ETV Bharat / state

AASU Protest: সোণাৰিত বিদ্যুতৰ মাচুল বৃদ্ধি কৰাৰ বিৰুদ্ধে আছুৰ তীব্ৰ প্ৰতিবাদ

author img

By

Published : Feb 1, 2023, 7:54 PM IST

ৰাজ্যবাসীৰ মূৰত মাধমাৰ এপিডিচিএলৰ ৷ পহিলা ফেব্ৰুৱাৰীৰ পৰা প্ৰতি ইউনিত বিদ্যুতত ৫০ পইছা বৃদ্ধি কৰি বিদ্যুতৰ মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ শক্তি বিভাগে (APDCL hiked electricity charges)।
AASU protest at Sonari for Increasing electricity charges
বিদ্যুতৰ মাচুল বৃদ্ধি কৰাৰ বিৰুদ্ধে আছুৰ তীব্ৰ প্ৰতিবাদ

বিদ্যুতৰ মাচুল বৃদ্ধি কৰাৰ বিৰুদ্ধে আছুৰ তীব্ৰ প্ৰতিবাদ

মৰাণ, 1 ফেব্ৰুৱাৰী: ৰাজ্যজুৰি পহিলা ফেব্ৰুৱাৰীৰ পৰা পুনৰ বিদ্যুতৰ মাচুল বৃদ্ধি সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ শক্তি বিভাগে (APDCL hiked electricity charges)। APDCLয়ে প্ৰতি ইউনিত বিদ্যুতত ৫০ পইচাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাচতে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। বুধবাৰে সোণাৰিৰ লাচিত উদ্যানৰ সন্মুখত চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ কৰ্মীয়ে চৰকাৰে বিদুৎ মাচুল বৃদ্ধি কৰাৰ প্ৰতিবাদত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে (AASU protest at Sonari)।

চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ সম্পাদক অনুপ জ্যোতি ভূঞাই ক্ষোভ উজাৰি কয় যে চৰকাৰে জনবিৰোধী যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্ত বাতিল কৰিবই লাগিব। দুটা বছৰ ক'ভিড পৰিস্থিতিয়ে ৰাইজক আৰ্থিকভাৱে জুৰুলা কৰি গৈছে। তেনেস্থলত পুনৰ অত্যধিক সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে ৰাইজক সমস্যাত পেলোৱাৰ সময়ত পুনৰ বিদ্যুতৰ মাচুল বৃদ্ধি কৰিবলৈ লোৱা সিদ্ধান্ত কেতিয়াও মানি লোৱা নহ’ব (AASU protest for Increasing electricity charges)।

অচিৰেই বিদ্যুতৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত বাতিল নকৰিলে তীব্ৰ আন্দোলন কৰাৰ হুংকাৰ প্ৰদান চৰাইদেউ জিলা আছুৰ নেতৃত্বই। উল্লেখযোগ্য যে APDCLৰ ঘাটি বাজেট পুৰণ কৰিবলৈ বিদ্যুতৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ 2022 বৰ্ষত এই বাজেট পুৰণ কৰিবলৈকে চাৰিবাৰকৈ বিদ্যুতৰ মাচুল বৃদ্ধি কৰিছিল বিভাগটোৱে ।

যি সময়ত দেশৰ বিভিন্ন ৰাজ্যত বিদ্যুৎ বিনামূলীয়া কৰিছে তেনে সময়ত অসম চৰকাৰৰ বিদ্যুৎ বিভাগে অভাৱনীয় হাৰত বিদ্যুতৰ মাচুল বৃদ্ধি কৰা সিদ্ধান্তই সমস্যাত পেলাইছে সাধাৰণ ৰাইজক ৷

উল্লেখ্য যে চলিত বৰ্ষত নতুন বছৰৰ প্ৰাকমুহূৰ্তত শক্তি বিভাগে বিদ্যুতৰ মাচুল বৃদ্ধি কৰাৰ ঘোষণা কৰিছিল ৷ ৰাজ্য চৰকাৰৰ অধীনস্থ অসম শক্তি বিতৰক কোম্পানী লিমিটেড চমুকৈ এ পি ডি চি এলে এক জাননী জাৰি কৰি সকলো ধৰণৰ বিদ্যুৎ মাচুল প্রতি ইউনিটত 30 পইচাকৈ বৃদ্ধি কৰিছে (APDCL hikes power tariff)। জানুৱাৰীৰ মাহৰ পৰা গ্রাহকে এই বর্ধিত বিদ্যুৎ মাচুল আদায় দিব লগা হৈছিল ৷ এ পি ডি চি এলে জাননীত উল্লেখ কৰা অনুসৰি ইন্ধন আৰু শক্তি ক্ৰয়ৰ খৰচ বহন কৰিবলৈয়ে মাচুল বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে (APDCL hiked electricity charges) ।

লগতে পঢ়ক: Electricity tariffs hiked: প্ৰতি ইউনিটত 30 পইচাকৈ পুনৰ বৃদ্ধি বিদ্যুৎ মাচুল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.