ETV Bharat / state

Electricity tariffs hiked: প্ৰতি ইউনিটত 30 পইচাকৈ পুনৰ বৃদ্ধি বিদ্যুৎ মাচুল

author img

By

Published : Dec 28, 2022, 2:01 PM IST

আকৌ বৃদ্ধি পালে বিদ্যুৎ মাচুল (Electricity charges hiked in Assam) ৷ নতুন বছৰত নতুন নিৰিখত বিদ্যুৎ মাচুল পৰিশোধ কৰিব লাগিব অসমৰ ৰাইজে ৷ ইতিমধ্যে জাননী যোগে এই কথা অৱগত কৰিছে অসম শক্তি বিতৰক কোম্পানী লিমিটেড চমুকৈ এ পি ডি চি এলে (APDCL hiked electricity charges) ৷ এতিয়াৰ পৰা প্ৰতি ইউনিট বিদ্যুতৰ বাবে 30 পইচাকৈ বেছি ভৰিব ৰাইজে ৷

Electricity tariffs hiked
পুনৰ বৃদ্ধি বিদ্যুৎ মাচুল

গুৱাহাটী, 28 ডিচেম্বৰ: নতুন বছৰৰ প্ৰাকমুহূৰ্তত ৰাজ্যবাসীৰ বাবে চৰকাৰৰ শক্তিবিভাগে কঢ়িয়াই আনিলে দুখৰ খবৰ । সকলোকে আন্ধাৰত ৰাখি অসম শক্তি বিতৰক কোম্পানী লিমিটেড চমুকৈ এপিডিচিএলে বৃদ্ধি কৰিবলৈ ওলাইছে বিদ্যুৎ মাচুল (Electricity tariffs hiked) ৷ নিত্যব্যৱহাৰ্য খাদ্য সামগ্রী, ইন্ধনৰ পিছত এইবাৰ প্রতি ইউনিট বিদ্যুতৰ মাচুল বৃদ্ধিৰ সিদ্ধান্তই সৰ্বসাধাৰণক যেন গেলাত টেঙা চটিয়াইছে ৷

ৰাজ্য চৰকাৰৰ অধীনস্থ অসম শক্তি বিতৰক কোম্পানী লিমিটেড চমুকৈ এ পি ডি চি এলে এক জাননী জাৰি কৰি সকলো ধৰণৰ বিদ্যুৎ মাচুল প্রতি ইউনিটত 30 পইচাকৈ বৃদ্ধি কৰিছে (APDCL hikes power tariff)। অহা জানুৱাৰীৰ মাহৰ পৰা গ্রাহকে এই বর্ধিত বিদ্যুৎ মাচুল আদায় দিব লাগিব ।
স্বাভাৱিকতেই এই বিদ্যুৎ মাচুল বৃদ্ধিয়ে গ্ৰাহকৰ ওপৰত ৰাম টাঙোন সোধাব ।

এ পি ডি চি এলে জাননীত উল্লেখ কৰা অনুসৰি ইন্ধন আৰু শক্তি ক্ৰয়ৰ খৰচ বহন কৰিবলৈয়ে মাচুল বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে (APDCL hiked electricity charges) । ঋণৰ ওপৰত বৰ্তী থকা চৰকাৰখনে সৰ্বসাধাৰণৰ ওপৰত ইটোৰ পাছত সিটো কৰৰ বোজা জাপি দি অব্যাহত ৰাখিছে ৰাজকীয় লাহ-বিলাহ ।

উল্লেখ্য যে, নিয়মীয়া বিদ্যুৎ যোগান ধৰাত ব্যৰ্থ হোৱা শক্তি বিভাগে মাচুল বৃদ্ধিৰে উপভোক্তাক মাধমাৰ শোধোৱাৰ ব্যৱস্থা কৰি আহিছে । আগষ্ট -ছেপ্টেম্বৰ মাহত অস্বাভাৱিকভাৱে উপভোক্তাৰ বিদ্যুতৰ বিল বৃদ্ধি পোৱাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ বিতৰ্কৰ । প্রায় 40-50 শতাংশকৈ বিদ্যুতৰ বিল বৃদ্ধি হোৱাত শক্তি বিভাগৰ বিৰুদ্ধে উত্থাপিত হৈছিল একাধিক অভিযোগ । এনে অভিযোগৰ পাছতে কিছু নৰম হোৱা অসম শক্তি বিতৰণ কোম্পানীয়ে (এ পি ডি চি এল) বিদ্যুতৰ বিল পৰীক্ষা কৰাৰ প্ৰস্তাৱ দিছিল (Electricity charges hiked in Assam)।

এনে প্ৰস্তাৱৰ কাৰ্যকৰীকৰণ সম্পূৰ্ণ নোহোৱাৰ পূৰ্বেই এ পি ডি চি এলে এইবাৰ পুনৰ 30 পইচাকৈ প্ৰতি ইউনিটত বিদ্যুৎ মাচুল বৃদ্ধি কৰিছে । ফুৱেল এণ্ড পাৱাৰ পাৰ্ছেছ প্রাইজ এডজাষ্টমেন্ট (এফ পি পি পি এ) ব্যৱস্থাৰ অধীনত বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । এ পি ডি চি এলৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিগত সময়ছোৱাত বিদ্যুৎ ক্ৰয় আৰু বিভিন্ন শক্তি প্রকল্প চলোৱাৰ ক্ষেত্ৰত বৃদ্ধি হোৱা ব্যয়ৰ জোৰা মাৰিবলৈ এই ব্যৱস্থাৰ অধীনত মাচুল বৃদ্ধি কৰা হৈছে ।

এইখিনিতে উল্লেখ কৰিব লাগিব যে, মাত্ৰ কেইমাহমান পূৰ্বে স্মাৰ্ট সংযোগৰ নামত শক্তিখণ্ডই সংঘটিত কৰিছিল এক টোঘলকী কাণ্ড ৷ এপিডিচিএলে স্থাপন কৰা স্মাৰ্ট মিটাৰে ঢোকে ঢোকে পানী খুৱালে গ্ৰাহকক ৷ কিয়নো বিসংগতিৰ বাবে স্মাৰ্ট মিটাৰত অহা বিল আছিল কমেও চাৰিগুণ অধিক ৷ অৱশ্যে এই সন্দৰ্ভত পাচত তদন্তৰ ঘো৷ষণা কৰা হয় ৷

লগতে পঢ়ক: Indiscriminate assault by husband: সন্তান জন্ম দিব নোৱাৰাৰ বাবেই পত্নীক অকথ্য নিৰ্যাতন পাষাণ স্বামীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.