ETV Bharat / state

পাৰিবাৰিক সংঘাতত নিঃশেষ হ'ল নৱবিবাহিত দম্পতিৰ সপোনৰ ঘৰ

author img

By

Published : Aug 16, 2022, 2:12 PM IST

Sonari Death Case
Sonari Death Case

দ পুখুৰীৰ পানীত পৰা সুৰভিক উদ্ধাৰ কৰিবলৈ কমল দাসেও পানীত জাঁপ দিয়ে যদিও সাঁতুৰিব নজনাৰ ফলত দুয়োৰে পানীত ডুব গৈ মৃত্যু হয় (husband and wife death at Sonari in Charaideo)।

মৰাণ, ১৬ আগষ্ট : চৰাইদেউ জিলাৰ সোণাৰিত নৱবিবাহিত দম্পতীৰ ৰহস্যজনক মৃত্যু (Mysterious death of newly married couple at Sonari) । সোণাৰিৰ সাপেখাতী গৰীয়াছিগা অঞ্চলৰ নৱবিবাহিত দম্পতী কমল দাস আৰু সুৰভী দাসৰ পুখুৰীত পৰি মৃত্যু হয় । জানিব পৰা মতে, স্বামী কমল দাসৰ সৈতে খুলশালীয়েক অৰ্থাৎ নিজৰ ভনীয়েকৰ সৈতে অবৈধ সম্পৰ্ক গঢ়ি উঠাৰ অভিযোগ তুলিছিল পত্নী সুৰভি দাসে ।

নিজৰ ভনীয়েকৰ লগত অবৈধ সম্পৰ্ক ৰখাৰ সন্দেহ কৰিয়ে স্বামীৰ সৈতে তৰ্কত লিপ্ত হৈ সোমবাৰে নিশা সুৰভি দাসে পুখুৰীত জাঁপ দিয়ে (woman suicided suspecting illicit relationship of husband in Charaideu) । আনহাতে, দ পুখুৰীৰ পানীত পৰা সুৰভিক উদ্ধাৰ কৰিবলৈ কমল দাসেও পানীত জাঁপ দিয়ে যদিও সাঁতুৰিব নজনাৰ ফলত দুয়োৰে পানীত ডুব গৈ মৃত্যু হয় (husband and wife death at Sonari in Charaideo)। ইফালে খুলশালীয়েকৰ লগত প্ৰেমৰ সন্দেহ কৰিয়ে এই চৰম সিদ্ধান্ত লোৱা বুলি কমল দাসৰ পিতৃয়ে জানিবলৈ দিছে ।

আনহাতে, আত্মহত্যাৰ পথ বাছি লোৱা সুৰভি দাসৰ মাতৃয়ে ঘটনাস্থলীত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে যোৱা জানুৱাৰী মাহত প্ৰেম বিবাহ হৈছিল সুৰভি দাস আৰু কমল দাসৰ । ইয়াৰ পাছৰ পৰাই স্বামী কমল দাসে বিভিন্ন ধৰণেৰে নিৰ্যাতন চলাই আহিছিল পত্নীক । তাৰেই পৰিণতিত আত্মহত্যাৰ পথ বাছি ল'ব লগা হয় সুৰভিয়ে ।

ইতিমধ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে (Police recovered body) । আৰক্ষীৰ তদন্তৰ পাছতহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব । সমগ্ৰ ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত ।

লগতে পঢ়ক :কলিয়াবৰত তীব্ৰবেগী বাহনে খুন্দিয়ালে টেংকাৰত, থিতাতে নিহত দুজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.