ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jul 18, 2022, 2:57 PM IST

3 বজাৰ শীৰ্ষ 10 টা বাতৰি
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

Presidential Election 2022: দ্ৰৌপদী মুৰ্মুৰ সম্প্ৰদায়ক লৈ অখিলৰ প্ৰশ্ন

"দ্ৰৌপদী মুৰ্মু প্ৰকৃততে আদিবাসী হয়নে ? দ্ৰৌপদী মুৰ্মু হৈছে এগৰাকী ক্ৰীমী লেয়াৰত পৰা মহিলা ৷ তেওঁ এগৰাকী অভিজাত মহিলা ৷ যিগৰাকী মহিলা নিজেই ৰাজ্যপাল আছিল, যিগৰাকী বিধায়ক আছিল দীৰ্ঘদিন ধৰি তেওঁক লৈ যদি আদিবাসীৰ ট্ৰাম্প কাৰ্ড খেলা যায় সেইটো প্ৰকৃত অৰ্থত আদিবাসী হয়নে !" এন ডি এৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ (Akhil Gogoi commenting about Draupadi Murmu) ৷

Presidential polling 2022: দিছপুৰত 123 গৰাকী বিধায়কৰ ভোটদান

অসমৰ দিছপুৰ বিধানসভাত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভোটদান কৰে 123 গৰাকী বিধায়কে (Presidential polling 2022 in Assam)৷ দিছপুৰৰ বিধানসভাৰ চেন্ট্ৰেল হলত পুৱা 10 বজাৰ পৰা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে (123 MLA will vote in presidential Election) ৷

Bus fell in Narmada River : নৰ্মদা নদীত যাত্ৰীবাহী বাছ বাগৰি 12 জনৰ মৃত্যু

নৰ্মদা নদীত দলঙৰ পৰা বাগৰি পৰিল যাত্ৰীবাহী বাছ (Passenger bus fell in Narmada river) ৷ বৰ্তমানলৈকে 12 গৰাকী যাত্ৰীৰ মৃতদেহ উদ্ধাৰ ৷

First Monday of Shravan: কলিয়াবৰৰ শিৱ মন্দিৰসমূহত ভক্তৰ ভিৰ

আজি শাওন মাহৰ প্ৰথমটো সোমবাৰ(First Monday of the month of Shravan)৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিৱ মন্দিৰ সমূহত আজি অগণন ভক্তই ভিৰ কৰা পৰিলক্ষিত হয় ৷ সমান্তৰালকৈ কলিয়াবৰৰ বিভিন্ন শিৱ মন্দিৰ সমূহতো পুৱাৰে পৰা ভক্তসকলে ভিৰ কৰেহি । দেওবাৰে নিশা শিৱভক্তৰ বন্দনাৰে মুখৰিত হৈ পৰে হাতীমূৰাস্থিত দূৰ্গা মন্দিৰ ।

Presidential Polls 2022 : NDA ৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ বিজয় কামনাৰে বোকাখাতত চাহ পৰিষদৰ পূজা-অৰ্চনা

আজি দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচন (NDA candidate Droupadi Murmu) । প্ৰথমবাৰৰ বাবে চাহ জনগোষ্ঠীৰ NDA ৰ প্ৰাৰ্থী হিচাপে প্ৰতিদন্দিতা কৰিছে দ্ৰৌপদী মুৰ্মু ৷ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী গৰাকীৰ বিজয় কামনাৰে সোমবাৰে বোকাখাতত অসম গণ পৰিষদৰ ভাতৃ সংগঠন চাহ পৰিষদে শাওনৰ পহিলা দিনটোত পূজা অৰ্চনা আগবঢ়ায়(Chah Parisad pray for NDA candidate Droupadi Murmu) ।

Empty Panchayat Office at Kaliabor: দিনৰ 11 বজালৈ পঞ্চায়তৰ কাৰ্যলয়ত নাই কৰ্মচাৰী

