ETV Bharat / state

1 বজাৰ 10টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 9, 2022, 1:10 PM IST

1 বজাৰ 10টা শীৰ্ষ বাতৰি
1 বজাৰ 10টা শীৰ্ষ বাতৰি

1 বজাৰ 10টা শীৰ্ষ বাতৰি

LTT militant arrested: কাছাৰত অস্ত্ৰসহ LTT কেডাৰ গ্ৰেপ্তাৰ

কাছাৰ আৰক্ষীয়ে বৃহস্পতিবাৰে লিবাৰেছন টাইগাৰ্ছ অফ ট্ৰাইবেল সংক্ষেপে LTT ৰ এজন দুৰ্ধৰ্ষ উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে (LTT militant arrested) ৷ ধৃত উগ্ৰপন্থী কেডাৰজনৰ নাম ছেমিংথং এলেক্স গেংটে বুলি সদৰী কৰিছে আৰক্ষীয়ে ৷

Assam CM public meeting in Biswanath : বিশ্বনাথত মুখ্যমন্ত্ৰীৰ অনুষ্ঠানক লৈ তৎপৰতা প্ৰশাসনৰ

'বিকাশৰ বাবে এটা পষেক'ৰ লগত সংগতি ৰাখি শনিবাৰে বিশ্বনাথ জিলাৰ দুখন সভাত অংশ ল'ব অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । কেইবাটাও আঁচনিৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে (CM public meeting in Biswanath)। বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই নিজেই অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লৈছে ।

Drugs seized : খটখটীত ৭ কোটি টকাৰ ড্ৰাগছ জব্দ

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে (Assam police raid against drugs)। কাৰ্বি আংলং জিলাৰ অসম নাগালেণ্ড সীমান্ততো অসম আৰক্ষীয়ে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । এনে অভিযানৰ মাজতে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হ'ল কাৰ্বি আংলং আৰক্ষী ।

Literary Pension 2022 : সাহিত্যিক পেঞ্চনাৰ মনোমতী কুৰ্মীৰ কথাৰে...

ঘোষণা কৰা হ’ল ৰাজ্য চৰকাৰৰ ২০২২ বৰ্ষৰ সাহিত্যিক পেঞ্চন (Literary pension for the year 2022 announced)৷ ৰাজ্যৰ মুঠ ২৩ গৰাকী বিশিষ্ট অসমীয়াক প্ৰদান কৰা হৈছে এই পেঞ্চন (Literary Pension 2022) ৷ এই পেঞ্চনাৰসকলৰ ভিতৰত আছে শোণিতপুৰৰ মনোমতী কুৰ্মীৰ নাম ৷ মনোমতী কুৰ্মী হৈছে চাহ জনগোষ্ঠী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৷ ২০২২ বৰ্ষৰ সাহিত্যিক পেঞ্চন গ্ৰহণ কৰা কুৰ্মীৰ সৈতে ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ এক আছুতীয়া সাক্ষাৎকাৰ ।

Arms Recovered in Udalguri : মাজবাট আৰক্ষীৰ অভিযানত উদ্ধাৰ ৰাইফলসহ সজীৱ গুলী

মাজবাট আৰক্ষীৰ সফলতা ৷ বৃহস্পতিবাৰে বিয়লি মাজবাটৰ চিকাৰিডাঙাত মাজবাট আৰক্ষীয়ে চলোৱা অভিযানত উদ্ধাৰ কৰা হয় এটা AK 56 ৰাইফলসহ ২০ জাই সজীৱ গুলী (Arms Recovered from Mazbat) ৷

Congress defeat in Gujarat: আৰু বহু দূৰ বাট যাবলৈ বাকী: খাৰ্গে

‘‘আমি পৰাজয় মানি লৈছোঁ । গণতন্ত্ৰত কোনো বিশেষ জয় বা পৰাজয় স্থায়ী নহয় । আমি ফলাফলসমূহ পৰ্যালোচনা কৰি আমাৰ অভাৱসমূহ দূৰ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিম । কিন্তু আমি আমাৰ মতাদৰ্শগত যুঁজ এৰিবলৈ যোৱা নাই । আমি যুঁজি যাম ।’’ গুজৰাট নিৰ্বাচনত দলটোৱে শোচনীয়ভাৱে পৰাজয় বৰণ কৰাৰ পিচত এইদৰে কয় কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে (Gujarat election results)৷

