ETV Bharat / sports

Edgbaston Test racism : বৰ্ণবাদৰ বলি ভাৰতীয় অনুৰাগী, আৰম্ভ হৈছে তদন্ত

author img

By

Published : Jul 5, 2022, 6:02 PM IST

সোমবাৰে ভাৰত আৰু ইংলেণ্ডৰ মাজল চলি থকা টেষ্টৰ মাজতে ভাৰতীয় একাংশ দৰ্শক বৰ্ণবাদৰ বলি হয় (Indian fans are victims of racism during Ind vs Eng test)। টুইটযোগে আন দৰ্শকসকলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগীয়ে । ইয়াৰ পাছতে ইংলেণ্ড ক্ৰিকেট ব'ৰ্ড সষ্টম হৈ উঠিছে । সমগ্ৰ ঘটনা তদন্ত আৰম্ভ হৈছে ।

India
বৰ্ণবাদৰ বলি ভাৰতীয় অনুৰাগী

স্পৰ্টছ ডেস্ক,৫ জুলাই : ক্ৰিকেট আৰু বৰ্ণবাদৰ মাজক এক বিশেষ সম্পৰ্ক আছে । পূৰ্বৰে পৰা বৰ্ণবাদ বিষয়টো ক্ৰিকেটৰ সৈতে সাঙোৰ খাই আহিছে । ক্ৰিকেটত বৰ্ণবাদৰ কোনো স্থান নাই যদিও বৰ্ণবাদক লৈ বিভিন্ন ধৰণৰ বিতৰ্কৰ সৃষ্টি হৈ আহিছে । এইবাৰ ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা টেষ্ট শৃংখলাৰ মাজতে বৰ্ণবাদৰ বিষয়টোক লৈ পুনৰ বিতৰ্কৰ আৰম্ভ হৈছে ।

এজবাষ্টনত ভাৰত আৰু ইংলেণ্ডৰ মাজত পুনৰ নিৰ্ধাৰিত পঞ্চম টেষ্টৰ চতুৰ্থ দিনটোত একাংশ ভাৰতীয় অনুৰাগী বৰ্ণবাদী উৎপীড়নৰ বলী হোৱাৰ এক অভিযোগ উত্থাপন হৈছে (Racist abuse aimed at Indian fans during test)। সোমবাৰে নিশা চতুৰ্থ দিনৰ খেলৰ সময়ত আন অনুৰাগীসকলৰ বৰ্ণবাদী আচৰণ সম্পৰ্কে কেইবাজনো ভাৰতীয় অনুৰাগীয়ে টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰিছে (Indian fans victims of racism at Edgbaston)। ইফালে পূৰ্বে বৰ্ণবৈষম্যৰ এক ঘটনাত নাম সাঙোৰ খাই পৰা ইংলেণ্ডৰ ক্ৰিকেটাৰ আজিম ৰফিকেও টুইটযোগে সমগ্ৰ ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰে । ইয়াৰ পাছতে বিভাগীয় কৰ্তৃপক্ষই সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে লোৱা দেখা গৈছে ।

ইংলেণ্ড ক্ৰিকেট ক্লাৱ (ECB) আৰু ৱাৰউইকছায়াৰ কাউণ্টি ক্ৰিকেট ক্লাবেও উল্লেখ কৰা মতে ইতিমধ্যে এই ঘটনাৰ তদন্ত আৰম্ভ হৈছে । এজবাষ্টন অফিচিয়েল টুইটাৰ একাউণ্টে ক্ৰিকেটাৰ ৰফিকৰ টুইটৰ সঁহাৰি দি কয় যে তেওঁলোক সমগ্ৰ বিষয়টোক লৈ দুঃখিত আৰু এই ধৰণৰ আচৰণক ক্ষমা কৰা নহ'ব বুলিও তেওঁলোকে প্ৰকাশ কৰে । তেওঁলোকে উল্লেখ কৰা মতে যিমান সম্ভৱ সোনকালে ইয়াৰ অনুসন্ধান কৰা হ'ব । এজবাষ্টনৰ মুখ্য কাৰ্যবাহী ষ্টুৱাৰ্ট কেইনে কয় যে এই খবৰবোৰ অতি হতাশাজনক ।

ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব'ৰ্ডেও কয় যে তেওঁলোক এই বিষয়ে শুনি বৰ চিন্তিত হৈছে । আনহাতে এজবাষ্টনৰ সহকৰ্মীসকলৰ সৈতে তেওঁলোকে যোগাযোগত আছে । ক্ৰিকেটত বৰ্ণবাদৰ কোনো স্থান নাই বুলিও ECBয়ে টুইট কৰে ।

লগতে পঢ়ক :লাৰাৰ বিশ্ব অভিলেখ ভংগ কৰিলে বুমৰাহে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.