ETV Bharat / state

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jul 23, 2022, 9:19 AM IST

top-10-at-9am
9 বজাৰ শীৰ্ষ 10 টা বাতৰি

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

Barshashree Buragohain releases: ৬৪ দিনৰ অন্তত স্ব-গৃহত উপস্থিত বর্ষাশ্ৰী বুঢ়াগোহাঁই

৬৪ দিনৰ অন্তত টীয়কৰ আপোন গৃহত উপস্থিত হ’ল বর্ষাশ্ৰী বুঢ়াগোহাঁই ৷ দীৰ্ঘদিনৰ অন্তত জীয়ৰী কাষত পাই আৱেগিক হ’ল পিতৃ-মাতৃ ৷ উল্লেখ্য যে, ফেচবুকত কবিতা লিখি কাৰাগাৰত বন্দীত্বৰ জীৱন কটোৱা টীয়কৰ বর্ষাশ্ৰী বুঢ়াগোহাঁয়ে অৱশেষত জামিন লাভ কৰে (Barshashree Buragohain Releases) । মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে বর্ষাশ্ৰীৰ জামিন মঞ্জুৰ কৰাৰ (Barshashree Buragohain granted bail) পিছতে বর্ষাশ্ৰীৰ পিতৃ-মাতৃৰ লগতে আনন্দত আত্মহাৰা হৈছিল বর্ষাশ্ৰীৰ শুভাকাংক্ষীসকলো ।

Barshashree Buragohain Releases: অন্ধকাৰ কুঠৰীৰ পৰা মুকলি আকাশৰ তললৈ আহিল বৰ্ষাশ্ৰী

65 দিন কাৰাগাৰৰ অন্ধকাৰ কুঠৰীত কটোৱাৰ পাছত শুকুৰবাৰে মুকলি আকাশৰ তললৈ আহিল বৰ্ষাশ্ৰী বুঢ়াগোঁহাই (Barshashree Buragohain releases)। সামাজিক মাধ্যমত নিষিদ্ধ ঘোষিত সংগঠনক সমৰ্থন কৰাৰ অভিযোগত 18 মে’ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দ্বিতীয় ষান্মাসিকৰ ছাত্ৰীগৰাকীক ৷ দুয়া মাহতকৈও অধিক কাল গোলাঘাটৰ কাৰাগাৰত কটোৱাৰ পাছত কালি জামিন মঞ্জুৰ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে (Barshashree Buragohain granted bail)৷

Lalu Prasad Yadav Discharged From AIIMS: হাস্পতাল এৰিলে লালু প্ৰসাদ যাদৱে

শুকুৰবাৰে আৰ জে ডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱৰ স্বাস্থ্য কিছু উন্নত হোৱাৰ পিছতে দিল্লীৰ এইমছ হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ অনুমতি দিছে চিকিৎসকে । বৰ্তমান জীয়েক মিছা ভাৰতীৰ দিল্লীত থকা বাসগৃহত থাকিব আৰ জে ডিৰ মুৰব্বীগৰাকী । বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰী দেৱীৰ 10, চাৰ্কুলাৰ ৰোডৰ বাসগৃহত চিৰিৰ পৰা পিছলি আহত হৈছিল আৰ জে ডি প্ৰধানগৰাকী ।

Road accident at Kaliabor: কলিয়াবৰত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

কলিয়াবৰৰ গোমোঠা গাঁৱৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে নিশা সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয়(Road Accident at Kaliabor) । নিহত লোকজন নৱজ্যোতি বৈশ্য ওৰফে জিতুমণি বৈশ্য বুলি জানিব পৰা হৈছে ৷ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, ট্ৰাক এখনে এজন চাইকল আৰোহীক বচাবলৈ গৈ বিপৰীত দিশৰ পৰা আহি থকা জিতুৱে চলাই যোৱা মটৰ চাইকেলখনত সন্মুখৰ তৰফৰ পৰা খুন্দা মাৰে ৷ এই মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় নৱজ্যোতি বৈশ্য ওৰফে জিতুমণি বৈশ্য(One Dead in a Road Accident) ৷

