ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Nov 29, 2022, 7:24 PM IST

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

Assam cabinet in Silchar: শিলচৰৰ কেবিনেটত লোৱা হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

গুৱাহাটীত আকৌ নতুন তিনিখন উৰণীয়া সেঁতু নিৰ্মাণ কৰা হ'ব । বৰঝাৰ বিমানবন্দৰৰ টাৰ্মিনেল বিল্ডিঙৰ ওচৰৰ পৰা আজাৰালৈ নতুন পথ নিৰ্মাণ কৰা হ'ব । অহা ৫ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ চৰকাৰে কেইবাখনো জিলাৰ বিকাশৰ বাবে এটা পষেক কাৰ্যসূচী ৰূপায়ণ কৰিব । এনে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় মঙলবাৰে শিলচৰত অনুষ্ঠিত কেবিনেট বৈঠকত(Assam cabinet in Silchar) ৷

Crime in Guwahati: আৰক্ষীৰ অপৰাধ শাখাৰ জালত ম'ষ্ট ৱান্টেড চুপাৰি মাফিয়া

ৰাজ্যত বাৰ্মিজ চুপাৰিৰ চোৰাং সৰবৰাহ (Barmese Supari) । এইবাৰ মহানগৰী আৰক্ষীৰ অপৰাধ শাখাৰ জালত পৰিল ম'ষ্ট ৱান্টেড চুপাৰি মাফিয়া যশবীৰ সিং চাটোৱাল । হাজাৰ কোটিতকৈও অধিক সম্পত্তিৰ গৰাকী চুপাৰি মাফিয়া যশবীৰ ।

Animesh Bhuyan murder case : অনিমেশ ভূঞা হত্যাকাণ্ডৰ এটা বছৰ সম্পূৰ্ণ

আজি অনিমেশ ভূঞাৰ হত্যাকাণ্ডই সম্পূৰ্ণ কৰিলে এটা বছৰ (Animesh Bhuyan murder case completed a year)৷ যোৰহাটৰ মাজমজিয়াত আয়োজন কৰা হয় ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ (Tribute ceremony of Animesh Bhuyan)৷ এই অনুষ্ঠানত উপস্থিত থাকি শোকত ভাগি পৰে অনিমেশৰ বৃদ্ধ পিতৃ-মাতৃ ৷

Demand for job regularisation: চাকৰি নিয়মীয়াকৰণৰ দাবীত বিদ্যুৎ কৰ্মীৰ সংবাদমেল

চাকৰি নিয়মীয়াকৰণৰ দাবীৰে সংবাদমেল সম্বোধন কৰে বিদ্যুৎ কৰ্মীসকলে । APDCL, AEGCL আৰু APGCLত অস্থায়ীভাৱে কাম কৰি থকা প্ৰায় ৫ হাজাৰ কৰ্মীয়ে দাবী তুলিলে চাকৰি নিয়মীয়াকৰণৰ(Demand for regularisation of job) ।

Wild Elephant Terror: বন্যহস্তীৰ উপদ্ৰৱত সোণাৰিৰ কৃষকৰ হাহাকাৰ

ৰাজ্যত প্ৰতিদিনেই বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰৱৰ ঘটনা(Wild elephant menace in Assam) । সোণগুটি চপোৱাৰ সময়তে বন্যহস্তীৰ উপদ্ৰৱত ত্ৰাহি মধুসূদন সুঁঁৱৰিছে কৃষকে । সোণাৰিতো বৃহৎ বন্যহস্তীৰ জাকে সৃষ্টি কৰিছে এক আতংকময় পৰিৱেশৰ(Wild elephant scare at Sonari) ।

Raging in Dibrugarh university: সংবাদ মাধ্যমৰ আগত মুখ নুখুলিবলৈ ভাবুকি ভুক্তভোগীৰ পিতৃক

ৰেগিঙৰ গ্ৰাসত ৰাজ্যৰ অধিকাংশ শিক্ষানুষ্ঠানৰ ছাত্ৰ নিৱাস ৷ ৰেগিঙৰ বলি হৈ কিদৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় এৰিব লগা হৈছিল বিৱৰি ক’লে যোৰহাটৰ এজন ভুক্তভোগী ছাত্রই(Again raging incident in Dibrugarh university) ৷

China Giving Blow to Apple: চীনৰ বাবে ক্ষতিগ্ৰস্ত হৈছে Apple, জানক কিদৰে ?

এইবাৰ চীনৰ Foxconn আৰু Zhengzhou কাৰখানাৰ আইফোন প্ৰ’ মডেলৰ প্ৰডাকশ্যনৰ দুৰ্বল অৱস্থাৰ বাবে কৰ্মচাৰীসকলৰ মাজত অশান্তিৰ সৃষ্টি হৈছে ৷ যাৰ ফলত এপলৰ আইফোন নিৰ্মাণ কোম্পানীত গভীৰ প্ৰভাৱ পৰিছে ।

Old women mysterious death: তৃতীয় মহলাৰ পৰা পৰি বৃদ্ধাৰ ৰহস্যজনক মৃত্যু

গুৱাহাটীৰ ভেটাপাৰাত তিনি মহলাৰ পৰা পৰি এগৰাকী বৃদ্ধাই মৃত্যুক সাৱতি ল'বলগীয়া হৈছে (Old women mysterious death at Basistha)৷ বৃদ্ধা গৰাকীৰ বয়স প্ৰায় ৭৫ বছৰ ৷

Guwahati City Police: মহানগৰীত পৰিকল্পিত অপৰাধ নিয়ন্ত্ৰণত চৰম ব্যৰ্থতা প্ৰদৰ্শন আৰক্ষীৰ

মহানগৰীত পৰিকল্পিত অপৰাধ নিয়ন্ত্ৰণত চৰম ব্যৰ্থতা প্ৰদৰ্শন কৰিছে আৰক্ষীয়ে । যোৱা ছয় বছৰত মহানগৰীত অপৰাধৰ ঘটনা বৃদ্ধি পাইছে । তথ্য মতে ২০১১ চনৰ পৰা ২০১৫ চনলৈ গুৱাহাটী মহানগৰীত মুঠ ১৮,৬৬৬ টা হত্যা, অপহৰণ, ডকাইতি, চুৰি আদি বিভিন্ন অপৰাধৰ ঘটনা সংঘটিত হৈছিল । তাৰ বিপৰীতে ২০১৬ চনৰ পৰা ২০২২ চনৰ এতিয়ালৈকে গুৱাহাটী মহানগৰীত মুঠ ৩১,০০৫ টা হত্যা, অপহৰণ, ডকাইতি, চুৰি আদি বিভিন্ন অপৰাধৰ ঘটনা সংঘটিত হৈছে (Crime statistics in Guwahati)।

Ragging in AMCH: AMCH ত ৰেগিংকাণ্ড: বহিষ্কাৰ হ’ল দুই ছাত্ৰ

পুনৰ ৰেগিংকাণ্ডই জোকাৰি গৈছে ডিব্ৰুগড় চহৰ (Ragging in Dibrugarh) ৷ ঐতিহ্যমণ্ডিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাচত এইবাৰ অসম মেডিকেল কলেজ হাস্পতালত (AMCH) সংঘটিত হৈছে ভয়ংকৰ ৰেগিংকাণ্ড (Ragging in AMCH) । যাৰ ফলত AMCH ৰ এন্টি ৰেগিং চেলে 6 মাহৰ বাবে বহিষ্কাৰ কৰে দুই ছাত্ৰক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.