ETV Bharat / state

বায়ুসেনাৰ ইষ্টাৰ্ণ এয়াৰ কামাণ্ডাৰৰ বায়ুসেনাৰ ঘাটি পৰিদৰ্শন

author img

By

Published : Jul 6, 2022, 12:43 PM IST

উজনি অসমৰ অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তত থকা বিভিন্ন বায়ুসেনাৰ ঘাটিসমূহৰ বিষয়ে বুজ লোৱাৰ বাবে উপস্থিত হোৱা ডি কে পাটনায়কে মোহনবাৰী ঘাটিত যুদ্ধকালীন প্ৰস্তুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে । এক বৈঠকত বায়ুসেনাই প্ৰস্তুত কৰা বিভিন্ন অস্ত্ৰ-শস্ত্ৰ আৰু ইয়াৰ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰে (Air Force discussed various weapons produced and use) ।

a
a

তেজপুৰ,৬ জুলাই : ভাৰতীয় বায়ুসেনাৰ ইষ্টাৰ্ণ এয়াৰ কামাণ্ডাৰ কামাণ্ডিং-ইন-চীফ এয়াৰ মাৰ্চেল ডি কে পাটনায়ক দুদিনীয়া ভ্ৰমণসূচীৰে ডিব্ৰুগড়ৰ মোহনবাৰী বায়ুসেনাৰ ঘাটিত উপস্থিত হৈছে (Indian Air Force Eastern Air Commander arrived at Mohanbari) । বায়ুসেনাৰ ইষ্টাৰ্ণ কামাণ্ডাৰগৰাকীক মোহনবাৰী বায়ুসেনাৰ এয়াৰ কমোডৰ গ্ৰুপ কেপ্টেইন যাদৱেন্দ্ৰ কুমাৰে আদৰণি জনায় ।

উনি অসমৰ অৰুণাচল সীমান্তৰ বায়ুসেনাৰ ঘাটি
উজনি অসমৰ অৰুণাচল সীমান্তৰ বায়ুসেনাৰ ঘাটি

উজনি অসমৰ অৰুণাচল প্ৰদেশৰ পূব প্ৰান্তত থকা বিভিন্ন বায়ুসেনাৰ ঘাটিসমূহৰ বিষয়ে বুজ লোৱাৰ বাবে উপস্থিত হোৱা পাটনায়কে মোহনবাৰী ঘাটিত যুদ্ধকালীন প্ৰস্তুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে । এক বৈঠকত বায়ুসেনাই প্ৰস্তুত কৰা বিভিন্ন অস্ত্ৰ-শস্ত্ৰ আৰু ইয়াৰ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰে (Air Force discussed various weapons produced and use) । লগতে কাৰিকৰী দিশসমূহৰ লগত জড়িত বায়ুসেনাৰ বিষয়াসকলৰ লগত পৰ্যালোচনা কৰে ।

এয়াৰ মাৰ্চেল ডি কে পাটনায়কৰ বিষয়াসকলৰ সৈতে আলোচনা
এয়াৰ মাৰ্চেল ডি কে পাটনায়কৰ বিষয়াসকলৰ সৈতে আলোচনা

এয়াৰ মাৰ্চেল পাটনায়কে তিনিচুকীয়াৰ ডিনজান বায়ুসেনাৰ ঘাটিতও পৰিদৰ্শন কৰে (Air Marshal Patnaik visited Dinjan Air Force base) । বায়ুসেনাৰ সীমান্ত এলেকাত থকা এডভান্স লেণ্ডিং গ্ৰাউণ্ডসমূহৰ কাৰিকৰী দিশৰ মূল কেন্দ্ৰ ডিনজান আৰু অত্যাধুনিক ৰাডাৰ সংযুক্ত এই ঘাটিও এয়াৰ মাৰ্চালগৰাকীয়ে পৰিদৰ্শন কৰে । আনহাতে, এয়াৰমাৰ্চাল পাটনায়কে পূব অৰুণাচল প্ৰদেশৰ ৱালং আৰু বিজয়নগৰ এডভান্স লেণ্ডিং গ্ৰাউণ্ড পৰিদৰ্শন কৰে । আঞ্জাও আৰু মেচুকাত অৱস্থিত এই দুয়োখন এডভান্স লেণ্ডিং গ্ৰাউণ্ড ভাৰত-চীন সীমান্তৱৰ্তী এলেকাত অৱস্থিত ।

এয়াৰ মাৰ্চেল ডি কে পাটনায়কৰ বিষয়াসকলৰ সৈতে আলোচনা
এয়াৰ মাৰ্চেল ডি কে পাটনায়কৰ বিষয়াসকলৰ সৈতে আলোচনা

ৱালং হৈছে ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ এক ঐতিহাসিক সাক্ষী (Wallong is historical witness to 1962 Indo-China war) । এই এডভান্স লেণ্ডিং গ্ৰাউণ্ড দুখন ৱালং নদীৰ পাৰত পাহাৰৰ নামনিত অৱস্থিত । আনহাতে, মেচুকা এডভান্স লেণ্ডিং গ্ৰাউণ্ড 2021 চনত বায়ুসেনাৰ বৃহৎ বিমান C7 গ্লোভ মাষ্টাৰ লেণ্ড কৰাৰ পিছত অৰুণাচল প্ৰদেশৰ যাত্ৰীৰ বাবে হেলিকপ্টাৰ ছাৰ্ভিচ আৰম্ভ কৰা হয় । কাৰণ এই অঞ্চলত যোগাযোগ ব্যৱস্থা একেবাৰে কঠিন । এয়াৰ মাৰ্চাল পাটনায়কে তেওঁৰ এক ভাষণ প্ৰসংগত বায়ুসেনাৰ বিষয়াসকলক যুঁজাৰু বিমান উৰুওৱাৰ ক্ষেত্ৰত মনোবল আৰু একাগ্রতা স্থিৰ কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক :মণিপুৰৰ ভূমিস্খলনত সন্ধানহীন লেঃ কৰ্ণেল কে. ডি. পাণ্ডেৰ মৃতদেহ উদ্ধাৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.