Ajmal vs Himanta: অসমৰ মহিলাই বেছি সন্তান জন্ম দিলে ভৰণ-পোষণৰ দায়িত্ব আজমলে ল’ব লাগিব; মুখ্য়মন্ত্ৰী

লোকসভাৰ সাংসদ বদৰুদ্দিন আজমলক তীব্ৰ কাটক্ষ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, এ আই ইউ ডি এফৰ মুৰব্বীগৰাকীৰ কথিত পৰামৰ্শ অনুসৰি মহিলাই "২০-২৫টা সন্তান" জন্ম দিব পাৰে ৷ কিন্তু তেওঁলোকৰ ভৱিষ্যতৰ খাদ্য, কাপোৰ-কানি আৰু শিক্ষাৰ সকলো খৰচ ধুবুৰীৰ সাংসদগৰাকীয়ে বহন কৰিব লাগিব (Himanta Biswa Sarma slamms Ajmal) ৷

Thieves terror in Nagaon : ফুট-গধূলিতে নগাঁৱত চিলনী চোৰৰ সন্ত্ৰাস

অপৰাধৰ ৰম্যভূমিলৈ পৰিণত হৈছে নগাঁও চহৰ (Crime in Nagaon) ৷ দিনক-দিনে যেন নগাঁৱত বৃদ্ধি পাবলৈ ধৰিছে অপৰাধমূলক কাৰ্যকলাপ ৷ ড্ৰাগছ, হাত্যাকাণ্ডৰ পাচত এইবাৰ নগাঁৱত চিলনী চোৰে চলাইছে সন্ত্ৰাস ৷ বৃহস্পতিবাৰে নগাঁৱত ফুট-গধূলিতে সংঘটিত হয় এক চুৰিকাৰ্য (Thieves terror in Nagaon)। মমি শইকীয়া নামৰ এগৰাকী মহিলাৰ ডিঙিৰ পৰা চিলনী চোৰে থপিয়াই নিছিল এডাল সোণৰ চেইন (Thieves Stole Jewellery)।

Arjun Kapoor Malaika Arora:প্ৰেম কৰাক লৈ ট্ৰ’ল কৰা সকলক উভতি ধৰিলে মালাইকাই

মালাইকাৰ শ্ব’ ‘মুভিং ইন উইথ মালাইকা’ ত মালাইকাই ষ্টেণ্ডআপ কমেডীয়ান হিচাপে ধৰা দিয়ে ৷ কমেডীৰ মাজেৰে মালাইকাই সেইসকল লোকক বাৰুকৈয়ে তুলা ধুনা দিয়ে যিয়ে খোজ-কাটলৰ পৰা আৰম্ভ কৰি তেওঁৰ ব্যক্তিগত জীৱনক লৈ সকলো সময়তে ট্ৰ’ল কৰি থাকে ৷ বয়সতকৈ সৰু অৰ্জুন সৈতে প্ৰেমৰ সম্পৰ্ক ৰাখি অভিনেতাজনৰ জীৱন ধ্বংস কৰা নাই বুলিও মন্তব্য কৰে তেওঁ ৷

CM meeting at Tingkhong : টিংখাঙত মুখ্যমন্ত্ৰীৰ অনুষ্ঠান, প্ৰস্তুতিৰ বুজ ল'লে দুই কেবিনেট মন্ত্ৰীয়ে

ডিব্ৰুগড় জিলাৰ টিংখাঙত অহা ১৬ ডিচেম্বৰত উপস্থিত হ'ব অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । টিংখাঙৰ কুঁৱৰীগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত এক বিশাল ৰাজহুৱা সভাত অংশ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে (Assam CM to attend public meeting in Tingkhang) । যাৰ বাবে ইতিমধ্যে অনুষ্ঠানৰ প্ৰস্তুতি তুংগত উঠিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.