ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Dec 30, 2022, 7:02 PM IST

Updated : Dec 30, 2022, 7:14 PM IST

Top 10 at 7 PM
সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 টা বাতৰি

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 টা বাতৰি

Cabinet Meeting in Delhi: হঠাৎ অসমৰ সকলো মন্ত্ৰীকে দিল্লীলৈ তলৱ হিমন্ত বিশ্ব শৰ্মাৰ

দিল্লীত শনিবাৰে জৰুৰী কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ ৷ সকলো মন্ত্ৰীকে শনিবাৰে দিল্লীত উপস্থিত হোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীগৰাকীৰ(Cabinet Meeting in Delhi) ৷

Road accident in Assam: ঘাতকৰ ৰূপত পথ দুৰ্ঘটনা; 5 বছৰত ৰাজ্যত মৃত্যু 14 সহস্ৰাধিক লোকৰ

ৰাজ্যত অতি উদ্বেগজনকভাৱে বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা ৷ লগতে বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাও ৷ কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰালয়ৰ প্ৰতিবেদনত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য ৷ ৰাজ্যত মানুহ অকাল মৃত্যুৰ অন্যতম কাৰক হিচাপে বিবেচিত হৈছে পথ দুৰ্ঘটনা ৷ বিগত 5 বছৰত ৰাজ্যত সংঘটিত হৈছে 37774 টা পথ দুৰ্ঘটনা ৷

NIA Search Operation : কেৰালাত পিএফআই কৰ্মীৰ বিৰুদ্ধে NIAৰ তালাচী অভিযান

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই বৃহস্পতিবাৰে কেৰালাৰ 56 টা স্থানত পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ (পিএফআই) কাৰ্যালয়ৰ বিষয়া, কেডাৰ আৰু অন্যান্য সদস্যসকলে চলোৱা বেআইনী আৰু হিংসাত্মক কাৰ্যকলাপৰ সৈতে সম্পৰ্কিত এটা গোচৰত তালাচী চলায় (NIA search operation against PFI in Kerala) ।

Hiraben Passes Away : মাতৃ বিয়োগৰ বেদনাৰ মাজতে বন্দে ভাৰত এক্সপ্ৰেছ উদ্বোধন প্ৰধানমন্ত্ৰীৰ

মাতৃৰ মৃত্যুৰ কেইঘণ্টামান পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহমেদাবাদৰ পৰা পশ্চিমবংগত বন্দে ভাৰত এক্সপ্ৰেছ উদ্বোধন কৰে (PM Modi virtually inaugurated Vande Bharat Express) । আনহাতে, পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়ে হাওৰা ষ্টেচনত মঞ্চত উঠিবলৈ অস্বীকাৰ কৰাৰ সময়ত তেওঁক বিচলিত হোৱা যেন লাগিছিল ।

PM Modi mother death: প্ৰধানমন্ত্ৰী মোডীৰ মাতৃৰ বিয়োগত শোকপ্ৰকাশ মমতা বেনাৰ্জীৰ

মাতৃৰ বিয়োগৰ মাত্ৰ কেইঘণ্টামান পাছতে প্ৰধানমন্ত্ৰী মোডীয়ে পশ্চিমবংগৰ বন্দে ভাৰত এক্সপ্ৰেছৰ উদ্বোধনী অনুষ্ঠানত ভাৰ্ছুৱেলী অংশগ্ৰহণ কৰে (PM Modi at Vande Bharat Express launched program)। বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী মোডীৰ মাতৃৰ বিয়োগত শোকপ্ৰকাশ কৰে । বন্দে ভাৰত এক্সপ্ৰেছৰ উদ্বোধনী অনুষ্ঠানত হুলস্থূলীয়া পৰিৱেশ ।

New political party in Kashmir : অনুচ্ছেদ ৩৭০ বাতিলৰ পাছত কাশ্মীৰত ১০ টাকৈ নতুন দল গঠন

২০১৯ চনত অনুচ্ছেদ ৩৭০ বাতিল হোৱাৰ পাছত জম্মু আৰু কাশ্মীৰত ইটোৰ পাছত সিটো ৰাজনৈতিক দল গঠন হোৱা দেখা গৈছে (New political parties after 370 abrogation)। প্ৰাক্তন কংগ্ৰেছ নেতা গুলাম নবী আজাদৰ ডেমক্ৰেটিক প্ৰগ্ৰেছিভ আজাদ পাৰ্টিৰ লগতে প্ৰায় ১০ টা নতুন দল গঠন হৈছে ।

Flax Seeds For Hair: আঁঠুলৈকে বৈ পৰিব আপোনাৰ চুলি, মাত্ৰ ব্যৱহাৰ কৰক ঘৰতে উপলব্ধ এইবিধ সামগ্ৰী

চুলি দীঘল কৰিবৰ বাবে আপুনি তিচি বীজ (Flax Seeds For Hair) ব্যৱহাৰ কৰিব পাৰে । সুস্থ চুলিৰ বাবে তিচিৰ বীজেৰে তৈয়াৰী হেয়াৰ জেল বা হেয়াৰ মাস্ক ব্যৱহাৰ কৰিব পাৰে । জানক ইয়াক ঘৰতে তৈয়াৰ কৰিব পৰা সহজ পদ্ধতি ৷

Relations between Nepal and India : নেপালৰ নতুন প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল, চিন্তা বাঢ়িছে ভাৰতৰ !

পুষ্প কমল দাহাল নেপালৰ প্ৰধানমন্ত্ৰী হোৱাটো ভাৰতৰ বাবে এক বিফলতা নেকি (Pushpa Kamal Dahal becoming PM of Nepal)? চীনে নিজৰ আধিপত্য স্থাপন কৰিবলৈ সক্ষম হৈছে নেকি আৰু ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰক আঁতৰাই ৰাখিবলৈ সক্ষম হৈছে নেকি ? আগন্তুক দিনত ভাৰত আৰু নেপালৰ সম্পৰ্ত আউল লাগিব নেকি ? এই সন্দৰ্ভত এক বিস্তৃত প্ৰতিবেদন ।

Pele passes away: চিৰনিদ্ৰাত দ্য কিং অৱ জগ’ বনিট’

বিংশ শতিকাৰ শ্ৰেষ্ঠ খেলুৱৈ পেলেৰ মৃত্যু (Pele passes away)৷ বৃহস্পতিবাৰৰ নিশা সামাজিক মাধ্যমযোগে এই কথা অৱগত কৰে প্ৰয়াত খেলুৱৈগৰাকীৰ জীয়ৰী কেলী নাচচিমেণ্ট’ ই (kely nascimento instagram) ৷

Tunisha Sharma Death Case: সহ-অভিনেতা শ্বীজান খানৰ বিৰুদ্ধে তুনিষাৰ মাতৃৰ চাঞ্চল্যকৰ অভিযোগ

Tunisha Sharma suicide: তুনিষা শৰ্মাৰ মাতৃ বনীতা শৰ্মাই আদালতত হাজিৰ হোৱাৰ পূৰ্বে অভিযুক্ত শ্বীজান খানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কিছু আচৰিত তথ্য ফাদিল কৰিছে ।

Last Updated :Dec 30, 2022, 7:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.