ETV Bharat / state

World Environment Day: ৰাজ্যজুৰি বিশ্ব পৰিৱেশ দিৱস পালন

author img

By

Published : Jun 5, 2022, 3:47 PM IST

আজি বিশ্ব পৰিৱেশ দিৱস (World Environment Day) ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অনুষ্ঠান-প্ৰতিষ্ঠানত পালন কৰা হৈছে পৰিৱেশ দিৱস (World environment day celebrated in Assam) ৷ কলিয়াবৰত 'শ্যামলী কলিয়বৰ' শীৰ্ষক গছপুলি ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভণি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ৷

World Environment Day
World Environment Day

নিউজ ডেস্ক, 5 জুন: আজি বিশ্ব পৰিৱেশ দিৱস (World Environment Day 2022) ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অনুষ্ঠান-প্ৰতিষ্ঠানত পালন কৰা হৈছে পৰিৱেশ দিৱস (World environment day celebrated in Assam )৷ কলিয়াবৰত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই 'শ্যামলী কলিয়বৰ'ৰ শীৰ্ষক গছপুলি ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে ৷ গছপুলি ৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, এই কাৰ্যসূচীৰ মূল লক্ষ্য হৈছে সমগ্ৰ কলিয়াবৰত 15 মিনিটত 1,25,000 গছপুলি ৰোপন কৰা ৷ শ্যামলী কলিয়াবৰৰ যোগেদি অহা দুবছৰৰ ভিতৰত কলিয়াবৰৰ ৰাইজে অন্য এখন ছবি দেখিবলৈ পাব বুলি মন্তব্য প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷

World Environment Day
ৰাজ্যজুৰি বিশ্ব পৰিৱেশ দিৱস পালন

ইয়াৰ উপৰি মুখ্যমন্ত্ৰী প্ৰতিস্থায়ী বনানিকৰণ প্ৰকল্পৰ অধীনত অহা 15 আগষ্টত ৰাজ্যৰ সকলো জিলাস্থিত চৰকাৰী কাৰ্যালয় তথা অনুষ্ঠান-প্ৰতিষ্ঠানসমূহত গছ পুলি ৰোপন কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে ৷ আনহাতে বঙাইগাঁও, মাজুলীকে ধৰি ৰাজ্যৰ প্ৰায়বোৰ বিদ্যালয়, অনুষ্ঠান-প্ৰতিষ্ঠানত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গছপুলি ৰোপনৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, আকস্মিক বক্তৃতা আৰু সংকল্প সমাৰোহৰে পৰিৱেশ দিৱস উদযাপন কৰে ৷

আজি বিশ্ব পৰিৱেশ দিৱস

একেদৰে বৰপেটাৰ নগাঁওস্থিত বাউসী এনাৰ্জি ষ্টেচনে ব্যতিক্ৰমী প্ৰচেষ্টাৰে পৰিৱেশ দিৱস উদযাপন কৰে ৷ প্ৰদূষণ ৰোধ কৰা আৰু এখন সেউজ পৃথিৱী গঢ়াৰ প্ৰয়াসেৰে পেট্ৰ'ল ডিপোটোৱে বিতৰণ কৰিছে ১ হাজাৰ নিমগছৰ পুলি ৷ পেট্ৰ'ল ডিপ'টোলৈ অহা প্ৰতিজন গ্ৰাহককে এটাকৈ নীম গছৰ পুলি বিতৰণ কৰি পুলিটো প্ৰতিপালন কৰিবলৈ ডিপোটোৰ কৰ্মচাৰীসকলে গ্ৰাহকক অনুৰোধ জনাইছে ৷ যান বাহনৰ পৰা ওলোৱা ক্ষতিকাৰণ কাৰ্বনডাই অক্সাইডে পৰিৱেশ দূষিত কৰি অহাৰ সময়তে এইদৰে পেট্ৰ'ল ডিপোটোৰ পদক্ষেপক ৰাইজে শলাগ লৈছে ৷

লগতে চাওক : কোকৰাঝাৰক সেউজ কৰি তোলাৰ লক্ষ্যৰে ডাষ্টবিন বিতৰণ প্ৰমোদ বড়োৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.