ETV Bharat / state

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে বৰাকৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱে

author img

By

Published : Nov 9, 2019, 5:01 AM IST

Updated : Nov 9, 2019, 11:37 AM IST

"বৰাকৰ উন্নয়নৰ কামত দুৰ্নীতি চলিছে আৰু চৰকাৰে প্ৰদান কৰা অৰ্থ সঠিকভাৱে বিনিয়োগ নকৰি আত্মস্যাৎ কৰা হৈছে":হিমন্ত বিশ্ব শৰ্মা

হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য লৈ সুস্মিতা দেৱৰ প্ৰতিক্ৰিয়া

শিলচৰ, 9 নৱেম্বৰ: বৰাক সন্দৰ্ভত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক প্ৰত্যাখ্যান শিলচৰৰ প্ৰাক্তন সাংসদ তথা সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱৰ ৷ "বৰাকৰ উন্নয়নৰ কামত দুৰ্নীতি চলিছে আৰু চৰকাৰে প্ৰদান কৰা অৰ্থ সঠিকভাৱে বিনিয়োগ নকৰি আত্মস্যাৎ কৰা হৈছে" বুলি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক প্ৰত্যাখ্যান কৰি প্ৰাক্তন সাংসদগৰাকীয়ে কয় "বৰাকৰ লগত ব্লেকমেইলিং কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ ডিব্ৰুগড়,শিৱসাগৰ,তিনিচুকীয়া বা আন ঠাইৰ ঠিকাদাৰ ইঞ্জিনিয়াৰৰ পৰা কমিচন লোৱা নহয় কিন্তু বৰাকৰ সকলো কামৰ বাবে ঠিকাদাৰ, ইঞ্জিনিয়াৰ সকলক গুৱাহাটীত কমিচন দিব লাগে। এয়া কোনো নতুন কথা নহয়। বৰাকৰ কামত দুৰ্নীতি চলিছে এই কথা কোৱাৰ আগতে কিয় আৰু কাৰ বাবে দুৰ্নীতি চলিছে সেই বিষয়েও আমি জানো বুলি মন্তব্য কৰে প্ৰাক্তন সাংসদগৰাকীয়ে ৷

শিলচৰৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱ

লগতে চাওকঃ কেৱল দূৰ্নীতিৰ বাবেই উন্নয়ন হোৱা নাই বৰাক উপত্যকাত- মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Intro:হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য লৈ সুস্মিতাৰ প্ৰতীক্ৰিয়া
বিমাত্ৰী সুলভ আচৰণ কৰিথকে গৌহাটীৰ কৰ্মকৰ্ত্ত সকলে ।Body:বৰাকৰ উন্নয়নৰ কামত দুৰ্নীতি চলিছে আৰু চৰকাৰৰ প্ৰদান কৰা অৰ্থ যথাযথ বিনিয়োগ নকৰাকৈ আত্মস্যাত কৰা হৈছে বুলি বিত্ত, স্বাস্থ্য, গড়কাপ্তানি মন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মা যি মন্তব্য কৰিছিল তা প্ৰত্যাখ্যান কৰিছে শিলচৰৰ প্ৰাক্তন সাংসদ তথা সৰ্বভাৰতীয় মহিলা কংগ্ৰেছ সভানেত্ৰী সুস্মিতা দেবে। তেওঁ কয়, বৰাকৰ লগত ব্লেকমেইলিং কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ ডিব্ৰুগড়, শিবসাগৰ, তিনিচুকীয়া বা আন ঠাইৰ ঠিকাদাৰ ইঞ্জিনিয়াৰৰ পৰা কমিচন লোৱা নহয় কিন্তু বৰাকৰ সকলো কামৰ বাবে ঠিকাদাৰ ইঞ্জিনিয়াৰ সকলক গুৱাহাটীত কমিচন দিব লাগে। এয়া কোনো নতুন কথা নহয়, সকলোৱে জানে। বৰাকৰ কামত দুৰ্নীতি চলিছে এই কথা কোৱাৰ আগতে কিয় আৰু কাৰ বাবে দুৰ্নীতি চলিছে সেই বোৰ চাব লাগিব বুলি তেওঁ কয়। ---- বাইটConclusion:
Last Updated :Nov 9, 2019, 11:37 AM IST

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.