Cross Voting in president Election: দ্ৰৌপদী মূৰ্মুক কংগ্ৰেছৰ ১৫-১৬ জন বিধায়কে ভোট দিয়া বুলি ক’লে মুখ্যমন্ত্রীয়ে

দ্ৰৌপদী মূৰ্মুৱে অতিৰিক্তভাৱে ২২ টা ভোট লাভ কৰিছে । ইয়াৰ ভিতৰত ১৫-১৬ টা ভোট কংগ্ৰেছৰ পৰা পাইছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma on cross voting)৷

AASA Protest: আমাৰ দুখ বেদনা বুজি নোপোৱা নেতা আমাক নালাগে: আছা

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ধৰ্ণা কাৰ্যসূচী ৷ আদিবাসী সকলৰ জনজাতিকৰণ, ভূমিৰ পট্টা সমস্যা সমাধান, চাহ শ্ৰমিক আৰু কৰ্মচাৰীৰ বকেয়া ধন আদায় দিয়াকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত শুকুৰবাৰে চচলত ৩ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে আছাই (AASA) ৷

68th National Film Award : অজয় দেৱগণ, সূৰ্যালৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান

কোভিড মহামাৰীৰ বাবে দুবছৰৰ ব্যৱধানৰ পিছত অনুষ্ঠিত এক অনুষ্ঠানত আজি সন্ধিয়া ৰাষ্ট্ৰীয় ৰাজধানীত 68 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীৰ নাম ঘোষণা কৰা হয় (Winners for 68th National Film Award announced) । তানহাজী : দ্য আনচাং ৱাৰিয়াৰৰ বাবে অজয় দেৱগণ আৰু সূৰাৰাই পত্ৰুৰ বাবে সূৰ্যাই যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে (Ajay Devgn and Suriya shared best Actors) ।

India supplies crores of vaccine doses: ১০১খন দেশসহ ৰাষ্ট্ৰসংঘক ২৩.৯ কোটি পালি ক'ৰনা প্ৰতিষেধক ভাৰতৰ

ক'ৰনাৰ প্ৰতিষেধক সন্দৰ্ভত স্বাস্থ্য ৰাজ্যিক মন্ত্ৰী(Minister of State for Health) ভাৰতী প্ৰবীণ পাৱাৰৰ বিশেষ তথ্য প্ৰকাশ । বৰ্তমানলৈ ভাৰতে ১০১খন দেশ তথা ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠানসমূহক যোগান ধৰিছে ২৩.৯ কোটি ক'ৰনা প্ৰতিষেধক(coronavirus vaccine) । ইফালে বৰ্তমানেও দেশত আৰম্ভ হোৱা নাই ১২ বছৰৰ তলৰ শিশুৰ Covid19ৰ টীকাকৰণ । (India supplies crores of vaccine doses)

68th National Film Awards declared: অসমেও আঁজুৰিলে কেইবাটাও ৰাষ্ট্ৰীয় সন্মান

শুকুৰবাৰে ঘোষণা কৰা হয় ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (68th National Film Awards declared) । আজি ঘোষণা কৰা ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰত অসমলৈও আহিল কেইবাটাও বঁটা (Assam won several awards at 68th National Film Awards) ৷

Grenade recovered in Hojai: হোজাই জিলা সদৰ শংকৰদেৱ নগৰত উদ্ধাৰ গ্ৰেণেড

হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰত গ্ৰেণেড উদ্ধাৰ (Grenade recovered in Hojai)। শংকৰদেৱ নগৰৰ এপিডিচিএলৰ 32 কেভি পাৱাৰ ষ্টেচনৰ চৌহদত উদ্ধাৰ গ্ৰেণেডটো । পাৱাৰ ষ্টেচনৰ পৰিত্যক্ত কোৱাটাৰ জেচিবিৰে ভাঙি থকা অৱস্থাত উদ্ধাৰ হোৱা গ্ৰেণেডটোকলৈ তৎপৰ হৈ পৰিছে আৰক্ষী । ইতিমধ্যে গ্ৰেণেড থকা ঠাইখিনি আৰক্ষীয়ে চীল কৰি বোমা স্কোৱাদৰ দললৈ খবৰ পঠিয়াইছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.