ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jul 6, 2022, 3:02 PM IST

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

Controversy in football: চিয়েৰা প্ৰিমিয়াৰ লীগৰ দুখন মেচত ১৮৭ টা গ'ল

চিয়েৰা লিয়ন ফুটবল এছ'চিয়েশ্যনে (Sierra Leone Football Association) দুখন খেলৰ ফলাফল সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত । চিয়েৰা লিয়ন ফুটবল এছ'চিয়েশ্যনে সদৰি কৰা অনুসৰি দেওবাৰে প্ৰিমিয়াৰ লীগৰ দ্বিতীয় স্তৰৰ দুখন যোগ্যতা অৰ্জনকাৰী খেলত গ'ল হৈছিল ১৮৭ টা ।

নৃশংস ! পথাৰতে স্বামীয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে পত্নীক

পথাৰত থকা স্বামীক পানী দিবলৈ যোৱা দেৰি হোৱাৰ বাবেই স্বামীয়ে পথাৰতে মৰিয়াই মৰিয়াই হত্যা কৰিলে পত্নীক (Husband killed wife) ৷

কৰিমগঞ্জত 50 লাখ টকাৰ কফ চিৰাপ জব্দ

ৰিমগঞ্জৰ চূড়াইবাড়ি আৰক্ষীয়ে বুধবাৰে অভিযান চলাই প্ৰায় 8 হেজাৰ তিনিশ বটল কফ চিৰাপ জব্দ কৰে(Cough syrup seized in Karimganj) । সৰবৰাহকাৰী দলটোৱে RJ 09 GD 3391 নম্বৰৰ এখন ইলেকট্ৰিক তাঁৰ ভৰ্তি ট্ৰাকৰ ভিতৰত 26 টা বস্তাত লুকুৱাই আনিছিল কফ চিৰাপৰ বটলখিনি ৷

অসমৰ পৰা ATM চুৰি কৰি নিয়া ৪ চোৰক হাৰিয়ানাত গ্ৰেপ্তাৰ: ২৯ লাখ টকাও উদ্ধাৰ

হাৰিয়ানা আৰক্ষীৰ বৃহৎ সফলতা । অসমৰ ৰঙিয়াৰ পৰা এটিএম চুৰি কৰি লৈ যোৱা ৪ টা চোৰক পালৱাল CIAয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (ATM thief arrested in Palwal)। চোৰকেইটাৰ পৰা প্ৰায় ২৯ লাখ টকাৰ লগতে পিষ্টলো উদ্ধাৰ কৰিছে আৰক্ষীয়ে ।

ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ডিব্ৰুগড়ৰ এগৰাকী চাহ শ্ৰমিক খেলুৱৈ

11 South Asian Ashihara karate Championship 2022ত উজলিল ডিব্ৰুগড়ৰ এগৰাকী চাহ শ্ৰমিক খেলুৱৈ ৷ চাহ বাগিচাত পুৱাৰ পৰা বিয়লিলৈ কামৰ অন্তত এখন বোকাময় পথাৰত অনুশীলন কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখনত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় এইগৰাকী খেলুৱৈয়ে ৷

বাক্সাত বজ্ৰ পৰি এজনৰ মৃত্যু

বাক্সা জিলাত অঘটন (One death in Baksa) ৷ বাক্সাত বজ্ৰ পৰি মৃত্যু হয় এজনৰ (One death in Baksa fall of thunderbolt)৷ বাক্সা জিলাৰ বৰমাৰ খাৰুৱাজান গাঁৱত বুধবাৰে বজ্ৰ পৰি থিতাতে মৃত্যুৰ মুখত পৰে সন্তোষ ৰামছিয়াৰী (35)নামৰ লোকজন ৷ প্ৰতিদিনৰ দৰেই আজি পুৱাও পথাৰলৈ কাম কৰিবলৈ গৈছিল সন্তোষ ৷

ICC World Test Championship: তিনি নম্বৰৰ পৰা চাৰি নম্বৰ স্থানলৈ অৱনমন ভাৰতৰ

আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ হিচাবত খেলিমেলি লাগিল ভাৰতৰ (India drop in ICC World Test Championship points table) । পইণ্ট তালিকাত অৱনমন ঘটিছে ভাৰতৰ স্থান । তৃতীয় স্থানৰ পৰা চাৰি নম্বৰলৈ অৱনমন ঘটিল ভাৰতৰ (India's position come down from third to four) ।

বায়ুসেনাৰ ইষ্টাৰ্ণ এয়াৰ কামাণ্ডাৰৰ বায়ুসেনাৰ ঘাটি পৰিদৰ্শন

উজনি অসমৰ অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তত থকা বিভিন্ন বায়ুসেনাৰ ঘাটিসমূহৰ বিষয়ে বুজ লোৱাৰ বাবে উপস্থিত হোৱা ডি কে পাটনায়কে মোহনবাৰী ঘাটিত যুদ্ধকালীন প্ৰস্তুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে । এক বৈঠকত বায়ুসেনাই প্ৰস্তুত কৰা বিভিন্ন অস্ত্ৰ-শস্ত্ৰ আৰু ইয়াৰ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰে (Air Force discussed various weapons produced and use) ।

Khwaja Sayyad Chishti Murder: নাছিকত চুফী বাবাক গুলীয়াই হত্যা দুৰ্বৃত্তৰ

আফগানিস্তানৰ বাসিন্দা চুফী বাবা খ্যাত মুছলমান সম্প্ৰদায়ৰ ধৰ্মীয় নেতা খাজা চৈয়দ চিষ্টিক মঙলবাৰে নাছিক জিলাৰ ইয়োলাত চাৰি দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে (Muslim spiritual guru shot dead)৷

পুনৰ আৰম্ভ হ’ল অমৰনাথ যাত্ৰা

পুনৰ আৰম্ভ হ’ল অমৰনাথ যাত্ৰা (Amarnath Yatra resumes after improvement in weather) ৷ বুধবাৰে জম্মুৰ সংমণ্ডল আয়ুক্তই (Divisional Commissioner Jammu) টুইটাৰযোগে বতৰ বেয়া হোৱাৰ বাবে সাময়িকভাৱে জম্মুত স্থগিত ৰখা পথ পুনৰ খুলি দিয়া হৈছে বুলি জনায় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.