ETV Bharat / state

BPF pressmeet:সমবায় সমিতিৰ নিৰ্বাচনী মনোনয়ন অকস্মাতে বন্ধ কৰি দিয়াক লৈ বিপিএফৰ সংবাদমেল

author img

By

Published : May 27, 2023, 9:48 AM IST

bpf pressmeet
বিপিএফৰ সংবাদমেল

চিৰাঙৰ আমটেকা সমবায় সমিতিৰ নিৰ্বাচনী মনোনয়ন চলি থকা সময়তে হঠাতে বন্ধ কৰি দিয়াক লৈ চাঞ্চল্য (Samabay nomination cancellation in Chirang)। সংবাদমেল পাতি আইনৰ কাষ চপাৰ হুংকাৰ বিপিএফৰ ।

bpf pressmeet
বিপিএফৰ সংবাদমেল

চিৰাং, 27 মে’ : চিৰাং জিলাৰ নিচিমা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত আমটেকা সমবায় সমিতিৰ ২০২৩-২৪ বৰ্ষৰ ৫ বছৰীয়া কাৰ্যকালৰ বাবে ১৫ জনীয়া সঞ্চালক মণ্ডলিৰ নিৰ্বাচনৰ মনোনয়ন চলি আছিল বৃহস্পতিবাৰে । মনোনয়ন প্ৰক্ৰিয়া চলি থকাৰ মাজতে হঠাতে বিটিচিৰ বিভাগীয় কাৰ্যবাহী সদস্যৰ টেলিফোনিক নিৰ্দেশনা অনুসৰি মনোনয়ন প্ৰক্ৰিয়া বন্ধ কৰি দিয়া হয় ৷ চিৰাং জিলা সমবায় সমিতিসমূহৰ উপ-পঞ্জীয়ক শ্ৰীমতি কে নাৰ্জাৰীৰ নিৰ্দেশনা অনুসৰি এই মনোনয়ন প্ৰক্ৰিয়া বন্ধ কৰা হয় । মনোনয়ন বন্ধ কৰাৰ পিচতে আমটেকাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ।

এই সন্দৰ্ভত চিৰাং জিলা সদৰ কাজলগাঁৱত বিপিএফৰ চিৰাং জিলা সভাপতি তথা নিচিমা সমষ্টিৰ পাৰিষদ জেমচ বসুমতাৰীয়ে সংবাদ মেল পাতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ইউপিপিএল দলে সমবায় সমিতিৰ নিৰ্বাচনত পৰাজিত হোৱাৰ ভয়তে এইদৰে মনোনয়ন চলি থকা সময়তে শাসকীয় ক্ষমতা প্ৰয়োগ কৰি অন্যায়ভাৱে মনোনয়ন প্ৰক্ৰিয়া বন্ধ কৰিছে (BPF pressmeet) । এই বিষয়ে ন্যায় বিচাৰি আদালতৰ কাষ চপাৰ হুংকাৰ দিয়ে পাৰিষদ জেমচ বসুমতাৰীয়ে ।

তেওঁ লগতে অভিযোগ কৰি কয় যে বিগত সময়ত বিপিএফ দলে বিটিচিত শাসনত থকাৰ সময়ত এনে ধৰণৰ অনিয়ম সংঘটিত কৰা নাছিল । বৰঞ্চ এনে বিষয় সমূহত গুৰুত্ব আৰোপ কৰা নাছিল । ইউপিপিএল দলে শাসনত অহাৰে পৰা সৰু সৰু বিষয় সমূহতো এইধৰণৰ মইমতালি কৰি আছে বুলি অভিযোগ কৰে জেমচ বসুমতাৰীয়ে ।

সংবাদমেলত পাৰিষদ জনে লগতে অভিযোগ কৰি কয় যে বিদ্যালয় পৰিচালনা সমিতি গঠন, বজাৰ সমিতি গঠন, পাৰঘাট তথা এনে ধৰণৰ সৰু সৰু বিষয়তো ইউপিপিএল দলে বিধায়ক, বিটিচিৰ কাৰ্যবাহী সদস্যসকলৰ জৰিয়তে প্ৰত্যক্ষ ভাৱে হস্তক্ষেপ কৰি ৰাইজৰ মাজত বিশৃংখলতাৰ সৃষ্টি কৰিছে । এনে ধৰণৰ অন্যায় মানি ল’ব পৰা নাযায় বুলি সংবাদ মেলত উল্লেখ কৰে পাৰিষদ জেমচ বসুমতাৰীয়ে ।

তেওঁ লগতে কয় যে এটা অভিযোগৰ দোহাই দি আমটেকা সমবায় সমিতিৰ মনোনয়ন বাতিল কৰিছে অন্যায়ভাৱে । অথচ যিটো অভিযোগ দেখুৱাই এই কাম কৰা হৈছে সেই অভিযোগ পত্ৰখনত এজন লোকেই তিনিটাকৈ চহী কৰিছে । লগতে যিসকল লোকৰ নামত অভিযোগ কৰা বুলি দেখুৱাইছে তেওঁলোকেও নাজানে অভিযোগৰ কথা অৰ্থাৎ জাল চহীৰে অভিযোগ দাখিল কৰি মনোনয়ন বাতিল কৰিছে ।

গতিকে এই বিষয়টো আদালতৰ মজিয়ালৈ নিয়াৰ বিষয়ে সংবাদমেলত অৱগত কৰে বিপিএফ দলৰ চিৰাং জিলা সভাপতি তথা নিচিমা সমষ্টীৰ পাৰিষদ জেমচ বসুমতাৰীয়ে । সংবাদমেলত বিপিএফৰ কেন্দ্ৰীয় উপ সভাপতি শুদ্ধদেৱ বসুমতাৰীসহ কেইবাজনো নেতা উপস্থিত থাকে ।

লগতে পঢ়ক : Bhupen Bora criticizes BJP Govt: অসমীয়াৰ আবেগক লৈ বিজেপিয়ে ৰাজনীতি কৰাৰ অভিযোগ ভূপেন বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.