ETV Bharat / bharat

New political party in Kashmir : অনুচ্ছেদ ৩৭০ বাতিলৰ পাছত কাশ্মীৰত ১০ টাকৈ নতুন দল গঠন

author img

By

Published : Dec 30, 2022, 4:59 PM IST

New political party in Kashmir
৩৭০ বাতিলৰ পাছত কাশ্মীৰত গঠন নতুন ১০ টাকৈ দল

২০১৯ চনত অনুচ্ছেদ ৩৭০ বাতিল হোৱাৰ পাছত জম্মু আৰু কাশ্মীৰত ইটোৰ পাছত সিটো ৰাজনৈতিক দল গঠন হোৱা দেখা গৈছে (New political parties after 370 abrogation)। প্ৰাক্তন কংগ্ৰেছ নেতা গুলাম নবী আজাদৰ ডেমক্ৰেটিক প্ৰগ্ৰেছিভ আজাদ পাৰ্টিৰ লগতে প্ৰায় ১০ টা নতুন দল গঠন হৈছে ।

নেশ্যনেল ডেস্ক,৩০ ডিচেম্বৰ : জম্মু-কাশ্মীৰত অনুচ্ছেদ ৩৭০ বাতিল হোৱাৰ পাছত বহুতো নতুন নতুন ৰাজনৈতিক সংগঠন গঢ় লৈ উঠিছে (New political parties in Kashmir after 2019)। যিবোৰে ৰাজনৈতিক বিশ্লেষক আৰু দশকপুৰণি মূলসুঁতিৰ ৰাজনৈতিক দলসমূহক উদ্বিগ্ন কৰি তুলিছে । যাৰ বাবে সেই দলসমূহক জম্মু আৰু কাশ্মীৰৰ মুছলমান সংখ্যাগৰিষ্ঠ বিধানসভা খণ্ডত ভোট বিভাজন কৰাৰ অভিযোগ উত্থাপন হৈছে ।

২০১৯ চনৰ ৫ আগষ্টৰ পৰা কমেও ১০ টা ৰাজনৈতিক সংগঠন পঞ্জীয়ন কৰা হৈছে, যাৰ ভিতৰত আছে প্ৰাক্তন কংগ্ৰেছ নেতা গুলাম নবী আজাদৰ ডেমক্ৰেটিক প্ৰগ্ৰেছিভ আজাদ পাৰ্টি (Democratic Progressive Azad Party)। অন্যান্য দল তথা সংগঠনবোৰৰ ভিতৰত আছে নেচনেল আৱামী ইউনাইটেড পাৰ্টি, নেচনেল ডেমক্ৰেটিক পাৰ্টি (ইণ্ডিয়ান), অমন ঔৰ শান্তি তেহৰিক-ই-জম্মু-কাশ্মীৰ, ভইচ অফ লেবাৰ পাৰ্টি (জম্মু-কাশ্মীৰ), হক ইনচাফ পাৰ্টি (Haq Insaaf Party), জম্মু আৰু কাশ্মীৰ পিপলছ মুভমেণ্ট, জম্মু আৰু কাশ্মীৰ নেশ্যনেলিষ্ট পিপলছ ফ্ৰণ্ট আৰু জম্মু-কাশ্মীৰ আপনি পাৰ্টি ।

অনুচ্ছেদ ৩৭০ বাতিল হোৱাৰ কেইমাহমান পাছত যেতিয়া চৰকাৰে কেইবাজনো মূলসুঁতিৰ নেতাক কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল তেতিয়া পিডিপিৰ প্ৰাক্তন মন্ত্ৰী আলতাফ বুখাৰীয়ে ২০২০ চনৰ মাৰ্চ মাহত আপনি পাৰ্টি আৰম্ভ কৰিছিল । আনহাতে নেচনেল কনফাৰেন্স আৰু পিডিপিৰ দ্বাৰা গঠন হোৱা আপনি পাৰ্টিক (Jammu and Kashmir Apni Party) বিজেপিৰ "B" দল বুলি চৰ্চা কৰা হৈছে । ইফালে অনুচ্ছেদ ৩৭০ বাতিল হোৱাৰ পাছত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে যদিও এতিয়ালৈকে অনুষ্ঠিত হোৱা নাই ।

পিডিপিৰ মুখপাত্ৰ ৰৌফ ভাটে কয় যে, ভাসমান ৰাজনৈতিক দলবোৰ যিকোনো ব্যক্তিৰ গণতান্ত্ৰিক অধিকাৰ কিন্তু কাশ্মীৰত এনে দলবোৰ প্ৰায় প্ৰতি মাহে গঠন হৈছে । ভাটে লগতে কয় যে এই দলবোৰ জম্মু আৰু কাশ্মীৰত ভোট বিভাজন কৰিবলৈ গঠন হৈছে, বিশেষকৈ মুছলমান সংখ্যাগৰিষ্ঠ বিধানসভা সমষ্টিত বিজেপিৰ ক্ষমতা স্থাপনৰ বাবে এই পদক্ষেপ লোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে ।

অনুচ্ছেদ ৩৭০ বাতিলৰ পাছত জম্মু আৰু কাশ্মীৰ নেচনেলিষ্ট পিপলছ ফ্ৰণ্ট গঠন কৰা শ্বেখ মুজাফাৰে কয় যে, সকলো পুৰণি দলে কাশ্মীৰৰ লোকসকলক ক্ষমতাৰ বাবে প্ৰতাৰণা কৰিছে । তেওঁৰ দলে সামাজিক অন্যায়ত বিশ্বাস কৰে আৰু অঞ্চলটোত ৰাজবংশীয় ৰাজনীতিক পৰাস্ত কৰিব বিচাৰে বুলিও তেওঁ দাবী কৰে ।

আনহাতে আপনি পাৰ্টিৰ সভাপতি আলতাফ বুখাৰীয়ে ইটিভি ভাৰতক কয় যে, নেচনেল কনফাৰেন্স আৰু পিডিপিয়ে ক্ষমতাৰ বাবে জম্মু আৰু কাশ্মীৰৰ লোকসকলক মিছা প্ৰতিশ্ৰুতি দিছে । আপনি পাৰ্টিয়ে কাশ্মীৰৰ লোকসকলক মিছা আৰু প্ৰবঞ্চনাৰ ৰাজনীতিৰ পৰা মুক্ত কৰিব । তেওঁ দাবী কৰা মতে নেচনেল কনফাৰেন্স আৰু পিডিপিয়ে সত্যৰ ওপৰত ভিত্তি কৰি ৰাজনীতি কৰি আছে ।

লগতে পঢ়ক :Relations between Nepal and India : নেপালৰ নতুন প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল, চিন্তা বাঢ়িছে ভাৰতৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.