ETV Bharat / state

Cachar Madrassa Hostel case: কাছাৰৰ মাদ্ৰাছাৰ হোষ্টেলত ছাত্ৰৰ মুণ্ডহীন মৃতদেহ উদ্ধাৰ; ‘দা’ উদ্ধাৰ

author img

By

Published : Aug 13, 2023, 6:09 PM IST

শোৱাপাটীতে এজন ছাত্ৰক শিৰচ্ছেদ কৰি হত্যা কৰা ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ প্ৰকৃততে কোনে আৰু কিয় হত্যা কৰিছিল ছাত্ৰজনক?

12-Year-Old Student Found Beheaded in Assam Madrassa Hostel Room
হোষ্টেলৰ সমীপত দা উদ্ধাৰ

নিউজ ডেস্ক, 13 আগষ্ট : কাছাৰৰ ধলাইত এখন মাদ্ৰাছাত এজন ছাত্ৰক শোৱাপাটীতে শিৰচ্ছেদ কৰি হত্যা কৰা ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ধলাইৰ বাগৰ বজাৰ ঘাটৰ দাৰুছ চালাম হাফিজিয়া আৰু আলিয়া মাদ্ৰাছাৰ হোষ্টেলৰ পৰা উদ্ধাৰ হৈছিল এটি 12 বছৰীয়া কিশোৰৰ মৃতদেহ ৷ নিহত ছাত্ৰগৰাকীৰ নাম ৰবিজুল হুছেইন লস্কৰ (12) বুলি জানিব পৰা গৈছে ৷

এই ঘটনা পোহৰলৈ অহাৰ পিচতে ঘটনাস্থলীত উপস্থিত হয় কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নুমাল মাহাত্তা ৷ ইতিমধ্যে আৰক্ষীয়ে হোষ্টেলৰ কোঠটোত থকা 20 গৰাকী ছাত্ৰক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে ৷

প্ৰতিদিনাৰ দৰে শনিবাৰে নিশা সকলো ছাত্ৰই একেলগে নৈশ আহাৰ গ্ৰহণ কৰি শুই পৰিছিল ৷ পুৱা ফজৰ নামাজৰ বাবে মাদ্ৰাছাৰ শিক্ষকে ছাত্ৰসকলক জগাবলৈ যাওঁতে কোঠাৰ ৰবিজুলৰ তেজেৰে লুটুৰি পুটুৰি হৈ থকা মৃতদেহটো প্ৰত্যক্ষ কৰি হুৱা -দুৱা পৰিস্থিতিৰ সৃষ্টি হয় ৷ উল্লেখ্য যে, যোৱা 3 মাহৰ পূৰ্বে মাদ্ৰাছাত ভৰ্তি হৈছিল মৃত ছাত্ৰজন ৷

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত মাদ্ৰাছাখনৰ চকীদাৰগৰাকীয়ে এই নৃশংস ঘটনা সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷ ইয়াৰ পিচতে আৰক্ষীয়ে আব্দুল কাছিম নামৰ চকীদাৰগৰাকীক আৰক্ষীয়ে আটক কৰি সোধা-পোছা কৰিছে ৷ অচিৰেই চকীদাৰজনক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে ৷

ইফালে পুৱাৰ পৰা আৰক্ষীয়ে চলাই থকা অভিযানত হোষ্টেলৰ সমীপত এখন দা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ আৰক্ষীয়ে ইতিমধ্যে মাদ্ৰাছাখন ছীল কৰিছে বুলি জানিব পৰা গৈছে ৷ এই ঘটনাই স্বাভাৱিকতে স্থানীয় ৰাইজকো কঁপাই তুলিছে ৷ কিয় 12 বছৰীয়া কিশোৰজনক হত্যা হ’ল ? ছাত্ৰজনৰ মৃত্যুত ভাগি পৰিছে ছাত্ৰজনৰ পৰিয়ালৰ লোক ৷ সম্প্ৰতি আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Student Deid in Karimganj: মাদ্ৰাছাত ছাত্ৰৰ মৃতদেহ উদ্ধাৰক লৈ কৰিমগঞ্জত চাঞ্চল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.