ETV Bharat / state

হাগ্ৰামাৰ কাষলৈ ঢাপলি মেলিলে বড়োভূমিৰ দুই সহস্ৰাধিক শিক্ষাৰ্থী

author img

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 8:25 PM IST

Updated : Dec 22, 2023, 9:05 PM IST

Chirang BPF mass joining
দুহেজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীৰ বিপিএফত যোগদান

Chirang BPF Mass Joining : চিৰাঙৰ স্যামথাইবাৰীৰ বাথৌ খেৰাই ৰিজ’ৰ্টত বিপিএফৰ বৃহৎ যোগদান কাৰ্যসূচী ৷ ২০৭৭ গৰাকী মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ যোগদান বিপিএফত । লোকসভা নিৰ্বাচনত বিপিএফৰ মূল ইছ্যু হ’ব ভূমিপট্টা প্ৰদান ৷

হাগ্ৰামাৰ কাষলৈ ঢাপলি মেলিলে বড়োভূমিৰ দুই সহস্ৰাধিক শিক্ষাৰ্থী

চিৰাং, 22 ডিচেম্বৰ : চিৰাঙত বিপিএফৰ বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় শুকুৰবাৰে । বিভিন্ন জনগোষ্ঠীৰ পৰা ২০৭৭ গৰাকী মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ যোগদান বিপিএফত । ইয়াৰোপৰি ১৪৬ গৰাকী ইউপিপিএল, বিজেপি, আৰ এছ এছসহ অন্যান্য দল-সংগঠনৰ পৰা অহা সদস্যই যোগদান কৰে বিপিএফত ।

চিৰাং জিলাৰ স্যামথাইবাৰীস্থিত হাগ্ৰামা মহিলাৰী মালিকানাধীন ‘বাথৌ খেৰাই ৰিজ’ৰ্ট’ত এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় । উল্লেখ্য যে যি সময়ত ছাত্ৰ-ছাত্ৰীসকলে ছাত্ৰ সংগঠন এবছুৰ সৈতে থাকি ছাত্ৰ ৰাজনীতি কৰিব লাগিছিল সেই সময়ত বিটিচিৰ বিভিন্ন প্ৰান্তৰ পৰা আহি বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে বিপিএফ দলত যোগদান কৰা কাৰ্যই তাৎপৰ্য বহন কৰিছে লোকসভা নিৰ্বাচনৰ আগে-আগে ।

হাগ্ৰামা মহিলাৰীয়ে যোগদান অনুষ্ঠানত কয় যে বিটিচি চুক্তিৰ জৰিয়তে বড়ো ভাষাই ৰাষ্ট্ৰীয় মৰ্যাদা লাভ কৰা সময়ত এবছুৱে বিৰোধিতা কৰিছিল । এবছুৱে বিটিআৰ চুক্তি কৰি বড়ো ভাষা অসমৰ দ্বিতীয় ভাষা বুলি গৌৰৱ কৰা বুলি কয় হাগ্ৰামা মহিলাৰীয়ে ।

মহিলাৰীয়ে কয়, ‘‘আমি কৰা বিটিচি চুক্তিৰ জৰিয়তে সৰ্বভাৰতীয় ভাষা হিচাবে স্বীকৃতি পাইছে বড়ো ভাষাই । আজি প্ৰমোদ বড়োৱে কি কয়, কি নকয় মই তাৰ প্ৰত্যুত্তৰ নিদিওঁ ৷ আজি সমগ্ৰ বিটিচিৰ পৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ তথা বিভিন্ন কলেজ-ইউনিভাৰ্ছিটিৰ পৰা পাছ কৰা, পঢ়ি থকা নতুন ভোটাৰসকলে স্বেচ্ছাই যোগদানৰ বাবে আহি যোগদান কৰিছে বিপিএফ দলত । আমি তেওঁলোকক মাতি অনা নাই । তেওঁলোক আহিছে, আমি আদৰি লৈছোঁ ৷ কাৰণ ভৱিষ্যতে তেওঁলোকৰ ওপৰতে নিৰ্ভৰ কৰিব বিটিচিৰ ৰাজনীতি ৷’’

