ETV Bharat / state

Chirang Flood news : বানৰ কৱলত চিৰাং জিলা; বন্যাৰ্তৰ হাহাকাৰ

author img

By

Published : Jul 12, 2023, 2:15 PM IST

Chirang Flood news
বানৰ কৱলত চিৰাং জিলা

বাঢ়নি পানীত তছনছ চিৰাঙৰ শতাধিক গাঁও । কেবাটাও মথাউৰি ভাগি গাঁওত সোমাইছে পানী । উটি গৈছে পশুধন, বাহনকে ধৰি নানান সামগ্ৰী । ক্ষোভ প্ৰকাশ ভুক্তভোগী ৰাইজৰ ৷

বানৰ কৱলত চিৰাং জিলা

চিৰাং, 12 জুলাই : বানৰ কৱলত চিৰাং জিলা ৷ সোমবাৰৰ নিশাৰে পৰা ফেনে ফুটুকাৰে উফন্দি উঠিছে চিৰাং জিলাৰ আই নৈ, মাক্ৰা নৈ, নাঙলভাঙা নৈ, লালাই নৈ, টাক্লাই নৈ,নিজলা নৈকে আদি কৰি কেবাটাখনো নৈ-উপনৈ । নাঙলভাঙাত থকা মথাউৰি উটি যোৱাৰ ফলত কেবাখনো বাহন উটি যোৱাৰ উপক্ৰম হয় যদিও ৰাইজৰ চেষ্টাত উদ্ধাৰ হয় বাহনকেইখন । একেদৰে বহু পশুধনো পানীত উটি যায় বুলি উল্লেখ কৰে ৰাইজে ।

নাঙলভাঙা অঞ্চলৰ 25 খন গাঁও নদী দ্বীপ সদৃশ হৈ পৰা পৰিলক্ষিত হৈছে । এফালে আই নৈ আনফালে নাঙলভাঙা নৈৰে হো হোৱাই পানী অহাত সমস্যাৰ সন্মুখীন হৈছে নৈপৰীয়া ৰাইজ । আনকি নাও চলাচল পৰ্যন্ত বন্ধ হৈ পৰা বুলি জানিবলৈ পৰা গৈছে ৷ যিয়ে যাতায়াতৰ ক্ষেত্ৰত সমস্যাত পেলাইছে সংশ্লিষ্ট গাওঁবাসীক ৷

আনহাতে, ভূটানৰ পৰা নামি অহা লালাই নৈৰ বাঢ়নি পানীয়ে বান্ধ উটুৱাই নিয়াৰ ফলত মালিভিটাৰ কেবাখনো গাঁও প্লাৱিত হৈ পৰিছে । ইপিনে ছোটো আমগুৰিত আই নৈৰ মথাউৰি চাৰি বছৰ পূৰ্বেই ভাগি গৈছিল যদিও 2023 বৰ্ষত 1 কোটি 25 লাখ 99 হাজাৰ 855 টকাৰ বান্ধ এটিৰ বাবে আধাৰশিলা স্থাপন কৰিছিল ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীয়ে । কিন্ত মাত্ৰ কেইমিটাৰমান নিৰ্মাণ কৰিয়ে বান্ধৰ কাম বন্ধ কৰাৰ ফলত ওদালগুৰি গাঁওৰ লগতে বহু কেইখন গাঁও প্লাৱিত হোৱাৰ লগতে গেইল কোম্পানীৰ বহু মূল্যবান মেচিন আদি পৰ্যন্ত আই নৈৰ বাঢ়নি পানীয়ে উটুৱাই লৈ যায় ।

একেদৰে ভূটান সীমান্তৰ কংক্ৰাঝোৰাকে আদি কৰি বহু কেইখন গাঁওত ভূটানৰ পৰা নামি অহা পানী সোমোৱাৰ ফলত প্লাৱিত হৈ পৰে কেবাখনো গাঁও । দুৰ্ভাগ্যজনকভাৱে, বানপীড়িত অঞ্চলবোৰত এতিয়ালৈ পৰিলক্ষিত হোৱা নাই চৰকাৰ প্ৰশাসনৰ কোনো লোক ।

লগতে পঢ়ক : MP Brij Bhushan Singh news : প্ৰশ্ন সোধাৰ বাবেই সাংবাদিকৰ বুম ভাঙিলে বিতৰ্কিত বিজেপি সাংসদ ব্রিজ ভূষণে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.