ETV Bharat / state

Bhupen Bora criticizes BJP Govt: অসমীয়াৰ আবেগক লৈ বিজেপিয়ে ৰাজনীতি কৰাৰ অভিযোগ ভূপেন বৰাৰ

author img

By

Published : May 26, 2023, 10:17 PM IST

গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই শুকুৰবাৰে তীব্ৰ সমালোচনা কৰে বিজেপি চৰকাৰক ৷ বিজেপি দলে অসমীয়াক ৰাম ঠগন দিলে বুলি মন্তব্য সভাপতিগৰাকীৰ (Bhupen Bora criticizes BJP Govt) ৷

Bhupen Bora criticizes BJP Govt
Bhupen Bora criticizes BJP Govt
অসমীয়াৰ আবেগক লৈ বিজেপিয়ে ৰাজনীতি কৰাৰ অভিযোগ ভূপেন বৰাৰ

গুৱাহাটী, 26 মে’: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে অসমীয়াৰ আবেগকলৈ ৰাজনীতি কৰি থকাৰ অভিযোগ তুলিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই । শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে, যোৱা 2014 চনৰ আৰম্ভণিতে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহি নৰেন্দ্ৰ মোদীয়ে একেটা বছৰৰ 16 মে' ত অসমৰ পৰা সকলো অবৈধ বাংলাদেশী বিতাড়ন কৰিব বুলি ঘোষণা কৰিছিল । তেতিয়া অসমৰ মানুহ আবেগিক হৈ মোদীক সমৰ্থন কৰিছিল (PM Modi remark on illegal Bangladeshi)।

‘‘কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাত প্ৰতিশ্ৰুতি দি কৈছিল যে, অসম চুক্তি অনুসৰি অসমীয়া লোকক সাংবিধানিক ৰক্ষাকবচ দিয়া হ'ব । বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদন আখৰে আখৰে পালন কৰা হ'ব । আকৌ শ্বাহে কৈছিল যে, অসম চুক্তি ৬ নং দফা আখৰে আখৰে পালন কৰা হ’ব । কিন্তু বিজেপিৰ সাতবছৰীয়া শাসনত এই প্ৰতিশ্ৰুতি পূৰণ নহ'ল ।’’ এইদৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী (APCC president Bhupen Bora criticizes BJP Govt) ৷

তেওঁ লগতে কয়, ‘‘বৃহস্পতিবাৰে গুৱাহাটীলৈ আহি অমিত শ্বাহে ইয়াৰ উত্তৰ নিদিলে । কিন্তু বিজেপি চৰকাৰে অসমবাসীক উত্তৰ দিব লাগিব । বিৰোধী দলে অসম চুক্তিৰ নং দফা কাৰ্যকৰী হোৱাতো বিচাৰে । শিক্ষামন্ত্ৰীয়ে কৈছে বাহিৰৰ মানুহে চাকৰি পাব । ৰাম ৰাম কৰা বিজেপিয়ে অসমীয়াক ৰামঠগন দিলে । ইয়াৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজক দিব লাগিব ৷’’ (Bhupen Bora slams Himanta Biswa Sarma)

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে দিয়া প্ৰতিশ্ৰুতিৰ দুটা ভিডিঅ' সংবাদমেলত প্ৰদৰ্শন কৰি ভূপেন বৰাই কয় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মানুহে কথা পাহৰে বুলি ভাবিলেও অসমৰ মানুহৰ সকলো মনত আছে । ইফালে অসম চৰকাৰে 2021 চনৰ নিৰ্বাচনত এক লাখ নিবনুৱাক গণি গণি চাকৰি দিম বুলি কৰা মন্তব্য সন্দৰ্ভতো চৰকাৰক তীব্ৰ সমালোচনা কৰে ভূপেন বৰাই (Bhupen Bora on Assam govt recruitment) ৷

লগতে পঢ়ক: ADR controversy: নিযুক্তিৰ সংখ্যাক লৈ শাসক বিৰোধীৰ চুপতি; স্বচ্ছ নিকা জাতীয় শব্দ আওঁৰাই শান্তনা লোৱাৰ চেষ্টা বিজেপিৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.