ETV Bharat / city

মণিপুৰৰ ভূমিস্খলনত সন্ধানহীন লেঃ কৰ্ণেল কে. ডি. পাণ্ডেৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Jul 5, 2022, 10:46 PM IST

টুপুল ভূমিস্খলনত নিহতৰ সংখ্য প্ৰায় 38 হৈছে গৈ জন লোকৰ মৃতদেহ উদ্ধাৰ (Death troll in Manipur landslide)৷ মঙলবাৰে ১৫ জন নিৰুদ্দিষ্টৰ সন্ধানত অভিযান ৷ প্ৰতিকূল বতৰৰ বাবে অভিযানত অসুবিধাৰ সৃষ্টি ।

Army officer body recovered from Landslide areas of  Manipur
Army officer body recovered from Landslide areas of Manipur

তেজপুৰ, 5 জুলাই : মণিপুৰৰ টুপুলত হোৱা ভূমিস্খলনৰ পৰা ২৮ জন টেৰীট’ৰিয়েল সেনাৰ জোৱানৰ নশ্বৰ দেহ উদ্ধাৰ কৰা হৈছে (Death troll in Manipur landslide) ৷ মঙলবাৰে টেৰীট’ৰিয়েল সেনাৰ বিষয়া লেঃ কৰ্ণেল কে. ডি পাণ্ডেৰ মৃতদেহ উদ্ধাৰ । সামৰিক বাহিনীৰ মৰ্যদাৰে ইম্ফলৰ বাগদুগুৰা বিমানবন্দৰ পৰা নতুন দিল্লীলৈ ভাৰতীয় বায়ুসেনাৰ বিমানৰে প্ৰেৰণ কৰা হয় সেনা বিষয়াজনৰ মৃতদেহ (Manipur landslide army death)।

ইফালে ১৫ জন অন্য লোকৰ মৃতদেহো বৰ্তমানলৈকে লৈকে উদ্ধাৰ কৰা হয় (Manipur landslide updates)। প্ৰতিকূল বতৰ আৰু পুনৰ ভূমিস্খলনৰ বাবে উদ্ধাৰ অভিযানত প্ৰচণ্ড বাধাৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে ৷ 18 জন লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে ৷

পূৰ্বে উদ্ধাৰ হোৱা সেনা জোৱান সকলক ভাৰতীয় বায়ুসেনাৰ বিমানেৰে আৰু হেলিকপ্টাৰৰে সম্পূৰ্ণ সেনাৰ মৰ্যদাৰে তেওঁলোকৰ গৃহ ভূমিলৈ পঠোৱা হয় । ভাৰতীয় সেনাৰ জি অ’ চি ৰেড শ্বিল্ড ডিভিছন, আই জি, এই জি এন আৰ দলে মণিপুৰৰ টুপুল ৰেলৱে ষ্টেচনৰ সমীপত ভয়াৱহ ভূমিস্খলনত প্ৰাণ হেৰুওৱা কৰ্ণেল পাণ্ডেক সামৰিক মৰ্যদাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

মুঠ ৮০ জন লোকৰ ভিতৰত ৪৩ গৰাকী সেনা, ২৩ গৰাকী শ্ৰমিক, ৫ জন স্থানীয় লোক আৰু ৪ গৰাকী ৰেলৱে বিষয়া আছিল ৷ ইয়াৰ ভিতৰত ভাৰতী Infrastructural Pvt Ltd ৰ বিষয়া ৩ জন, ভেংকট সিং কনষ্ট্ৰাকচনত কৰ্মৰত শ্ৰমিক আছিল ২৩ গৰাকী, এজন ড্ৰাইভাৰ আৰু এজন কাৰিকৰী বিশেষজ্ঞ । এন ডি আৰ এফ, এছ ডি আৰ এফ, সেনাৰ এটা নতুন গোটে মঙলবাৰে ভূমিস্খলনত দুজন সেনা আৰু আন ১৩ জনৰ সন্ধানত অভিযান আৰম্ভ কৰে ৷ কিন্তু কেৱল সেনা বিষয়াৰ মৃতদেহহে উদ্ধাৰ কৰা হয় । এতিয়াও সন্ধানহীন ব্যক্তিৰ সন্ধানৰ বাবে উদ্ধাৰ অভিযান অব্যাহত আছে ৷

লগতে পঢ়ক : অৰুণাচল প্ৰদেশত শেহতীয়া ভূমিস্খলনত 17 জন লোকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.