ETV Bharat / state

Guwahati City Police: মহানগৰীত পৰিকল্পিত অপৰাধ নিয়ন্ত্ৰণত চৰম ব্যৰ্থতা প্ৰদৰ্শন আৰক্ষীৰ

author img

By

Published : Nov 29, 2022, 4:25 PM IST

Guwahati City Police
অপৰাধ নিয়ন্ত্ৰণত চৰম ব্যৰ্থতা প্ৰদৰ্শন আৰক্ষীৰ

মহানগৰীত পৰিকল্পিত অপৰাধ নিয়ন্ত্ৰণত চৰম ব্যৰ্থতা প্ৰদৰ্শন কৰিছে আৰক্ষীয়ে । যোৱা ছয় বছৰত মহানগৰীত অপৰাধৰ ঘটনা বৃদ্ধি পাইছে । তথ্য মতে ২০১১ চনৰ পৰা ২০১৫ চনলৈ গুৱাহাটী মহানগৰীত মুঠ ১৮,৬৬৬ টা হত্যা, অপহৰণ, ডকাইতি, চুৰি আদি বিভিন্ন অপৰাধৰ ঘটনা সংঘটিত হৈছিল । তাৰ বিপৰীতে ২০১৬ চনৰ পৰা ২০২২ চনৰ এতিয়ালৈকে গুৱাহাটী মহানগৰীত মুঠ ৩১,০০৫ টা হত্যা, অপহৰণ, ডকাইতি, চুৰি আদি বিভিন্ন অপৰাধৰ ঘটনা সংঘটিত হৈছে (Crime statistics in Guwahati)।

গুৱাহাটী, 29 নৱেম্বৰ : গুৱাহাটী মহানগৰত অপৰাধ বৃদ্ধি হৈছে । হত্যা, অপহৰণ, ডকাইতি, চুৰি, মহিলাৰ চেইন টনা আৰু মৃতদেহ উদ্ধাৰৰ ঘটনা বৃদ্ধি হোৱাত ৰাইজ নিৰাপত্তাহীনতাত ভুগিছে । সঘনাই গুৱাহাটীত অপৰাধমূলক ঘটনা সংঘটিত হৈ থকাৰ পাছতো আৰক্ষীয়ে অপৰাধ নিয়ন্ত্ৰণ কৰিব পৰা নাই ।

ইপিনে মহানগৰীত পৰিকল্পিত অপৰাধ নিয়ন্ত্ৰণত চৰম ব্যৰ্থতা প্ৰদৰ্শন আৰক্ষীৰ (Guwahati city police)। আনকি মহানগৰৰ পাঞ্জাবাৰীৰ পূৰৱী ডেইৰীৰ সন্মুখত ২১ নৱেম্বৰত দিন-দুপৰতে অচিনাক্ত বন্দুকধাৰীয়ে ৰঞ্জিত বৰা নামৰ এজন ব্যৱসায়ীক গুলীয়াই হত্যা কৰিছিল (Purabi Dairy employee murder)। সেইদিনাই আৰক্ষীয়ে সদৰী কৰিছিল হত্যাকাৰীক চিনাক্ত কৰা হৈছে । কিন্তু মঙলবাৰে ঘটনাৰ আঠদিন অতিক্ৰম কৰিছে যদিও বাতৰি লিখাৰ পৰলৈকে মূল অপৰাধীক আৰক্ষীয়ে কৰায়ত্ব কৰিব পৰা নাই । অপৰাধীক কৰায়ত্ব কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে আৰক্ষী ।

অসম আৰক্ষীৰ তথ্য মতে যোৱা ছয় বছৰত মহানগৰীত অপৰাধৰ ঘটনা বৃদ্ধি পাইছে । তথ্য মতে ২০১১ চনৰ পৰা ২০১৫ চনলৈ গুৱাহাটী মহানগৰীত মুঠ ১৮,৬৬৬ টা হত্যা, অপহৰণ, ডকাইতি, চুৰি আদি বিভিন্ন অপৰাধৰ ঘটনা সংঘটিত হৈছিল । তাৰ বিপৰীতে ২০১৬ চনৰ পৰা ২০২২ চনলৈ এতিয়ালৈকে গুৱাহাটী মহানগৰীত মুঠ ৩১,০০৫ টা হত্যা, অপহৰণ, ডকাইতি, চুৰি আদি বিভিন্ন অপৰাধৰ ঘটনা সংঘটিত হৈছে । ইয়াৰে ভিতৰত ২০১৬ চনৰ পৰা ২০২২ চনলৈ ৩৬৪৮ টা অপহৰণৰ ঘটনা সংঘটিত হৈছে (Crime statistics in Guwahati)।

আনহাতে হত্যাৰ ঘটনা সংঘটিত হৈছে ৪২৫ টা । মহানগৰীত অপৰাধ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত যোৱা‌ সোমবাৰে গৃহ বিভাগৰ বিষয়া, আৰক্ষীৰ শীৰ্ষ বিষয়া আৰু মহানগৰ আৰক্ষীৰ বিষয়াৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । আইন-শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণ, অপৰাধীক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ হোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসন্তুষ্ট হোৱা বুলি জানিব পৰা গৈছে (CM Himanta Biswa Sarma)।

