Demand for job regularisation: চাকৰি নিয়মীয়াকৰণৰ দাবীত বিদ্যুৎ কৰ্মীৰ সংবাদমেল

author img

By

Published : Nov 29, 2022, 7:03 PM IST

Demand for regularisation of jobs of temporary employees

চাকৰি নিয়মীয়াকৰণৰ দাবীৰে সংবাদমেল সম্বোধন কৰে বিদ্যুৎ কৰ্মীসকলে । APDCL, AEGCL আৰু APGCLত অস্থায়ীভাৱে কাম কৰি থকা প্ৰায় ৫ হাজাৰ কৰ্মীয়ে দাবী তুলিলে চাকৰি নিয়মীয়াকৰণৰ(Demand for regularisation of job) ।

বৰপেটা,২৯ নৱেম্বৰ: ৰাজ্যৰ শক্তি খণ্ডৰ সৈতে জড়িত তিনিওটা কোম্পানী ক্রমে APDCL, AEGCL আৰু APGCLত প্ৰায় ৫ হাজাৰ কৰ্মচাৰীয়ে অস্থায়ীভাৱে কাম কৰি আছে ৷ কিন্তু ৰাজ্য চৰকাৰৰ শক্তি বিভাগে অস্থায়ী কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়াকৰণৰ বাবে আজিলৈকো গ্ৰহণ কৰা নাই কোনো তৎপৰতা ৷ আনকি ৰাজ্যৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছাৰ সৈতে হোৱা আলোচনাৰ সময়তো অস্থায়ী বিদ্যুৎ কৰ্মীৰ চাকৰি নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷

চাকৰি নিয়মীয়াকৰণৰ দাবীত বিদ্যুৎ কৰ্মীৰ সংবাদমেল

পিছে অস্থায়ী ভিত্তিত কৰ্মৰত কৰ্মচাৰীসকলৰ চাকৰি স্থায়ীকৰণৰ পৰিৱৰ্তে খালী পদ সমুহত নতুনকৈ নিয়োগৰ বাবেহে ৰাজ্য চৰকাৰ আগবাঢ়িছে ৷ শক্তিখণ্ডত অস্থায়ী ভিত্তিত কৰ্মৰত কৰ্মচাৰীসকলৰ চাকৰি স্থায়ীকৰণৰ পৰিৱৰ্তে নতুনকৈ খালী পদ পূৰণক লৈ শক্তিখণ্ডত কৰ্মৰত অস্থায়ী কৰ্মচাৰী সকলৰ যৌথ মঞ্চ আছাম ষ্টেট আউটচ'ৰ্ছ পাৱাৰ ৱৰ্কাচ ইউনিয়নে মঙলবাৰে বৰপেটাত এখন সংবাদমেল সম্বোধন কৰে(Demand for regularisation of job) । সংবাদমেলযোগে চৰকাৰ তথা শক্তি বিভাগক অতিশীঘ্ৰে চাকৰি নিয়মীয়াকৰণৰ দাবী জনায়(Demand for regularisation of jobs of temporary employees) ৷ অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ লগতে বিজুলী ভৱন ঘেৰাও কৰাৰ হুংকাৰ দিয়ে আছাম ষ্টেট আউটচ'ৰ্ছ পাৱাৰ ৱৰ্কাচ ইউনিয়নে ৷

লগতে পঢ়ক: Wild Elephant Terror: বন্যহস্তীৰ উপদ্ৰৱত সোণাৰিৰ কৃষকৰ হাহাকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.