কলিয়াবৰৰ কুঁৱৰীটোল গাঁও পঞ্চায়তৰ কাৰ্য‍ালয়ত দিনৰ 11 বজালৈকে অনুপস্থিত কাৰ্যালয়টোৰ কৰ্মচাৰী(Empty Panchayat Office at Kaliabor) ৷ যাৰ ফলত কাৰ্যালয়টোৰ বাহিৰত বৃদ্ধ পেঞ্চনৰ তথ‍্য জমা দিবলৈ আহি বৃদ্ধ-বৃদ্ধাৰ বোন্দাপৰ । বৰ্তমান কৰ্মচাৰীৰ এনে বিষয়া-কৰ্মচাৰীৰ উদ্ধতালিয়ে এতিয়া সমস্যাত পেলাইছে জনসাধাৰণক ৷

Zubin Garg concert in Jonai: জোনাই মহকুমাক জিলা ঘোষণাৰ অনুৰোধ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ

জোনাই মহকুমাক জিলা হিচাপে ঘোষণা, জোনাইৰ একমাত্ৰ সংৰক্ষিত পবা বৰ্ষাৰণ্যক বন্যপ্ৰাণী অভাৰণ্য হিচাপে সংৰক্ষণ কৰিবলৈ কণ্ঠশিল্পী জুবিন গাৰ্গৰ চৰকাৰলৈ আহ্বান । জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ ধেমাজি জিলা সমিতিৰ বিংশতম জোনাই দ্বি-বার্ষিক সাধাৰণ অধিৱেশনত এই মন্তব্য জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ (Zubin Garg concert in Jonai) ।

Anti Drugs mission: ডিলাইত সন্দেহযুক্ত হেৰ'ইনসহ দুই সৰবৰাহকাৰীক আটক

নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান(Anti Drugs mission) অব্যাহত ৰখাৰ সময়তে কাৰ্বি আংলং জিলাৰ ডিলাইত আৰক্ষীৰ অভিযানত সন্দেহযুক্ত হেৰ'ইনসহ আটক দুই সৰবৰাহকাৰীক(Two arrested with Suspected heroin at Dilai) ৷

Man died of electric shock: বিদ্যুৎস্পৃষ্ট হৈ এজন লোকৰ মৃত্যু

হোজাইৰ জোৰপুখুৰীত অঘটন ৷ নিজৰ ঘৰৰ বিদ্যুৎ সংযোগী তাঁৰত লাগি থকা গছৰ ডাল কাটিবলৈ মৃত্যু হয় শীতল দাস (60) নামৰ এজন লোকৰ ৷ বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবে উক্ত ঘটনাটো হৈছে বুলি মন্তব্য প্ৰকাশ কৰে স্থানীয় লোকে ৷ বিদুৎ বিভাগক কেইবাবাৰো বিদুৎ সংযোগী গছৰ ডালি কাটিবলৈ স্থানীয় ৰাইজে আবেদন কৰিছিল যদিও কাণসাৰ কৰা নাছিল বিভাগীয় কৰ্তৃপক্ষই ৷ উপায়ন্তৰ হৈ শীতল দাসে নিজে গছৰ ডালটো কাটিবলৈ যাওঁতেই এই ঘটনা সংঘটিত হয় ৷

HBD Priyanka Chopra: দেশী গাৰ্ল প্ৰিয়ংকা চোপ্ৰাৰ উল্লেখযোগ্য় কেইটামান ফেশ্বন ম’মেণ্ট

40 বছৰ সম্পূৰ্ণ কৰিলে গ্ল’বেল আইকন প্ৰিয়ংকা চোপ্ৰাই ৷ বিভিন্ন সংগ্ৰামৰ মাজেৰে বলীউডৰ পৰা গৈ হলীউডত খোপনি পোতা দেশী গাৰ্লৰ নাম সদায় ফেশ্বন ষ্টেটমেণ্টৰ বাবে বাতৰিত থাকে ৷ ফেশ্বনৰ ক্ষেত্ৰত অৱশ্যে প্ৰিয়ংকাই প্ৰশংসাৰ সমান্তৰালকৈ সমালোচনাৰো সন্মুখীন হোৱা দেখা যায় মাজে-সময়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.