তেওঁ লগতে কয়, ‘‘প্ৰমোদ বড়োৱে পৰীক্ষাৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলক লৈ ন’ বড়োলেণ্ড, ন’ ৰেষ্ট বুলি চিঞৰিছিল । এবছু জাতীয় সংগঠন, কিন্তু তেওঁলোকৰ নেতৃত্ব ভাল নহয় । এবছুৰ নেতৃত্বৰ ভুলৰ বাবে আজি আমি বিএচ ইউ গঠন কৰিবলগীয়া হ’ল । এবছু নেতৃত্ব আজি স্কিম বেছ হৈ গ’ল । আজি বিটিচি চলাই আছে এবছুৱে ।’’

আনহাতে প্ৰমোদ বড়োৱে যিয়েই নকওক, তেওঁৰ ৰাজনীতি আৰু বেছি দিন নচলে বুলি কয় হাগ্ৰামা মহিলাৰীয়ে । বিপিএফ আহিলে প্ৰথম আৰু প্ৰধাম কাম সকলো জাতি-জনগোষ্ঠীৰ লোকক বিটিচি চুক্তি মতে ভূমি পাট্টা প্ৰদান কৰা হ’ব বুলি হাগ্ৰামা মহিলাৰীয়ে মন্তব্য কৰে ।

তেওঁ লগতে কয়, ‘‘বিটিচি চুক্তি কৰি আমি বহু ক্ষমতা পাইছিলো আৰু কামো কৰিছোঁ । এটাও পথ নাছিল, কোনো উন্নয়ন নাছিল । সকলো আমি কৰিলোঁ । আজি ইউপিপিএলে আহি সেইসমূহকে ওলট-পালট কৰি নিজৰ বুলি ক’বলৈ বিচাৰিছে । সেয়া বিটিচিৰ ৰাইজে দেখি আছে । মই বিটিচি চুক্তি মতে বিটিচিৰ মুখ্য আছিলো । কিন্ত প্ৰমোদ আজি কাৰ্যবাহী সদস্যসকলৰ মুখ্য হৈ আছে ।’’

আনহাতে বিটিআৰ চুক্তিৰ পিছত ১৯ হেজাৰে শিক্ষাৰ্থীয়ে টেট পাছ কৰে যদিও প্ৰমোদ বড়োৱে এজনকো চাকৰি নিদিলে বুলি মন্তব্য কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে তেওঁলোকৰ সময়ত ৪০ টা বিভাগত যিসমূহ চাকৰি দিছিল সকলো বিটিচিৰ বাসিন্দা আছিল । বাহিৰৰ এজনো নাছিল, ঠিকাদাৰসকলো বিটিচিৰ আছিল ৷ কিন্ত এতিয়া বিটিচিৰ কিমানজনে সুবিধা পাইছে বুলি প্ৰশ্ন কৰে হাগ্ৰামাই মহিলাৰীয়ে ৷

বিপিএফৰ সময়ত বিটিচিত কোনো দুৰ্নীতি হোৱা নাছিল বুলি মহিলাৰীয়ে কয় যে মুখ্যমন্ত্ৰীয়ে ক’ব পাৰে, কিন্তু ৰাইজে কোৱা নাই ৷ লগতে তেওঁ কয় যে প্ৰমোদ বড়োৰ লগত এতিয়া তিনিখন আঁচনি আছে আৰু সেয়া হ’ল ইউপিপিএলৰ মিটিঙলৈ নগ’লে ঘৰ নাপাব, অৰুনোদয় নাপাব, আত্মসহায়ক গোটে ৭৫ হেজাৰ নাপাব ।

আজি বিপিএফৰ যোগদান অনুষ্ঠানত বিপিএফ দলৰ উপ-সভাপতিদ্বয় খাম্পা বৰগয়াৰী আৰু শুদ্ধ বসুমতাৰীসহ কেন্দ্ৰীয় নেতৃত্বৰ বহুকেইজন উপস্থিত থকাৰ লগতে কেবাজনো বিধায়ক, পাৰিষদ উপস্থিত থাকে ।

লগতে পঢ়ক: ইউপিপিএল এৰি বিপিএফত যোগদানৰ বাতৰি অস্বীকাৰ প্ৰমোদ বড়ো বাহিনীৰ

Last Updated :Dec 22, 2023, 9:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.