ETV Bharat / state

5 বজাৰ দহটা শীৰ্ষ খবৰ

author img

By

Published : Dec 25, 2022, 5:12 PM IST

top-10-at-5pm
5 বজাৰ দহটা শীৰ্ষ খবৰ

5 বজাৰ দহটা শীৰ্ষ খবৰ

PM Modi 96th edition of Mann Ki Baat : বছৰৰ অন্তিমটো মন কি বাত অনুষ্ঠান প্ৰধানমন্ত্ৰীৰ

৯৬ সংখ্যক মন কি বাত অনুষ্ঠানৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি দেশবাসীক সম্বোধন কৰিলে (PM Modi at Mann Ki Baat)। দেশবাসীক বৰদিনৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে । ২০২২ বৰ্ষটো দেশবাসীৰ বাবে স্মৰণীয় হৈ ৰ'ব । ভাৰতক ২০২৫ চনৰ ভিতৰত যক্ষ্মামুক্ত কৰাৰ প্ৰতিশ্ৰুতি ।

Suicide case in Assam: ৮ মাহত ৰাজ্যত ৭২১ গৰাকী লোকে বাচি ল'লে আত্মহত্যাৰ পথ

ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে মানসিক ৰোগীৰ সংখ্যা (Psychiatric patients increase in Assam)। চলিত বছৰৰ এপ্ৰিলৰ পৰা নৱেম্বৰৰ ভিতৰত মানসিক সমস্যাক লৈ চিকিৎসকৰ কাষ চাপিছে ৩০,৭৩৩ গৰাকী লোকে । বিগত ৮ টা মাহত কামৰূপ জিলাৰ সৰ্বাধিক ৬৮ গৰাকী লোকে আত্মহত্যা কৰিছে । জীৱিকাৰ অভাৱ, সংস্থাপনহীনতা, দাৰিদ্ৰতা, ড্ৰাগছ আসক্তি, বৈবাহিক সমস্যা, প্রেমজনিত সমস্যা, শাৰীৰিক সমস্যা, পৰীক্ষাৰ বিফলতা আদি বিভিন্ন কাৰকৰ বাবে আত্মহননৰ দৰে চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে অনেকে ।

Assam CM Criticises Police: আৰক্ষীয়ে টিভিৰ সন্মুখত নাটক কৰিব নালাগে : মুখ্যমন্ত্ৰী

ৰাজপথত সুৰাপায়ীক আৰক্ষীয়ে ব্ৰেথ এনালাইজাৰেৰে পৰীক্ষা কৰাৰ সময়ত নাটক কৰাৰ সন্দেহ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma)৷ মুখ্যমন্ত্ৰীগৰাকীৰ মতে আৰক্ষীয়ে টিভিৰ সন্মুখত নাটক কৰিব নালাগে ৷ আৰক্ষীয়ে সাংবাদিকক মাতি আনি নাটক কৰে ৷ পূৰ্বতে আৰক্ষীয়ে কৰায়ত্ব কৰিলেই থানালৈ লৈ যায়, কিন্তু এতিয়া সাংবাদিকক মাতি দৃশ্যগ্ৰহণ কৰে বুলি মন্তব্য কৰে ড৹ শৰ্মাই (Himanta Biswa Sarma Criticises police)৷

Anuradha Sharma Pujari : অসম সাহিত্য সভাৰ নিৰ্বাচন প্ৰক্ৰিয়াটো পচন্দ নকৰে অনুৰাধা শৰ্মা পূজাৰীয়ে

অসম সাহিত্য সভাৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত বিতৰ্ক কৰি লাভ নাই ৷ সাহিত্য সভাৰ শাখাসমূহে বিচৰাজনহে জয়ী হয়, ইয়াৰ অৰ্থ অসমৰ ৰাইজে বিচৰা নহয় ৷ শনিবাৰে অসম সাহিত্য সভাৰ নিৰ্বাচনৰ(Asam Sahitya Sabha Election) ফলাফল ঘোষণাৰ পাছত এই মন্তব্য বিশিষ্ট সাংবাদিক তথা লেখিকা অনুৰাধা শৰ্মা পূজাৰীৰ(Author Anuradha Sharma Pujari)৷ বিশিষ্ট উপন্যাসিকাগৰাকীয়ে লগতে কয়, ‘‘মই কিতাপ লিখা মানুহ ৷ মোক কলম আৰু কাগজৰহে প্ৰয়োজন ৷ মোক সভাৰ প্ৰয়োজন হোৱা নাই’’৷

Eminent litterateur Jyotirmoy Jana: অসম সাহিত্য সভাৰ বিৰুদ্ধে ক্ষোভ বিশিষ্ট সাহিত্যিক জ্যোতিৰ্ময় জানাৰ

