ETV Bharat / city

ICC World Test Championship: তিনি নম্বৰৰ পৰা চাৰি নম্বৰ স্থানলৈ অৱনমন ভাৰতৰ

author img

By

Published : Jul 6, 2022, 1:30 PM IST

আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ হিচাবত খেলিমেলি লাগিল ভাৰতৰ (India drop in ICC World Test Championship points table) । পইণ্ট তালিকাত অৱনমন ঘটিছে ভাৰতৰ স্থান । তৃতীয় স্থানৰ পৰা চাৰি নম্বৰলৈ অৱনমন ঘটিল ভাৰতৰ (India's position come down from third to four) ।

icc
icc

স্পৰ্টছ ডেস্ক, ৬ জুলাই : আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ হিচাবত খেলিমেলি লাগিল ভাৰতৰ (India drop in ICC World Test Championship points table) । পইণ্ট তালিকাত অৱনমন ঘটিছে ভাৰতৰ স্থান । তৃতীয় স্থানৰ পৰা চাৰি নম্বৰলৈ অৱনমন ঘটিল ভাৰতৰ স্থান (India's position come down from third to four) । ইংলেণ্ডৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাত মন্থৰ অভাৰ ৰেটৰ বাবে কৰ্তন হ'ল দুই পইণ্ট । যাৰ ফলত এটা স্থানৰ পৰা অৱনমন ঘটে ভাৰতৰ স্থান । লগে লগে তিনি নম্বৰ স্থানলৈ উত্তৰণ ঘটে পাকিস্তানৰ ।

ইংলেণ্ডৰ বিৰুদ্ধে এজবাষ্টন টেষ্টত মন্থৰ অভাৰ ৰেটৰ বাবে দুই পইণ্ট কটা যায় ভাৰতীয় দলৰ (India cut two points in Edsbastone Test) । তাৰ পিছত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ভাৰতৰ সংগ্রহ ৫২.০৮ শতাংশ পইণ্ট (India's total World Test Championship point 52.08 percentage) । আনহাতে, পাকিস্তানৰ পইণ্ট হৈছে ৫২.৩৮ শতাংশ । যাৰ বাবেই ভাৰত এটা স্থান তললৈ নামি যায় । লগতে যশপ্রীত বুমৰাহঁতৰ মেচ ফিও ৪০ শতাংশ কৰ্তন কৰা হয় । ইয়াৰ পূৰ্বে নটিংহাম আৰু ছেঞ্চুৰিয়ানতো মন্থৰ অভাৰ ৰেটৰ বাবে পইণ্ট হৈছিল ভাৰতৰ । এই পর্যন্ত কৰ্তন হৈছে মুঠ পাঁচ পইণ্ট ।

উল্লেখ্য, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে ভাৰতৰ এতিয়ালৈকে আৰু ছয়খন টেষ্ট বাকী আছে । ইয়াৰে ভিতৰত ঘৰৰ মাটিত চাৰিখন টেষ্ট আছে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে । আনহাতে, বাংলাদেশৰ বিৰুদ্ধে আছে দুখন টেষ্ট । কিন্তু গুৰুত্বপূৰ্ণ কথাটো হৈছে, উক্ত ছয়খন মেচত জয়লাভ কৰিলেও ফাইনেলত প্ৰৱেশৰ বাবে ভাৰতে অন্য দেশবোৰৰ প্ৰদৰ্শনৰ দিশে অপেক্ষা কৰিব লাগিব । এই মেচকেইখনৰ পিছত ভাৰতে পাব পাৰে ৬৮.০৫ শতাংশ পইণ্ট ।

বাকী দেশবোৰৰ প্ৰতি দৃষ্টি দিলে এই মুহূর্তত অষ্ট্ৰেলিয়াই ৭৭.৭৮ শতাংশ পইণ্টেৰে প্ৰথম স্থানত আছে (Australia finished first with 77.78 percentage points) । আনহাতে, ৭১.৪৩ শতাংশ পইণ্টেৰে দক্ষিণ আফ্রিকা আছে দ্বিতায় স্থানত । অষ্ট্ৰেলিয়াৰ এতিয়াও ১০খন মেচ খেলিবলৈ বাকী আছে । ইয়াৰে ভিতৰত শ্রীলঙ্কাৰ বিৰুদ্ধে এখন, ভাৰতৰ বিৰুদ্ধে চাৰিখন, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুখন আৰু দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে তিনিখন মেচ খেলিবলৈ আছে অষ্ট্ৰেলিয়াৰ । একেদৰে দ্বিতীয় স্থানত থকা দক্ষিণ আফ্রিকাৰ ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনিখনকৈ আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুখন মুঠ আঠখন মেচ খেলিবলৈ বাকী আছে ।

আনহাতে, সাতখন টেষ্ট মেচ খেলি পাকিস্তানৰ সংগ্রহ হৈছে ৫২.৩৮ শতাংশ পইণ্ট । বাবৰ আজম বাহিনীৰ এতিয়ালৈ খেলিবলৈ বাকী আছে আৰু সাতখন মেচ । তাৰে ভিতৰত শ্রীলঙ্কাত গৈ দুখন মেচৰ টেষ্ট শৃংখলা খেলিব । ইয়াৰ উপৰি ঘৰৰ মাটিত ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন আৰু নিউজীলেণ্ডৰ বিৰুদ্ধে দুখন টেষ্ট খেলিব পাকিস্তানে ।

লগতে পঢ়ক :Edgbaston Test racism : বৰ্ণবাদৰ বলি ভাৰতীয় অনুৰাগী, আৰম্ভ হৈছে তদন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.