7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jul 22, 2022, 7:00 PM IST

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

Eastern Dedicated Freight Corridor: কেন্দ্ৰীয় চৰকাৰে EDFC নিৰ্মাণৰ বাবে বিশ্ব বেংকৰ পৰা লৈছে ১২ হাজাৰ কোটিৰ ঋণ

ৰাজ্যসভাত এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ইষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট কৰিডৰ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশ্ব বেংকৰ পৰা লৈছে প্ৰায় ১২০০০ কোটি টকাৰ ঋণ (Railways borrowed over Rs 12000 crores from world bank)। কেৱল গুজৰাটতে ফ্ৰেইট কৰিডৰ সম্পৰ্কীয় কামত ব্যয় হৈছে প্ৰায় ৯০,৭২৩ কোটি টকা ।

68th National Film Awards declared: অজয় ​​দেৱগণ আৰু সূৰ্যাই লাভ কৰে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা

আজি ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা কৰা হয় । নতুন দিল্লীত এখন সংবাদমেলৰ জৰিয়তে ঘোষণা কৰা হয় বিজয়ীৰ তালিকা ।

Supreme Court verdict : ২৪ সপ্তাহৰ অন্তঃসত্ত্বা অবিবাহিত মহিলাক গর্ভপাতৰ অনুমতি

আইন সংশোধনৰ ফলত অবিবাহিত মহিলাসকলে অন্তঃসত্ত্বা হোৱাৰ ২৪ সপ্তাহত গৰ্ভপাত কৰিব পাৰিব । আনহাতে, ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, সূৰ্য কান্ত আৰু এ এছ বোপান্নাৰ দ্বাৰা গঠিত খণ্ড বিচাৰপীঠে মহিলাগৰাকীৰ শাৰীৰিক পৰীক্ষা কৰিবলৈ দুজন চিকিৎসকৰ এখন মেডিকেল বোৰ্ড গঠন কৰিবলৈ এইমছৰ সঞ্চালকক নিৰ্দেশ দিয়ে (AIIMS director to set up medical board) ।

Accident in Arunachal: অৰুণাচলৰ জিৰ’ পইণ্টৰ প্ৰায় দুশ ফুট তলত উদ্ধাৰ নগাঁৱৰ যুৱকৰ মৃতদেহ

অৰুণাচলত আকৌ অঘটন ৷ অৰুণাচলৰ জিৰ’ পইণ্টত সংঘটিত হয় এক ভয়াবহ দুৰ্ঘটনা (Accident in Arunachal) ৷ এই দুৰ্ঘটনাত মৃত্যু হয় নগাঁৱৰ দুই যুৱকৰ (Assam youth body recovered in Arunachal)। মৃত দুই দুৱক ক্ৰমে নগাঁৱৰ বেদান্ত বৰহোলা আৰু কন্দলীৰ নয়ন বসুমতাৰী বুলি জানিব পৰা গৈছে ৷

Presidential polls: কোনো ক্ৰছ ভোটিং হোৱা নাই বুলি মন্তব্য বৈজয়ন্ত পাণ্ডাৰ

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া সাধাৰণ নিৰ্বাচনৰ প্ৰক্ৰিয়াৰ সৈতে একে নহয় । দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিগৰাকী ভোটাৰে নিজৰ বিবেকক সুধি ভোট দিয়ে । এই মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি তথা অসম প্ৰদেশৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডাৰ(BJP Vice president Baijayant Panda) ।

Congress Protest: ছোনিয়া গান্ধীক ইডিৰ চমনৰ বিৰুদ্ধে কোকৰাঝাৰত কংগ্ৰেছৰ প্ৰতিবাদ

কোকৰাঝাৰত কংগ্ৰেছৰ প্ৰতিবাদ (Congress protests in Kokrajhar) । বিজেপি মুৰ্দাবাদ ধ্বনিৰে উত্তাল কোকৰাঝাৰ ৷ কংগ্ৰেছৰ অভিযোগ, আক্ৰোশমুলকভাৱে কণ্ঠৰুদ্ধ কৰাৰ প্ৰচেষ্ঠাত ব্ৰতী হৈছে বিজেপি ।

Road accident in Jonai: বজাৰ কৰিবলৈ গৈ ঘৰলৈ ওভতি আহিল কলেশ্বৰৰ নিঠৰ দেহ

জোনাইত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ঘৰৰ বজাৰ কৰিবলৈ গৈ ঘৰলৈ ওভতি আহিল কলেশ্বৰৰ নিঠৰ দেহ (Road accident in Jonai) ৷

Protest against frequent power cuts: সঘনাই বিদ্যুৎ কৰ্তনৰ প্ৰতিবাদত জোনাইৰ বিদ্যুৎ কাৰ্যালয় ঘেৰাও আছুৰ

প্ৰচণ্ড গৰমে দহিছে ৰাজ্যবাসীক ৷ ব্যতিক্ৰম নহয় জোনাইবাসীও ৷ তাৰ ওপৰতে ভূতৰ ওপৰত দানহ পৰাদি অনিয়মীয়া বিদ্যুৎ যোগানে জ্বলা-কলা দেখুৱাইছে জোনাইবাসীক ৷ বিদ্যুৎ যোগান নিয়মীয়াকৰণ কৰিবলৈ আছুৰ উত্তাল প্ৰতিবাদ (Irregular power supply at jonai) ৷

Guwahati City Bus Service: বন্ধ ৰখা হৈছে মহানগৰীৰ তিনি শতাধিক বাছ

মহানগৰীত নিয়ম উলংঘাকাৰী চিটি বাছৰ বিৰুদ্ধে কঠোৰ স্থিতি পৰিবহণ বিভাগৰ । বহু চিটি বাছক বিহিছে জৰিমনা । ফলত মহানগৰীত দেখা গৈছে চিটি বাছৰ সেৰেঙা চলাচল । পৰিণতিত দুৰ্ভোগৰ সন্মুখীন হৈছে বাছ যাত্ৰীসকল । আজিৰ দিনটোত প্ৰায় ৩০০ ব্যক্তিগত খণ্ডৰ চিটিবাছ বন্ধ কৰি ৰখা হৈছে (Guwahati city bus service closed)।

AASAA Protest in Moran : মইনা নায়কক উন্নত চিকিৎসা প্ৰদানৰ দাবীত আছাৰ প্ৰতিবাদ

ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিছাৰ কলঘৰৰ দুৰ্ঘটনাক লৈ প্ৰতিবাদ অব্যাহত আছে (Lepetkata Tea Garden accident)। দুৰ্ঘটনাত আহত মইনা নায়কক উন্নত চিকিৎসা প্ৰদানৰ দাবীত আছাই মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে । চাহ বাগিছা কৰ্তৃপক্ষৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰো দাবী সংগঠনটোৰ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.