ETV Bharat / entertainment

68th National Film Awards declared: অজয় ​​দেৱগণ আৰু সূৰ্যাই লাভ কৰে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা

author img

By

Published : Jul 22, 2022, 5:16 PM IST

Updated : Jul 22, 2022, 5:31 PM IST

68th National Film Award
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

আজি ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা কৰা হয় । নতুন দিল্লীত এখন সংবাদমেলৰ জৰিয়তে ঘোষণা কৰা হয় বিজয়ীৰ তালিকা ।

চিটাৰা ডেস্ক, 22 জুলাই : আজি ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা কৰা হয় । নতুন দিল্লীত এখন সংবাদমেলৰ জৰিয়তে ঘোষণা কৰা হয় বিজয়ীৰ তালিকা । এইবাৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা যৌথভাৱে লাভ কৰে অজয় ​​দেৱগণ (তনহাজী) আৰু সূৰ্যাই (সূৰাৰাই পোট্ৰু)। আশুতোষ গোৱাৰীকাৰৰ ‘তুলসীদাস’ ছবিখনে লাভ কৰে শ্ৰেষ্ঠ হিন্দী চলচ্চিত্ৰৰ বঁটা । ‘তানহাজী’ক শ্ৰেষ্ঠ জনপ্ৰিয় চলচ্চিত্ৰ আৰু সূৰাৰাই পোট্ৰু (তামিল)য়ে শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰৰ সন্মান লাভ কৰে । অপৰ্ণা বালামুৰালী (সৌৰাৰাই পোট্ৰু)য়ে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে ।

এইবাৰ বঁটা বিভাগৰ কথা ক’বলৈ গ’লে কোনো ছবিয়েই শ্ৰেষ্ঠ সমালোচকৰ বঁটা লাভ কৰা নাই । একে সময়তে ‘১২৩২ কিলোমিটাৰ মৰেংগে টু ৱাহি জাৰ’ৰ বাবে বিশাল ভৰদ্বাজক শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বঁটা প্ৰদান কৰা হৈছে । সামাজিক বিষয়ত শ্ৰেষ্ঠ ছবিৰ বঁটা ‘জাষ্টিচ ডিলেইড বাট ডেলিভাৰেড’ আৰু ‘থ্ৰী চিষ্টাৰছ’ক প্ৰদান কৰা হৈছে ।

Last Updated :Jul 22, 2022, 5:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.