অসম সাহিত্য সভাৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে বিশিষ্ট সাহিত্যিক ড৹ জ্যোতিৰ্ময় জানাই (Jyotirmoy Jana reaction on Assam Sahitya Sabha election results) । দেওবাৰে সাংবাদিকৰ আগত বিশিষ্ট সাহিত্যিকগৰাকীয়ে কয়,"লবীত নোযোৱাৰ বাবেই সভাপতি হ’ব নোৱাৰিলে য়েছে দৰজে ঠংচি (Yeshe Dorjee Thongchi) । ৰাজনীতিৰ মুক্তাংগনলৈ পৰিৱৰ্তিত হৈছে অসম সাহিত্য সভা । লবীত নোযোৱাৰ বাবেই সভাপতি হ’ব নোৱাৰিলে য়েছে দৰজে ঠংচি । আজীৱন সদস্যৰ কোনো গুৰুত্ব নাই অসম সাহিত্য সভাত ।"

Controversial statement of Pannu: গুৰপতৱন্তৰ শিৰচ্ছেদকাৰীক বিজেপি নেতাই দিব ১০ কোটি

খলিস্তানী সমৰ্থক গুৰপতৱন্ত সিং পান্নুৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য় (Controversial statement against Shivraj Singh Chauhan)। ইয়াৰ পিছতেই পান্নুৰ শিৰচ্ছেদ কৰোতাক ১০ কোটি টকাৰ পুৰস্কাৰ দিব বুলি ঘোষণা কৰিছে চেহোৰৰ বিজেপি নেতাই ।

Chalapathi Rao passed away: দক্ষিণৰ প্ৰবীণ অভিনেতা চালাপথী ৰাওৰ দেহাৱসান

দক্ষিণৰ চলচ্চিত্ৰ উদ্যোগৰ বিখ্যাত অভিনেতা চালাপথী ৰাওৰ (Chalapathi Rao passed away) দেহাৱসান । মৃত্যুৰ সময়ত প্ৰবীণ অভিনেতাগৰাকীৰ বয়স আছিল ৭৮ বছৰ ।

Stone pelting at Indian workers: ভাৰতীয় শ্ৰমিকৰ ওপৰত শিলগুটি নিক্ষেপ নেপালী লোকৰ

মাৰ যোৱা নাই ভাৰত-নেপাল সীমান্তৰ উত্তেজনা ৷ ভাৰত-নেপাল সংযোগী পথৰ বিৰোধিতা কৰি ভাৰতীয় শ্ৰমিকৰ ওপৰত শিলাবৰ্ষণ কৰে নেপালী লোকে (Stone pelting at Indian workers)৷

Bagari chapori in moran: বছৰটোৰ শেষৰটো দেওবাৰত মৰাণৰ বগৰি চাপৰিত বনভোজ দলৰ ভিৰ

আজি বছৰটোৰ শেষৰটো দেওবাৰ ৷ ইফালে আজি খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ বৰদিন । পুৰণিক বিদায় দি নতুনক আদৰাৰ ব্যাপক আনন্দ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহত দেখিবলৈ পোৱা গৈছে সমাগম । সমান্তৰালকৈ ব্যতিক্ৰম নহয় মৰাণৰ দিৰৈ নদীৰ কাষত থকা বগৰি চাপৰি(Picnic spot at Moran) । স্থানীয় কেইজনমান নিবনুৱা যুৱকৰ উদ্যোগত আৰু খুমটাই গাওঁ পঞ্চায়তৰ সহযোগত দিৰৈ নদীৰ কাষত এক সুন্দৰ প্ৰাকৃতিক মনোমোহা পৰিবেশত প্ৰাণ পাই উঠিছে বনভোজস্থলী ।

Tunisha Sharma death case: আত্মহত্যাৰ বাবে উচটনি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ অভিনেতা শ্বীজান খান

শনিবাৰে টিভি অভিনেত্ৰী তুনিষা শৰ্মাই নিজৰ ধাৰাবাহিক ‘আলি বাবা: দস্তান-ই-কাবুল’ৰ চেটত ৰহস্যজনকভাৱে আত্মহত্যা কৰে । ঘটনাৰ পিছতে আৰক্ষীয়ে তুনিষা শৰ্মাৰ সহ অভিনেতা শ্বীজানক এক অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে । এই বিষয়ত অভিনেতাগৰাকীক মাৰাথন জেৰা অব্যাহত ৰাখিছে মহাৰাষ্ট্ৰৰ ৱালিভ আৰক্ষীয়ে । শ্বীজানৰ উপৰিও আৰক্ষীয়ে ধাৰাবাহিকখনৰ সৈতে জড়িত আন অভিনেতাসকলকো জেৰা অব্যাহত ৰাখিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.