ETV Bharat / state

চিৰাঙত পুনৰ বন্যহস্তীৰ মৃত্যু

author img

By

Published : Dec 14, 2020, 3:52 PM IST

As_Chg_wild_elephant_death_vis_asc10012
চিৰাঙত পুনৰ নিহত বন্যহস্তী

চিৰাঙৰ কুকলঙত পুনৰ মৃত্যু বন্যহস্তীৰ ৷ এই বন্যহস্তী হত্যাৰ ঘটনাৰে দংশীয়াপাৰাৰ লালচান্দ আলী নামৰ এজন লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে বন বিভাগে ৷

চিৰাং,14 ডিচেম্বৰ : চিৰাঙৰ কুকলং ১২ নং ছেক্টৰৰ ১নং দংশীয়াপাৰাত বন্যহস্তীৰ মৃত্যু । জিলাখনত চলিত মাহত সংঘটিত এইটো তৃতীয়টো বন্যহস্তীৰ মৃত্যুৰ ঘটনা ৷ এই বন্যহস্তী হত্যাৰ ঘটনাৰে দংশীয়াপাৰাৰ লালচান্দ আলী নামৰ এজন লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে বন বিভাগে ৷ উল্লেখ্য যে, দীৰ্ঘ দিন ধৰি মানাহৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে মানাহ সংলগ্ন অঞ্চলত চলাই আহিছে তাণ্ডৱ ৷ বন্যহস্তীৰ আক্ৰমণত ইতিমধ্যে বহু লোক নিহত হোৱাৰ লগতে বহু লোকৰ বাসগৃহৰো ক্ষতিসাধন কৰি আহিছে ৷

চিৰাঙত পুনৰ নিহত বন্যহস্তী

আনহাতে, বন্যহস্তীৰ আক্ৰমণ ৰোধৰ ক্ষেত্ৰত বন বিভাগে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ ৷ যাৰ বাবে ৰাইজে নিজাববীয়াকৈ গ্ৰহণ কৰিবলগীয়া হৈছে ব্যৱস্থা ৷ বহুলোকেই হাতীৰ পৰা নিজৰ খেতিপথাৰ আৰু বাসগৃহসমূহ ৰক্ষা কৰাৰ বাবে চাৰিওকাষে বৈদ্যুতিক তাঁৰ সংযোগৰ ব্যৱস্থা কৰিছে ৷ একেদৰে লালচান্দ আলীয়ে বৈদ্যুতিৰ তাঁৰ সংযোগ কৰাৰ বাবেই হাতীটো নিহত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ৰাইজে ৷ এই ক্ষেত্ৰত তদন্ত অব্যাহত ৰাখিছে বন বিভাগে ৷

ইতিমধ্যে বন বিভাগৰ চিকিৎসকৰ দলে নিহত হাতীটোৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত সৎকাৰৰ ব্যৱস্থা কৰিছে ৷ উল্লেখ্য যে, চিৰাঙৰ পানবাৰী আৰু কুকলুং অঞ্চলতো বিদ্যুৎপৃষ্ট হৈ তিনিটাকৈ বন্যহস্তী নিহত হ’বলগীয়া হৈছে । এই ক্ষেত্ৰত সজাগতাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বন বিভাগে ।

লগতে পঢ়ক-পদে পদে মৃত্যুৰ ক্ষণ গণিছে এজনী মাইকী হাতীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.