AASAA Protest in Moran : মইনা নায়কক উন্নত চিকিৎসা প্ৰদানৰ দাবীত আছাৰ প্ৰতিবাদ

author img

By

Published : Jul 22, 2022, 5:12 PM IST

AASAA Protest in Moran

ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিছাৰ কলঘৰৰ দুৰ্ঘটনাক লৈ প্ৰতিবাদ অব্যাহত আছে (Lepetkata Tea Garden accident)। দুৰ্ঘটনাত আহত মইনা নায়কক উন্নত চিকিৎসা প্ৰদানৰ দাবীত আছাই মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে । চাহ বাগিছা কৰ্তৃপক্ষৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰো দাবী সংগঠনটোৰ ।

মৰাণ, ২২ জুলাই : শেহতীয়াকৈ ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিছাৰ কলঘৰত সংঘটিত ভয়াৱহ দুৰ্ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে (Dibrugarh tea garden accident)। কেইবাটাও সংগঠনে চাহ বাগিছা কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে । এইবাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই (আছা) বাগিছা কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ।

দুৰ্ঘটনাত আহত মইনা নায়কক উন্নত চিকিৎসা প্ৰদান কৰা, পৰিয়ালক সংস্থাপন আৰু বাগিছা কৰ্তৃপক্ষক উচিত শাস্তি প্ৰদান কৰিবলৈ সংগঠনটোৱে দাবী জনায় । শুকুৰবাৰে বিভিন্ন দাবীৰে মৰাণ ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীও ৰূপায়ণ কৰে সংগঠনটোৱে (AASAA Protest in Moran)। ধৰ্মঘটত আছাৰ নেতৃবৃন্দই মৃত্যুৰ সৈতে যুঁজি থকা মইনা নায়কক অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা এখন অতি পুৰণি এম্বুলেঞ্চৰ জৰিয়তে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাটো নিন্দনীয় আৰু দুৰ্ভাগ্যজনক আখ্যা দিয়ে ৷

মইনা নায়কক উন্নত চিকিৎসা প্ৰদানৰ দাবীত আছাৰ প্ৰতিবাদ

চাহ শ্ৰমিকৰ নিৰাপত্তা আৰু চিকিৎসাৰ নামত চৰকাৰ বা কৰ্তৃপক্ষই শ্ৰমিকৰ জীৱনৰ নিৰাপত্তাক লৈ হেতালি খেলাৰ অভিযোগ কৰে সংগঠনটোৱে । লেপটপকটা বাগিছাৰ ঘটনাই পুনৰবাৰ চৰকাৰ আৰু বাগিছা কৰ্তৃপক্ষৰ দায়িত্বহীনতাৰ প্ৰমাণ দিয়া বুলিও দাবী কৰে সংগঠনটোৱে । শেহতীয়াকৈ সংঘটিত মইনা নায়কৰ বেদনাদায়ক দুৰ্ঘটনা আৰু তাৰ পাছত কৰ্তৃপক্ষ তথা চৰকাৰৰ লেহেমীয়া সঁহাৰিয়ে মাহী আইৰ দৃষ্টিৰে চাহ শ্ৰমিকক চোৱাৰ কথাটো প্ৰমাণিত হৈছে বুলিও জাঙুৰ খাই উঠে সংগঠনটো ৷

উল্লেখ্য যে ১৯ জুলাইত ডিব্ৰুগড় জিলাৰ লক্ষ্মী চাহ কোম্পানীৰ অন্তৰ্গত লেপেটকটা চাহ বাগিছাৰ অস্থায়ী শ্ৰমিক মইনা নায়ক বাগিছাৰ কলঘৰৰ CTC মেচিনত সোমাই মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল । তাৰ পাছতে মইনা নায়কক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ অনা হয় ।

লগতে পঢ়ক :Keshab Mahanta meets Zubin: মইনা নায়ক আৰু জুবিন গাৰ্গৰ খবৰ ল'লে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.