ETV Bharat / entertainment

Chalapathi Rao passed away: দক্ষিণৰ প্ৰবীণ অভিনেতা চালাপথী ৰাওৰ দেহাৱসান

author img

By

Published : Dec 25, 2022, 4:44 PM IST

দক্ষিণৰ চলচ্চিত্ৰ উদ্যোগৰ বিখ্যাত অভিনেতা চালাপথী ৰাওৰ (Chalapathi Rao passed away) দেহাৱসান । মৃত্যুৰ সময়ত প্ৰবীণ অভিনেতাগৰাকীৰ বয়স আছিল ৭৮ বছৰ ।

Veteran actor Chalapathi Rao passed away at 78
দক্ষিণৰ প্ৰবীণ অভিনেতা চালাপথী ৰাওৰ ৭৮ বছৰ বয়সত দেহাৱসান

চিটাৰা ডেস্ক, 25 ডিচেম্বৰ: দক্ষিণৰ চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা চালাপথী ৰাওৰ দেহাৱসান ৷ দেওবাৰে ৭৮ বছৰ বয়সত দেহাৱসান ঘটে অভিনেতাগৰাকীৰ(Veteran actor Chalapathi Rao passed away at 78) । তথ্য অনুসৰি তেওঁৰ হাৰ্ট এটেক হৈছিল(Chalapathi Rao age) । হায়দৰাবাদৰ নিজৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে জেষ্ঠ অভিনেতাগৰাকীয়ে(Chalapathi Rao passes away)। তেওঁৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে চলচ্চিত্ৰ জগতত এক শোকৰ ছাঁ পৰে । মৃত্যুৰ সময়ত তেওঁ পত্নী ইন্দুমতী চলিপথী ৰাও, দুগৰাকী কন্যা আৰু এজন পুত্ৰ এৰি যায়(Chalapathi Rao passed away) । পুত্ৰ ৰবি বাবু এজন পৰিচালক, অভিনেতা আৰু প্ৰযোজক(Chalapathi Rao son actor Ravi Babu)।

উল্লেখ্য যে, চালাপথী ৰাওৰ জন্ম হৈছিল ১৯৪৪ চনৰ ৮ মে'ত অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণ জিলাৰ বালিপাৰৰুত(Rao was from Baliparru Andhra Pradesh)। ৬০০ৰো অধিক ছবিত কাম কৰিছিল জনপ্ৰিয় অভিনেতাগৰাকীয়ে (Chalapathi Rao family)। দুদিন পূৰ্বে প্ৰবীণ অভিনেতা কৈকালা সত্যনাৰায়ণৰ দেহাৱসান ঘটিছিল, এতিয়া চালাপথী ৰাওৰ আকস্মিক মৃত্যুৱে চলচ্চিত্ৰ জগতখনক টলীউড জগতত এক শোকৰ ছাঁ পেলাইছে । শোকত নিমগ্ন চলচ্চিত্ৰ জগতৰ বহু বিখ্যাত ব্যক্তিয়ে তেওঁক শ্ৰদ্ধাঞ্জলি জনাই শোক প্ৰকাশ কৰে(Actor filmmaker and producer Chalapathi Rao)।

তেওঁৰ মৃত্যুৰ খবৰ ওলোৱাৰ পিছত টুইটাৰত শোকৰ ঢৌ উঠে, বহুতে তেওঁক বৰ্তমান প্ৰজন্মৰ ‘উত্তম আৰু সাহসী’ অভিনেতা বুলি অভিহিত কৰে । অনুৰাগীয়ে ছ’চিয়েল মিডিয়াযোগে অভিনেতাগৰাকীৰ ছবিৰ পৰা তেওঁৰ পুৰণি ভিডিঅ’ শ্বেয়াৰ কৰে । লগতে এজন অনুৰাগীয়ে লিখে, “অতীত আৰু বৰ্তমান প্ৰজন্মৰ আটাইতকৈ উন্নত আৰু সাহসী অভিনেতা মিছ ইউ, ওম শান্তি ।” আন এজনে শোক প্ৰকাশ কৰে, “আমি আন এজন মহান অভিনেতাক হেৰুৱালোঁ...” তৃতীয় এজনে লগতে কয় যে টলীউডৰ বাবে এইটো এটা ‘ভয়ংকৰ’ বছৰ(Tollywood latest news)।

প্ৰবীণ অভিনেতা চালাপথী ৰাও এজন সফল অভিনেতা আৰু প্ৰযোজক হিচাপে পৰিচিত আছিল । ১৯৬৬ চনত ‘গুদাচাৰী ১১৬’ ছবিৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে(Chalapathi rao death) । চালাপথী ৰাৱে কলিযুগ কৃষ্ণডু, কদপা ৰেদ্দাম্মা, জগন্নাটকম, পেলান্টে নুৰেল্লা পন্ত, ৰাষ্ট্ৰপতি গাৰী আল্লুডু আদিৰ প্ৰযোজক হিচাপে তেওঁ কাম কৰিছিল ৷ লগতে 2014 চনত বলীউডৰ ছবি কিকত(Kick) অভিনেতা ছলমান খানৰ সৈতে দেখিবলৈ পোৱা গৈছিল চালাপথী ৰাওক (Chalapathi Rao film)।

লগতে পঢ়ক: Tunisha Sharma death case: আত্মহত্যাৰ বাবে উচটনি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ অভিনেতা শ্বীজান খান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.