ETV Bharat / state

টাই আহোমক জনজাতিকৰণ কৰাটো মইও বিচাৰো: যোগেন মহন

author img

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 11:40 AM IST

Jogen Mohon on Tribalization of Tai Ahoms in Sonari
টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় পূৰ্ণাংগ অধিৱেশনৰ লাইখুঁটা স্থাপন

সোণাৰিত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় পূৰ্ণাংগ অধিৱেশনৰ লাইখুঁটা স্থাপন । লাইখুঁটা স্থাপন অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী যোগেন মহন । উক্ত অনুষ্ঠানতে টাই আহোমক জনজাতিকৰণ কৰাৰ প্ৰসংগত মন্তব্য আগবঢ়াই মন্ত্ৰীগৰাকীয়ে(Tribalization of Tai Ahoms)

টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় পূৰ্ণাংগ অধিৱেশনৰ লাইখুঁটা স্থাপন

চৰাইদেউ,২৮ ডিচেম্বৰ: অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা বিষয়টো আজিৰ দিনত হৈ পৰিছে কেৱল মাত্ৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি । কিয়নো প্ৰতিখন চৰকাৰে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও সেই প্ৰতিশ্ৰুতি আজিও কাৰ্যকৰী নহ'ল । শাসনলৈ অহাৰ পূৰ্বে শাসক দল বিজেপিয়ে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও কাৰ্যতঃ সেইয়া কাৰ্যকৰী নকৰিলে ।

লোকসভা নিবাৰ্চনৰ প্ৰাকক্ষণত ৰাজ্যৰ বিভিন্ন প্ৰান্তত টাই আহোমকে ধৰি ছয় জনগোষ্ঠীৰ দল-সংগঠনে জনজাতিকৰণৰ দাবী জনাই অহা সময়ত চৰাইদেউ জিলাৰ সোণাৰিত এইবাৰ ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনেও জনজাতিকৰণৰ দাবী উত্থাপন কৰে । দাবী উত্থাপন কৰি মন্ত্ৰীগৰাকীয়ে কয়, "টাই আহোমক জনজাতিকৰণ কৰাটো মইও বিচাৰো ।"

সোণাৰিত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় পূৰ্ণাংগ অধিৱেশনৰ লাইখুঁটা স্থাপন কৰি এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । সাংবাদিকে জনজাতিকৰণৰ প্ৰসংগক লৈ সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী যোগেন মহনে কয় যে জনজাতিকৰণৰ ক্ষেত্ৰত ইতিমধ্যে মডেলিটী প্ৰস্তুত হৈছে । এই সকলো দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আছে । লগতে তেওঁ কয়, "জনজাতিকৰণ কৰাটো মইও বিচাৰো । কিন্তু জনজাতিকৰণৰ ক্ষেত্ৰত যিখিনি বৈশিষ্ট্য থাকিব লাগে সেইখিনি সকলোৱে বজাই ৰাখিব লাগিব ।"

উল্লেখযোগ্য এইবাৰ সোণাৰিত অনুষ্ঠিত হ'ব সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় পূৰ্ণাংগ অধিৱেশন । স্বৰ্গদেউ চাওলুং চুকাফাৰ সমন্বয়ৰ আদৰ্শৰে অসমীয়া জাতি গঢ়াৰ উদ্দেশ্যৰে সোণাৰিত জানুৱাৰী মাহৰ ৯, ১০ আৰু ১১ তাৰিখে অনুষ্ঠিত হ'ব অধিৱেশনখনি । সোণাৰিত গীতি কবি পাৰ্ৱতী প্ৰসাদ বৰুৱা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'বলগা কেন্দ্ৰীয় অধিৱেশনৰ বুধবাৰে স্থাপন কৰা হয় লাইখুঁটা । লাইখুঁটা স্থাপন অনুষ্ঠানত কেবিনেট মন্ত্ৰী যোগেন মহন,আটাছুৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈৰ লগতে আটাছুৰ বিভিন্ন বিষয়ববীয়া আৰু চৰাইদেউ জিলাৰ ভালেকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক: ১৭ জানুৱাৰীত ৪২ লাখ ৮৫ হাজাৰ লোকক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব: মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.