CM meeting at Tingkhong : টিংখাঙত মুখ্যমন্ত্ৰীৰ অনুষ্ঠান, প্ৰস্তুতিৰ বুজ ল'লে দুই কেবিনেট মন্ত্ৰীয়ে

By

Published : Dec 9, 2022, 10:33 AM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

ডিব্ৰুগড় জিলাৰ টিংখাঙত অহা ১৬ ডিচেম্বৰত উপস্থিত হ'ব অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । টিংখাঙৰ কুঁৱৰীগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত এক বিশাল ৰাজহুৱা সভাত অংশ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে (Assam CM to attend public meeting in Tingkhang) । যাৰ বাবে ইতিমধ্যে অনুষ্ঠানৰ প্ৰস্তুতি তুংগত উঠিছে । মুখ্যমন্ত্ৰীৰ আগমনৰ প্ৰাকক্ষণত বৃহস্পতিবাৰে ভাৰতীয় জনতা পাৰ্টীৰ টিংখাং, নাহৰকটীয়া, লেঙেৰী আৰু জয়পুৰ মণ্ডলৰ উদ্যোগত কুঁৱৰীগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত এখন প্ৰস্তুতি সভাৰো আয়োজন কৰা হয় (Preparation meeting in Tingkhong)। সভাত ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, টিংখাঙৰ বিধায়ক তথা মন্ত্ৰী বিমল বড়া, নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈ, ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু, অসম পেট্ৰ'কেমিকেল লিমিটেডৰ অধ্যক্ষ বিকুল ডেকাৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মী আৰু প্ৰশাসনিক বিষয়াসকল উপস্থিত থাকে (Preparations for CM meeting in Tingkhong)। মুখ্যমন্ত্ৰীৰ সভাৰ প্ৰস্তুতিৰ বুজ লয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু বাকী নেতাসকলে । আনহাতে উক্ত অনুষ্ঠানৰ বাবে ৰাইজৰ সহযোগিতাও কামনা কৰে মন্ত্ৰীগৰাকীয়ে ।

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.