ETV Bharat / bharat

NIA Search Operation : কেৰালাত পিএফআই কৰ্মীৰ বিৰুদ্ধে NIAৰ তালাচী অভিযান

author img

By

Published : Dec 30, 2022, 5:54 PM IST

পিএফআই কৰ্মীৰ বিৰুদ্ধে NIAৰ তালাচী অভিযান
NIA Search Operation

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই বৃহস্পতিবাৰে কেৰালাৰ 56 টা স্থানত পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ (পিএফআই) কাৰ্যালয়ৰ বিষয়া, কেডাৰ আৰু অন্যান্য সদস্যসকলে চলোৱা বেআইনী আৰু হিংসাত্মক কাৰ্যকলাপৰ সৈতে সম্পৰ্কিত এটা গোচৰত তালাচী চলায় (NIA search operation against PFI in Kerala) ।

নিউজ ডেস্ক, 30 ডিচেম্বৰ : পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ (Popular Front of India, PFI) বিৰুদ্ধে সংহত পদক্ষেপৰ অংশ হিচাপে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (National Investigation Agency, NIA) বৃহস্পতিবাৰে কেইবাজনো পিএফআই কেডাৰৰ বিৰুদ্ধে তালাচী অভিযান চলায় । উক্ত কেডাৰসকলে ছুৰী, খঞ্জৰ, তৰোৱাল আৰু অন্যান্য অস্ত্ৰ ব্যৱহাৰৰ প্ৰশিক্ষণ দিয়াৰ অভিযোগ উঠিছিল । সন্ত্ৰাসবাদবিৰোধী সংস্থাটোৱে নিষিদ্ধ সংগঠনটোৰ বিৰুদ্ধে কেৰালাৰ 56 টা স্থানত তালাচী অভিযান চলায় (NIA search operation against PFI in Kerala) ।

এই সন্দৰ্ভত NIA-ৰ এজন বিষয়াই কয়, "ৰাজ্যিক কাৰ্যকৰী সমিতিৰ সাতজন সদস্য, পিএফআইৰ সাতজন আঞ্চলিক মুৰব্বী, পিএফআইৰ ১৫ জন শাৰীৰিক প্ৰশিক্ষণ প্ৰশিক্ষক, হত্যাৰ দৰে হিংসাত্মক কাৰ্য সংঘটিত কৰিবলৈ চুৰি, খঞ্জৰ, তৰোৱাল আৰু অন্যান্য প্ৰকাৰৰ অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰৰ প্ৰশিক্ষণপ্ৰাপ্ত সাতজন পিএফআই কেডাৰৰ ঘৰত তালাচী চলোৱা হৈছিল ।"

NIA-ই গ্ৰেপ্তাৰ কৰা আন পিএফআই নেতাসকলৰ পৰা পোৱা কেইবাটাও সূত্ৰৰ ভিত্তিত উক্ত তালাচী অভিযান চলাইছিল । "আমি আমাৰ অনুসন্ধান অভিযান অব্যাহত ৰাখিম । আমি বিশ্বাস কৰোঁ যে এতিয়াও কেইবাজনো পিএফআই নেতা আৰু কেডাৰ আছে, যিসকল আইন প্ৰৱৰ্তনকাৰী সংস্থাৰ পৰা পলাতক হৈ আছে ।" বিষয়াজনে লগতে কয় ।

আনহাতে, সংস্থাটোৱে সন্দেহ প্ৰকাশ কৰিছে যে যদিও পিএফআই পাঁচ বছৰৰ বাবে নিষিদ্ধ কৰা হৈছে, সদস্যসকলে ভাৰতৰ নিৰাপত্তাৰ প্ৰতি বিদ্বেষপূৰ্ণ বাহিনীৰ সহায়ত দেশবিৰোধী কাৰ্যকলাপত জড়িত হ'ব পাৰে ।

বিষয়াজনে আৰু কয়, "এই অভিযানসমূহ এই সন্দৰ্ভত চলি থকা গোচৰৰ অংশ আছিল । উক্ত গোটৰ পিএফআই, পিএফআইৰ কাৰ্যালয়, কেডাৰ, সদস্য আৰু সহযোগীসকলৰ দ্বাৰা চলোৱা বেআইনী আৰু হিংসাত্মক কাৰ্যকলাপৰ সৈতে সম্পৰ্কিত । এই গোচৰটো 2022 চনৰ 19 ছেপ্টেম্বৰত চ’-মটো (suo moto case) গোচৰ পঞ্জীয়ন কৰা হৈছিল ।"

‘‘পিএফআইৰ বিৰুদ্ধে অপৰাধী শক্তিৰ ব্যৱহাৰক ন্যায়সংগতত কৰা আৰু দুৰ্বল যুৱক-যুৱতীসকলক সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰিবলৈ উৎসাহিত কৰা"ৰ প্ৰমাণ পোৱা গৈছে ।

ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ 22 ছেপ্টেম্বৰত NIA-ই কেৰালাৰ 24 টা স্থানত তালাচী চলাইছিল । যাৰ ভিতৰত আছে পিএফআইৰ কাৰ্যালয় আৰু 13 জন অভিযুক্তৰ বাসগৃহ । বৃহস্পতিবাৰে তালাচীৰ সময়ত তীক্ষ্ণ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ আৰু জব্দ কৰা হৈছে । লগতে আপত্তিজনক সামগ্ৰী আৰু ডিজিটেল সঁজুলিও জব্দ কৰা হৈছে । আনহাতে, বিষয়াজনে কয়, "গোচৰটোৰ অধিক তদন্ত চলি আছে ।"

লগতে পঢ়ক :Relations between Nepal and India : নেপালৰ নতুন প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল, চিন্তা বাঢ়িছে ভাৰতৰ !

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.