ETV Bharat / state

Ragging in AMCH: AMCH ত ৰেগিংকাণ্ড: বহিষ্কাৰ হ’ল দুই ছাত্ৰ

author img

By

Published : Nov 29, 2022, 5:02 PM IST

Ragging in AMCH
: AMCH ত ৰেগিং কাণ্ড; বহিষ্কৃত হ’ল দুই ছাত্ৰ

পুনৰ ৰেগিংকাণ্ডই জোকাৰি গৈছে ডিব্ৰুগড় চহৰ (Ragging in Dibrugarh) ৷ ঐতিহ্যমণ্ডিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাচত এইবাৰ অসম মেডিকেল কলেজ হাস্পতালত (AMCH) সংঘটিত হৈছে ভয়ংকৰ ৰেগিংকাণ্ড (Ragging in AMCH) । যাৰ ফলত AMCH ৰ এন্টি ৰেগিং চেলে 6 মাহৰ বাবে বহিষ্কাৰ কৰে দুই ছাত্ৰক ৷

ডিব্ৰুগড়, 29 নৱেম্বৰ : ডিব্ৰুগড়ত আকৌ ৰেগিংকাণ্ড (Ragging in Dibrugarh) ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাচত পোহৰলৈ আহিল অসম মেডিকেল কলেজ হাস্পতালত (AMCH) সংঘটিত হোৱা ভয়ংকৰ ৰেগিংকাণ্ড (Ragging in AMCH) । 20 নৱেম্বৰত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত হৈছিল এই ৰেগিংকাণ্ড ৷

AMCH ত ৰেগিংকাণ্ড: বহিষ্কাৰ হ’ল দুই ছাত্ৰ

এই তথ্য পোহৰলৈ অহাৰ পাচতেই মহাবিদ্যালয় কৰ্তৃপক্ষই বহিষ্কাৰ কৰিছিল AMCH ৰ দুজন ছাত্ৰক । 6 মাহৰ বাবে চিকিৎসা মহাবিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা হৈছে দুই ছাত্ৰক । বহিষ্কৃত দুই ছাত্ৰ হ’ল অস্থি ৰোগ বিভাগৰ ছাত্ৰ ডাঃ চয়ন মুখাৰ্জী আৰু ডাঃ ছাকেট চাৰফ । মঙলবাৰে সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে ৷

Ragging in AMCH
: AMCH ত ৰেগিং কাণ্ড; বহিষ্কৃত হ’ল দুই ছাত্ৰ

লগতে তেওঁ কয় যে, 20 নৱেম্বৰ দিনা চিকিৎসা মহাবিদ্যালয়ৰখনৰ চাহিদ হুছেইন নামৰ এজন ছাত্ৰৰ জ্যেষ্ঠ ভাতৃয়ে চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত জ্যেষ্ঠ ছাত্ৰই কনিষ্ঠ ছাত্ৰক ৰেগিং কৰা বুলি অভিযোগ দাখিল কৰিছিল ৷ সেই অভিযোগৰ ভিত্তিতেই চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষ তথা এন্টি ৰেগিং চেলে আৰম্ভ কৰে তদন্ত ৷ এই তদন্তৰ অন্ততত 21 নৱেম্বৰ তাৰিখে চিকিৎসা মহাবিদ্যালয়ৰ এন্টি ৰেগিং চেলে দুজন ছাত্ৰক 6 মাহৰ বাবে বহিষ্কাৰ কৰে ৷

লগতে পঢ়ক : Ragging in Dibrugarh University: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত জড়িত তিনিটাক আটক; পলাতক ৰাহুল ছেত্ৰী

কেৱল চিকিৎসা মহাবিদ্যালয়ৰ পৰাই নহয়, মহাবিদ্যালয়ৰ ছাত্ৰাবাসৰ পৰাও অনিৰ্দিষ্ট কাললৈ বহিষ্কাৰ কৰে দুই ছাত্ৰক । 20 নৱেম্বৰৰ দিনা পুৱতি নিশালৈকে চাহিদ হুছেইন নামৰ ছাত্ৰজনক জ্যেষ্ঠ ছাত্ৰই বিভিন্ন ধৰণৰ কাম কৰিবলৈ বাধ্য কৰাইছিল ৷ যাৰ ফলত মানসিকভাৱে ভাগি পৰিছিল চাহিদ হুছেইন ৷ 20 নৱেম্বৰত চাহিদ হুছেইনৰ জ্যেষ্ঠ ভাতৃয়ে AMCH ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিলৈ দাখিল কৰা অভিযোগত এই কথা উল্লেখ কৰে ৷

এই ঘটনাৰ পাচতে মানসিকভাৱে ভাগি পৰে ভুক্তভোগী ছাত্ৰ চাহিদ হুছেইন ৷ অৱশ্যে পূৰ্বৰ তুলনাত বৰ্তমান সুস্থ চাহিদ হুছেইন ৷ তেওঁ নিজৰ বিভাগত সুচাৰুৰূপে কাম কৰি আছে ৷ এই কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰে মহাবিদ্যালয়ত অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে ।

লগতে পঢ়ক : Ragging in DU : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ১৮ জন ছাত্ৰক বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.