আৰক্ষীৰ ব্যৰ্থতাত মুখ্যমন্ত্ৰীৰ অসন্তুষ্টিৰ পাচতেই আৰক্ষী অপৰাধ নিয়ন্ত্ৰণৰ বাবে তৎপৰ হৈ সোমবাৰে এই বৈঠক অনুষ্ঠিত কৰিছিল । উল্লেখ্য যে গৃহ বিভাগৰ শীৰ্ষ বিষয়া আৰু আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান জি পি সিঙৰ(SGDP GP Singh) উপস্থিতিত গুৱাহাটীৰ আৰক্ষী আয়ুক্তই বৈঠক অনুষ্ঠিত হৈছিল । বৈঠকত মহানগৰৰ সকলো থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, এ চি পি, ডি চি পি আদি সকলো উপস্থিত আছিল ।

কেইবা ঘণ্টাজোৰা বৈঠকৰ অন্তত গুৱাহাটীত অপৰাধ নিয়ন্ত্ৰণৰ বাবে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে । ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰপৰা মহানগৰ আৰক্ষীৰ সকলো আৰক্ষী বিষয়াক গৃহ বিভাগৰ বিষয়া আৰু জি পি সিঙে অপৰাধ নিয়ন্ত্ৰণৰ বাবে সকলো পৰ্যায়ত ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিছে । আৰক্ষীৰ ব্যৰ্থতাক সহজভাৱে লোৱা নহ'ব বুলি বৈঠকত অৱগত কৰা হৈছে ।

আনহাতে, বৈঠকৰ অন্তত জি পি সিঙে কয়- ‘‘ৰাইজৰ নিৰাপত্তাত অধিক গুৰুত্ব দিয়া হৈছে । সকলো অপৰাধ কেনেদৰে নিয়ন্ত্ৰণ কৰিব পৰা যায়, সেই সম্পর্কত আলোচনা কৰা হৈছে । ৰঞ্জিত বৰাৰ হত্যাকাৰীকো ধৰা হ’ব’’ । জি পি সিঙে কয় যে অপৰাধ নিয়ন্ত্ৰণৰ বাবে ৰোডমেপ নতুনকৈ প্ৰস্তুত কৰা হৈছে । মহানগৰৰ প্ৰৱেশ আৰু প্ৰস্থান পথত অত্যাধুনিক চি চি টিভি স্থাপন কৰা হ'ব(CCTV Camera in Guwahati city)৷ যাতে অপৰাধীক ধৰাত সহজ হয় ।

সিঙে কয় যে ডকাইতি, বিভিন্ন অপৰাধ নিয়ন্ত্ৰণৰ বাবে মহানগৰ আৰক্ষীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব । কাৰণ, ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰাটো আৰক্ষীৰ প্ৰাথমিক দায়িত্ব । লক্ষণীয়ভাৱে অপৰাধ নিয়ন্ত্ৰণৰ বাবে মহানগৰ আৰক্ষীয়ে অত্যাধুনিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়িছে । কিন্তু বিত্তীয় সংকট বাঢ়িছে বাবে আৰক্ষীৰ আধুনিকীকৰণত সমস্যা হৈছে ।

কেন্দ্ৰই যোৱা বছৰৰ তুলনাত আৰক্ষীৰ আধুনিকীকৰণৰ ১৫ কোটি টকা কৰ্তন কৰিছে (Funds for the modernization of the Assam Police)। কেইবাখনো জিলাত টহলৰ বাবে পেট্ৰ’ল-ডিজেলৰ অভাৱ হৈছে । এনে বিত্তীয় সংকটৰ মাজত আৰক্ষীয়ে অত্যাধুনিক ব্যৱস্থাৰে কেনেদৰে অপৰাধ নিয়ন্ত্ৰণত সফল হয় মনকৰিবলগীয়া হ'ব । ইফালে, ৰাজ্যৰ বিভিন্ন জিলাত পুনৰ অপৰাধী অধিক সক্ৰিয় হৈ এটাৰ পাছত এটা অপৰাধ কৰি যোৱাত ৰাজ্যৰ গৃহ বিভাগ সতর্ক হৈছে ।

গৃহ বিভাগৰ নিৰ্দেশত ২৭ শীর্ষ নৱেম্বৰত আৰক্ষী অধীক্ষকসকলক আৰক্ষীয়ে ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে কিছু পৰামর্শ দিয়ে । আৰক্ষী অধীক্ষক সকলকো অপৰাধ নিয়ন্ত্ৰণৰ বাবে শীর্ষ আৰক্ষীয়ে কঠোৰ ব্যৱস্থা বলৱৎ কৰিবলৈ নিৰ্দেশ দিছে ।

লগতে পঢ়ক : Violence in live in relationships: এবছৰত দিল্লীত ৰুজু সহবাসৰ সৈতে জড়িত 560 টা হিংসাৰ গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.