ETV Bharat / bharat

Controversial statement of Pannu: গুৰপতৱন্তৰ শিৰচ্ছেদকাৰীক বিজেপি নেতাই দিব ১০ কোটি

author img

By

Published : Dec 25, 2022, 4:54 PM IST

খলিস্তানী সমৰ্থক গুৰপতৱন্ত সিং পান্নুৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য় (Controversial statement against Shivraj Singh Chauhan)। ইয়াৰ পিছতেই পান্নুৰ শিৰচ্ছেদ কৰোতাক ১০ কোটি টকাৰ পুৰস্কাৰ দিব বুলি ঘোষণা কৰিছে চেহোৰৰ বিজেপি নেতাই ।

BJP leader announced 10 Crore reward on  terrorist Pannu
চেহোৰৰ বিজেপি নেতা জছপাল অৰোৰা

নেশ্য়নেল ডেস্ক, ২৫ ডিচেম্বৰ: শিখছ ফ'ৰ জাষ্টিছৰ প্ৰতিষ্ঠাপক গুৰপতৱন্ত সিং পান্নুৱে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ বিৰুদ্ধে কৰা বিতৰ্কিত মন্তব্য়ৰ পিছতেই সৰৱ হৈছে শ্ৰী সিং সঙ্গত শিখ সমাজৰ লগতে চেহোৰৰ বিজেপি নেতা (BJP leader Jaspal Arora) । উল্লেখ্য় যে এক বিবৃতিত পান্নুৱে যিজনে শিৱৰাজ সিং চৌহানৰ ফালে জোতা দলিয়াইছে তেওঁক ২৫,০০০ ডলাৰ পুৰস্কাৰ দিয়া হ'ব বুলি ঘোষণা কৰিছে ।

চেহোৰৰ বিজেপি নেতা তথা জিলা পঞ্চায়তৰ প্ৰাক্তন সভাপতি জছপাল অৰোৰাই কয় যে যিয়ে সন্ত্ৰাসবাদী পান্নুৰ শিৰচ্ছেদ কৰিব তেওঁক ১০ কোটি টকাৰ পুৰস্কাৰ দিয়া হ'ব (Reward on terrorist Gurbat Singh Pannu )। বিজেপি নেতা জছপাল অৰোৰাই এক বিবৃতিত কয় ,"পান্নুৰ দৰে সন্ত্ৰাসবাদী প্ৰকৃততে শিখ হ'ব নোৱাৰে । এই সন্ত্ৰাসবাদীজনক ধৰাত সহায় কৰক । তেওঁক যিকোনো ঠাইত দেখাৰ লগে লগে আৰক্ষীক অৱগত কৰিব । পান্নু এজন সন্ত্ৰাসবাদী আৰু যিয়ে তেওঁক হত্যা কৰিব মই তেওঁক শিখ সঙ্গতৰ হৈ ১০ কোটি টকা দিম ।"

উল্লেখ্য় যে গুৰপতৱন্ত সিং পান্নু এজন খলিস্তানী সমৰ্থক । শিখছ ফ'ৰ জাষ্টিছৰ প্ৰতিষ্ঠাপক পান্নু আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে ইতিমধ্যে পঞ্জাৱ আৰক্ষীয়ে ৰাজদ্ৰোহ আৰু বিচ্ছিন্নতাবাদৰ বাবে গোচৰ ৰুজু কৰিছে (Sikhs for Justice) । গুৰপতৱন্ত সিং পান্নুৰ বিৰুদ্ধে খালিস্তানৰ বিষয়ে প্ৰচাৰ কৰি পাঞ্জাৱীসকলক উচতনি দিয়া আৰু ধৰ্মীয় সম্প্ৰীতি বিঘ্নিত কৰাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপিত হৈছে (BJP leader announced 10 Crore reward on terrorist Pannu)।

ইপিনে, শ্ৰী সিং সঙ্গত শিখ সমাজে চেহোৰত এখন সভা অনুষ্ঠিত কৰি পাকিস্তান আৰু লণ্ডনত থকা খালিস্তানি সন্ত্ৰাসবাদীৰ কাৰ্যকলাপক সমালোচনা কৰে (Shri Singh Sangat Sikh Samaj)। শ্ৰী সিং সঙ্গত শিখ সমাজে কয় যে এনে লোকসকলে খালিস্তানৰ নামত শিখ আৰু পাঞ্জাৱী সমাজক বদনাম কৰিছে । শিখ,পাঞ্জাৱী আৰু হিন্দু সমাজ এক আৰু হিন্দুসকলৰ সুৰক্ষাৰ বাবে গুৰু গোবিন্দ সিঙে শিখ ধৰ্ম প্ৰতিষ্ঠা কৰিছিল (madhya pradesh latest news)। গুৰু গোবিন্দ সিঙৰ পৰিয়ালটোৱে দেশৰ বাবে কাম কৰিছিল । শিখ সমাজে পুনৰ কয় যে শিখৰ সন্তানে শৈশৱৰ পৰা দেশৰ ধৰ্ম আৰু সংস্কৃতিৰ সুৰক্ষাৰ শপত লয় ।

এই সন্দৰ্ভত শ্ৰী সিং শিখ সমাজেও শনিবাৰে এটা প্ৰস্তাৱ গৃহীত কৰিছে (Sehore crime news)। ইয়াৰ পিছতেই অৰোৰাই কয় যে শিখ আৰু হিন্দুসকলক পৃথক কৰিব নোৱাৰি (BJP leader jaspal Aroras statement)। সঙ্গতে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীক দাবী জনাইছে যে এনে উপাদানসমূহক পোনপটীয়াকৈ গুলীয়াই হত্যা কৰাৰ নিৰ্দেশ দিব লাগে । এনে কৰিলে শিখ-পাঞ্জাৱী সমাজৰ অপবাদ বন্ধ কৰিব পৰা যাব বুলি শ্ৰী সিং শিখ সমাজে উল্লেখ কৰে ।

লগতে পঢ়ক:Scorpio hit Tej Pratap Yadav Car: মন্ত্ৰী তেজ প্ৰতাপৰ বাহনত খুন্দা স্ক’ৰপিঅ’ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.