ETV Bharat / state

Presidential Election 2022: মাদলৰ তালে তালে টিংখাং চাহ বাগিচাত বিজয় উৎসৱ পালন

author img

By

Published : Jul 24, 2022, 7:17 AM IST

CELEBRATIONS IN MORAN AFTER DRAUPODI MURMU WINS PRESIDENTIAL ELECTION 2022
মাদলৰ তালে তালে ঝুমুৰ নৃত্য টিংখাং চাহ বাগিচাত

দেশৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ বিজয়ৰ (Draupadi Murmu new president of India) পিছত ৰাজ্যৰ ভিন্ন প্ৰান্তত বিজয় উল্লাস পালন আদিবাসী লোকসকলৰ ৷ একেই পৰিৱেশ টিংখাঙৰ চাহ বাগিচাতো ৷

টিংখাং, 24 জুলাই: টিংখাঙৰ চাহ বাগিচাত উৎসৱমুখৰ পৰিৱেশ । ক'ৰবাত যদি ঝুমুৰ নাচিছে, ক'ৰবাত আকৌ চলিছে মিঠাই বিতৰণ । ভাৰতবৰ্ষৰ দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি তথা প্ৰথমগৰাকী আদিবাসী মহিলা দ্ৰৌপদী মুৰ্মু ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হোৱাৰ পিছৰে পৰাই এনেদৰে অসমৰ ভিন্ন প্ৰান্তত বিজয় উৎসৱ পালন কৰিছে আদিবাসী লোকসকলে (Draupadi Murmu new President of India) ৷

টিংখাঙৰ প্ৰতিখন চাহ বাগিচাৰ জনতাই আতচবাজী জ্বলাই, ঝুমুৰ নৃত্য, গীত গাই আনন্দ প্ৰকাশ কৰা দেখিবলৈ পোৱা যায় (Celebrations on victory of Daupadi Murmu) । সমান্তৰালভাৱে ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰাও সমষ্টিটোত বিজয় উৎসৱ উদযাপন অব্যাহত ৰাখিছে ।

মাদলৰ তালে তালে ঝুমুৰ নৃত্য টিংখাং চাহ বাগিচাত

শনিবাৰে পুৱাৰে পৰাই টিংখাঙৰ ৰাজগড়, লংবৈ, কৰঙণি, আজিজবাগ আদি বিভিন্ন চাহ বাগিচাত দেশৰ প্ৰথম গৰাকী আদিবাসী ৰাষ্ট্ৰপতিৰ বিজয় উপলক্ষে চাহ শ্ৰমিকসকলৰ মাজত মিঠাই বিতৰণ কৰে । শ্ৰমিকসকলেও বাগিচাৰ কাম-কাজৰ মাজতে মিঠাই বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি আনন্দিত হৈ পৰে ।

আনহাতে, ৰাজগড় চাহ বাগিচাত ৰাজগড় গাঁও পঞ্চায়তৰ সভানেত্ৰী সীমা চুতীয়াই মিঠাই বিতৰণ কৰাৰ লগতে কৰঙণি আৰু আজিজবাগ চাহ বাগিচাত শলগুৰি পঞ্চায়তৰ সভানেত্ৰী সীমা চাংমাইয়ে উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি শ্ৰমিকসকলৰ সৈতে মাদলৰ তালে তালে ঝুমুৰ নৃত্য পৰিৱেশন কৰি বিজয় উৎসৱ পালন কৰে ।

লগতে পঢ়ক: Presidential Election 2022: মুৰ্মুৰ বিজয়ত আনন্দ-উল্লাস চাহ বাগিচা অ়ঞ্চলত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.