ETV Bharat / state

কলিয়াবৰত তীব্ৰবেগী বাহনে খুন্দিয়ালে টেংকাৰত, থিতাতে নিহত দুজন

author img

By

Published : Aug 15, 2022, 9:45 PM IST

স্বাধীনতা দিৱসৰ হৰ্ষ উল্লাসৰ মাজতে কলিয়াবৰৰ ৰাঙলুত সংঘটিত হ’ল ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident at Kaliabor) ৷ দুৰ্ঘটনাটোত 2 জন লোক থিতাতে নিহত হোৱাৰ লগতে 4 গৰাকী আহত হয় ৷

Road Accident at Kaliabor
ৰাঙলুত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত 2 জন

কলিয়াবৰ, 15 আগষ্ট: সমগ্ৰ দেশৰ লগতে আজি ৰাজ্যৰ সৰ্বত্ৰে উদযাপন কৰা হয় 76 সংখ্যক স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱসৰ হৰ্ষ উল্লাসৰ মাজতে কলিয়াবৰৰ ৰাঙলুত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident at Kaliabor) ৷

কাজিৰঙাৰ পৰা ঢেকীয়াজুলি অভিমুখে গৈ থকা AS 01 8725 নম্বৰৰ ছুইফট ডিজায়াৰ বাহনখনে এখন ৰৈ থকা তেলৰ টেংকাৰত প্ৰচণ্ড জোৰেৰে খুন্দিওৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয় ৷ ফলত গাড়ীখনত থকা 4 গৰাকী আৰোহী আহত হোৱাৰ লগতে আন দুজন থিতাতে নিহত হয় ৷ নিহত লোক দুজন হ’ল চালক ছামচুল হক আৰু আনজন আনছাৰুল হক । ছামচুল হকৰ ঘৰ ঢেকীয়াজুলি আৰু আনছাৰুল হকৰ ঘৰ চিৰাজুলিত বুলি জানিব পৰা গৈছে ৷

ৰাঙলুত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত 2 জন

আনহাতে আহত লোককেইজন হ’ল ইছমাইল হুছেইন, ফলৰউদ্দিন, দিলদাৰ হুছেইন, ইছমাইল আলী আৰু ফৰিদ আলী ৷ ইয়াৰে ফৰিদ আলীয়ে ছুইফট বাহনখনৰ পিছে পিছে বাইকেৰে কাজিৰঙালৈ গৈ আছিল বুলি জানিব পৰা গৈছে ৷ ৰৈ থকা তেলৰ টেংকাৰখনৰ নম্বৰ AS 13 P 5066 ৷

জানিব পৰা মতে আটাইকেইজন যুৱকে স্বাধীনতা দিৱস উপলক্ষে কাজিৰঙালৈ ফুৰিবলৈ আহিছিল ৷ আহত আৰোহীকেইজনক সংকটজনক অৱস্থাত জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ ইফালে ঘটনাস্থলীত বহু পলমকৈ এম্বুলেঞ্চ গৈ পোৱাৰ অভিযোগ উত্থাপন কৰে আহত বন্ধুৱে ৷ সময়মতে ঘটনাস্থলীত এম্বুলেঞ্চ পোৱাহেতেন মৃত্যু হ’বলগীয়া নহ’লহেতেন বুলি মন্তব্য প্ৰকাশ কৰে দুৰ্ভগীয়া বন্ধুৱে ৷

লগতে পঢ়ক: বনৰীয়া হাতীৰ আক্ৰমণত নিহত একেটা পৰিয়ালৰে তিনি গৰাকী লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.