ETV Bharat / state

১৭ জানুৱাৰীত ৪২ লাখ ৮৫ হাজাৰ লোকক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব: মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

author img

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 8:47 AM IST

Etv BharatRation Card
Etv Bharat১৭ জানুৱাৰীত ৪২ লাখ ৮৫ হাজাৰ লোকক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব: মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

Ration Card :"অহা 17 জানুৱাৰীত 42 লাখ 85 হাজাৰ লোকক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব । কেৱল ডিব্ৰুগড়তে 96 হাজাৰ লোকে ৰেচন কাৰ্ড লাভ কৰিব । ইয়াৰ পাচতে ৰেচন কাৰ্ডৰ পৰা বঞ্চিত সকলক ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিব চৰকাৰে " - মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷

১৭ জানুৱাৰীত ৪২ লাখ ৮৫ হাজাৰ লোকক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব: মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

মৰাণ, 28 ডিচেম্বৰ : চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ সফল ৰূপায়ণ আৰু আঁচনিসমূহৰ বিষয়ে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হৈছে । ইয়াৰ সমান্তৰালকৈ ডিব্ৰুগড় জিলাৰ টেঙাখাতৰ দুটাকৈ পঞ্চায়তত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ অনুষ্ঠানত অংশ ল’লে কেবিনেট মন্ত্ৰী ৰণজিৎ দাসে ৷ টেঙাখাত উন্নয়ন খণ্ডৰ দুলিয়াজান সমষ্টিৰ অন্তৰ্গত তেলপানী বামুণীকুৰীয়া গাঁও পঞ্চায়ত আৰু ধৰীয়া দীঘলীয়া গাওঁ পঞ্চায়তত "বিকশিত ভাৰত সংকল্প যাত্ৰা"ৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷

সংকল্প যাত্ৰা অনুষ্ঠানত কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ লগতে স্থানীয় বিধায়ক তেৰছ গোৱালা উপস্থিত থাকে। তেলপানী আৰু ধৰীয়া-দীঘলীয়া পঞ্চায়তত ৰাইজৰ সৈতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি সমূহৰ ওপৰত মত বিনিময় কৰে কেবিনেট মন্ত্ৰী ৰণজিৎ দাসে ।

লগতে বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকলৰ পৰা আঁচনিসমূহৰ সুফল আৰু কেনেকৈ সুবিধা লাভ কৰিছে তাৰো বুজ লয় মন্ত্ৰীগৰাকীয়ে । এই অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে, অহা 17 জানুৱাৰীত 42 লাখ 85 হাজাৰ লোকক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব । কেৱল ডিব্ৰুগড়তে 96 হাজাৰ লোকে ৰেচন কাৰ্ড লাভ কৰিব । ইয়াৰ পাচতে ৰেচন কাৰ্ডৰ পৰা বঞ্চিত সকলক ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিব চৰকাৰে। বছৰি যি সকলৰ চাৰি লাখতকৈ উপাৰ্জন কম সকলোকে ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব।

লক্ষণীয়ে যে, লোকসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন ৷ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিভিন্ন কাৰ্যসূচীৰে ভোটাৰ ৰাইজৰ ওচৰলৈ যোৱাৰ চেষ্টা চলাইছে শাসক দল বিজেপিয়ে । ইফালে ডিব্ৰুগড় জিলাত আপ অসমেও গাঁৱে গাঁৱে গাঁৱলৈ যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰি আছে ৷

লগতে পঢ়ক: ডিমা হাছাওৰ ১৬ জনকৈ নেতাক দলৰ পৰা বহিষ্কাৰ বিজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.