ETV Bharat / state

Rape and murder in Cachar : যুৱতীক ধর্ষণ কৰি হত্যাৰ প্ৰতিবাদত উত্তপ্ত শিলচৰ

author img

By

Published : Jul 19, 2023, 7:22 AM IST

কাছাৰ জিলাৰ শিলচৰত এগৰাকী যুৱতীক ধৰ্ষণ কৰি হত্যা কৰাৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূণ্যলৈ গুলীচালনা কৰে ।

Silchar rape case
শিলচৰত এগৰাকী যুৱতীক ধৰ্ষণ কৰি হত্যা

হাফলং, 19 জুলাই: যুৱতীক ধৰ্ষণ কৰি হত্যা কৰাৰ প্ৰতিবাদত উত্তপ্ত কাছাৰ ৷ কাছাৰ জিলাৰ শিলচৰৰ ৰাংগীৰখাৰিৰ এগৰাকী যুৱতীক ধৰ্ষণ কৰি হত্যা কৰাৰ প্ৰতিবাদত মঙলবাৰৰ নিশা শিলচৰ ৰাংগীৰখাৰিৰ সমগ্ৰ অঞ্চল উত্তপ্ত হৈ উঠে । আৰক্ষী আৰু সাধাৰণ ৰাইজৰ খণ্ডযুদ্ধত আহত চিআৰপিএফ বাহিনী আৰু আৰক্ষী জোৱান । উল্লেখ্য যে, যোৱা 16 জুলাইৰ দিনা শিলচৰ ৰাংগীৰখাৰি এলেকাৰ এগৰাকী যুৱতী সন্ধানহীন হৈছিল ৷ ইয়াৰ পিচতে নিৰুদ্দেশ হোৱা যুৱতীগৰাকীৰ পৰিয়ালে ঘটনা সন্দৰ্ভত ৰাংগীৰখাৰি আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ।

ইয়াৰ পিচত অৰ্থাৎ 18 জুলাই মঙলবাৰে ধুয়াৰবন্দ এলেকাত এটা বিল্ডিঙত কাম কৰা শ্ৰমিকে দুৰ্গন্ধ পাই আৰক্ষীক খবৰ দিয়ে ৷ যথাস্থানত আৰক্ষী গৈ উপস্থিত হোৱাৰ পিচতে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় অৰ্ধগলিত অৱস্থাত এগৰাকী যুৱতীৰ মৃতদেহ । যুৱতীগৰাকীৰ পৰিয়ালে মৃতদেহটো তেওঁলোকৰ জীয়ৰীৰ বুলি চিনাক্ত কৰাৰ পিচতে মঙলবাৰৰ নিশা উত্তপ্ত হৈ পৰে ৰাংগীৰখাৰি এলেকাৰ পৰিৱেশ ৷ সহস্ৰাধিক লোক ওলায় আহি যুৱতীগৰাকীৰ মৃতদেহ সমুখত লৈ পথ অৱৰোধ কৰাৰ লগতে হত্যাকাৰীৰ ফাঁচীৰ দাবীত সৰৱ হৈ উঠা পৰিলক্ষিত হয় ।

ঘটনাস্থলীত কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তা উপস্থিত হয় যদিও ঘটনা সন্দৰ্ভত উত্তেজিত হৈ পৰা ৰাইজ আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় ৷ যাৰ ফলত চিআৰপিএফ আৰু আৰক্ষীৰ কেইবাজনো কৰ্মী আহত হয় বুলি জানিবলৈ পৰা গৈছে । অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূণ্যলৈ গুলী চালনা কৰে । পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে যদিও সমগ্ৰ অঞ্চলজুৰি চেপা উত্তেজনাই বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সমগ্ৰ অঞ্চল জুৰি চিআৰপিএফ আৰু আৰক্ষী জোৱান মোতায়েন কৰা হৈছে ।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

লগতে পঢ়ক : Police fined for Traffic Rule Violation: খোদ আৰক্ষীয়ে নামানে যান-বাহন আইন, ৰাইজ ৰোষত আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.