিখন খেল অনুষ্ঠিত হয় ৷ ইয়াৰে প্ৰথম লীগ মেচত অৰুণাচলে তামিলনাডুক ২-১ গ'লৰ ব্য়ৱধানত পৰাস্ত কৰে ৷ ইপিনে, দ্বিতীয়খন খেলত নগালেণ্ডে উত্তৰ প্ৰদেশক ১-০ গ'লত পৰাজিত কৰে ৷ আনহাতে, সন্ধিয়া ছয় বজাৰ পৰা কোকৰাঝাৰ ছাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত খেলখনত গোৱাই ঘৰুৱা দল অসমক ১-০ গ'লৰ ব্য়ৱধানত পৰাস্ত কৰে ৷ গোৱাৰ হৈ একমাত্ৰ গ'লটো দিয়ে এছ টি ফাৰনানডিছে (Goa beat Assam in Santosh Trophy Football) ৷ উল্লেখ্য যে,গোৱা আৰু ঘৰুৱা দল আসমৰ মাজত অনুষ্ঠিত খেলখন উদ্বোধন কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে (Assembly Speaker Biswajit Daimary) ৷ উদ্বোধনী অনুষ্ঠানত বিটিআৰৰ মুখ্য় কাৰ্যবাহী সদস্য় প্ৰমোদ বড়ো,অসম ফুটবল সন্থাৰ উপ-সভাপতি শান্তনু বৰপূজাৰী, সম্পাদক হেমেন্দ্ৰ নাথ ব্ৰহ্ম আদি উপস্থিত থাকে ( CEM of BTR) ৷

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.