ETV Bharat / state

চিৰাঙত নিৰ্দলীয় প্ৰাৰ্থীৰ নিৰ্বাচনী তৎপৰতা

author img

By

Published : Feb 27, 2021, 8:19 PM IST

চিৰাঙত নিৰ্দলীয় প্ৰাৰ্থীৰ নিৰ্বাচনী তৎপৰতা
চিৰাঙত নিৰ্দলীয় প্ৰাৰ্থীৰ নিৰ্বাচনী তৎপৰতা

চিৰাঙৰ চিদলী বিধান সভা সমষ্টিত মন্ত্ৰী চন্দন ব্ৰহ্মক প্ৰত্যাহ্বান জনাবলৈ সাজু এজন যুৱনেতা । এইজন প্ৰভাৱশালী যুৱনেতাই চন্দন ব্ৰহ্মৰ অস্তিত্ব সংকটত পেলাব পাৰে বুলিও বিভিন্ন মহলত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।

চিৰাং, ২৭ ফেব্ৰুৱাৰী : অসম বিধান সভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে ৰাজ্যৰ প্ৰতিটো সমষ্টিতে প্ৰাৰ্থীত্ব প্ৰত্যাশীসকল ৰাজনৈতিক ৰণকৌশল প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰা দেখা গৈছে । চিৰাং জিলাৰ ৩১ নং চিদলী জনজাতীয় সমষ্টিতো বৃদ্ধি পাইছে ৰ্নিবাচনী তৎপৰতা । চিৰাং জিলাৰ দত্তপুৰ খেলপথাৰত শনিবাৰে অনুষ্ঠিত হয় নিৰ্দলীয় প্ৰাৰ্থীৰ এখন কাৰ্যকৰী সভা। এই সভাতেই চিদলী সমষ্টিৰ বিধায়ক মন্ত্ৰী চন্দন ব্ৰহ্মক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে বহু শিক্ষিত যুৱনেতা । জেছায়া চাম্প্ৰামাৰী নামৰ যুৱনেতা জনে নিৰ্দলীয় ভাৱে প্ৰতিদ্বন্দিতা কৰিবলৈ ৰ্নিবাচনী তৎপৰতা আৰম্ভ কৰিছে প্ৰতিটো জাতি-জনগোষ্টীয় লোকৰ মাজত । যুৱনেতাগৰাকীয়ে প্ৰথমে বিপিএফ দলক আওপকীয়াকৈ সহায় কৰি আহিছিল যদিও বিগত বিটিচি পৰিষদীয় ৰ্নিবাচনত ইউপিপিএল দলক সহায় কৰিছিল ।

দুয়োটা দলৰ কামৰ বিফলতা আৰু মিছা প্ৰতিশ্ৰুতিৰ বাবে যুৱনেতাগৰাকীয়ে এইবাৰ চিদলী সমষ্টিৰ পৰা নিৰ্দলীয়াকৈ প্ৰতিদন্দ্বিতা কৰাৰ বাবে পৰিকল্পনা কৰাৰ কথা স্বীকাৰ কৰে যুৱনেতাজনে । ৩১ নং চিদলী জনজাতীয় সমষ্টিত এইবাৰ ৰ্নিবাচনত চন্দন ব্ৰহ্মৰ জয়ৰ অনিশ্চয়তা প্ৰকট হৈ পৰিছে বুলিও দাবী উত্থাপিত হৈছে । ইফালে মন্ত্ৰী চন্দন ব্ৰহ্মই সমষ্টিৰ লোকক বিগত তিনিটা কাৰ্যকালত মিছা প্ৰতিশ্ৰুতিৰে ঠগিছে আৰু প্ৰতাৰণা কৰিছে বুলি অভিযোগ কৰে নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ লগতে তেওঁৰ সমৰ্থক সকলে ।

লগতে পঢ়ক:টীয়কৰ জাঁজীমুখত দল হৰিণাৰ পোৱালি উদ্ধাৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.