ETV Bharat / state

নিশ্চিত নেকি উপ-নিৰ্বাচনত বিজেপি প্ৰাৰ্থীৰ সহজ জয় ?

author img

By

Published : Sep 28, 2021, 9:39 PM IST

MP Pradan Boruah on upcoming by Election result
নিশ্চিত নেকি উপ-নিৰ্বাচনত বিজেপি প্ৰাৰ্থীৰ সহজ জয় ?

উপ-নিৰ্বাচনত বিজেপি প্ৰাৰ্থীৰ সহজ জয় নিশ্চিত নেকি ? ৰাইজৰ দল আৰু কংগ্ৰেছৰ তুংগত উঠা প্ৰচাৰ যাব নেকি অথলে ? কি কয়, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই ৷

মৰাণ, 28 ছেপ্টেম্বৰ : উপ-নিৰ্বাচনত শাসক দল বিজেপিয়ে সকলো সমষ্টিতে জয় নিশ্চিত বুলি ভাবি ইতিমধ্যে কাম-কাজ কৰা পৰিলক্ষিত হৈছে । বিশেষকৈ উজনিৰ থাওৰা আৰু মৰিয়নিত ৰাইজৰ দল আৰু কংগ্ৰেছে দলীয় কামকাজ কৰি প্ৰচাৰ তুংগত তুলিছে যদিও বিজেপিৰ জয় নিশ্চিত বুলি মন্তব্য প্ৰকাশ কৰিছে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই । তেওঁ কয়, উপ-নিৰ্বাচনত বিজেপি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী সকল সহজে জয়ী হ'ব । প্ৰতিটো সমষ্টিতে দলীয় কৰ্মীসকলে কাম কৰি আছে ।

নিশ্চিত নেকি উপ-নিৰ্বাচনত বিজেপি প্ৰাৰ্থীৰ সহজ জয় ?

সোণাৰিত এই মন্তব্য কৰি লখিমপুৰৰ সাংসদ গৰাকীয়ে লগতে কয় মাজুলীৰ উপ- নিৰ্বাচন সন্দৰ্ভতো অতি সোনকালে জাননি জাৰি হ'ব ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে পদত্যাগ পত্ৰ দিয়া বাবে মাজুলীৰ নিৰ্বাচনৰ দিন কম দিনৰ ভিতৰতে ঘোষণা কৰিব বুলি কয় তেওঁ । লগতে মাজুলীত বিজেপি মিত্ৰজোঁটৰ ভেটি শক্তিশালী বুলিও মন্তব্য কৰে তেওঁ । সোণাৰিত চৰাইদেউ জিলা বিজেপিৰ উদ্যোগত অনুষ্ঠিত নাগৰিক সভাত এই মন্তব্য কৰে সাংসদ প্ৰদান বৰুৱাই ।

সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত পাঁচ শতাধিক লোকৰ সমাবেশেৰে অনুষ্ঠিত হয় নাগৰিক সভা । নাগৰিক সভাত সাংসদ প্ৰদান বৰুৱাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে । যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ লগতে মন্ত্ৰী যোগেন মহন, নাহৰকটীয়াৰ বিধায়ক তথা চৰাইদেউ জিলা বিজেপিৰ প্ৰভাৰী তৰংগ গগৈ, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈ উপস্থিত থাকে ।

লগতে পঢ়ক : অসমৰ মুখ্যমন্ত্ৰী বনাম All India Muslim Majlis-e-Mushawarat

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.