India supplies crores of vaccine doses: ১০১খন দেশসহ ৰাষ্ট্ৰসংঘক ২৩.৯ কোটি পালি ক'ৰনা প্ৰতিষেধক ভাৰতৰ

author img

By

Published : Jul 23, 2022, 7:22 AM IST

India supplies crores of vaccine doses

ক'ৰনাৰ প্ৰতিষেধক সন্দৰ্ভত স্বাস্থ্য ৰাজ্যিক মন্ত্ৰী(Minister of State for Health) ভাৰতী প্ৰবীণ পাৱাৰৰ বিশেষ তথ্য প্ৰকাশ । বৰ্তমানলৈ ভাৰতে ১০১খন দেশ তথা ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠানসমূহক যোগান ধৰিছে ২৩.৯ কোটি ক'ৰনা প্ৰতিষেধক(coronavirus vaccine) । ইফালে বৰ্তমানেও দেশত আৰম্ভ হোৱা নাই ১২ বছৰৰ তলৰ শিশুৰ Covid19ৰ টীকাকৰণ । (India supplies crores of vaccine doses)

নেশ্যনেল ডেস্ক,২৩ জুলাই: ভাৰতে ১৫ জুলাই, ২০২২ লৈকে অনুদান,বাণিজ্যিক ৰপ্তানি অথবা ক'ভিড-19 ভেকছিন গ্লোবেল এক্সেছ (চিঅভিএএক্স)ৰ জৰিয়তে ১০১ খন দেশ আৰু ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠানসমুহক ২৩.৯ কোটি পালি কৰ'না ভাইৰাছৰ ভেকচিন যোগান ধৰিছে বুলি শুকুৰবাৰে লোকসভাত উল্লেখ কৰে স্বাস্থ্য ৰাজ্যিক মন্ত্ৰী(Minister of State for Health) ভাৰতী প্ৰবীণ পাৱাৰে ।(India supplies crores of vaccine doses) তেওঁ লগতে উল্লেখ কৰে যে ১৯ জুলাই, ২০২২ লৈকে দেশত ১২ বছৰৰ ওপৰৰ হিতাধিকাৰীসকলক মুঠ ২০০.৩৪ কোটি ক'ভিড-১৯ ভেকচিন প্ৰদান কৰা হৈছে ।

ইফালে মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰা অনুসৰি বৰ্তমানলৈও ১২ বছৰৰ তলৰ শিশুক Covid19ৰ টীকাকৰণৰ ব্যৱস্থা কৰা হোৱা নাই(coronavirus vaccine) । বৰ্তমান টীকাকৰণ কাৰ্যসূচীৰ অধীনত পাঁচটা কোভিড-19 ভেকচিন ভাৰতত ব্যৱহাৰ কৰি থকা হৈছে । সেই কেইটা হৈছে কভিশ্বিল্ড, কভোভাক্স, কভাক্সিন, স্পুটনিক ভি ভেকচিন আৰু কৰ্বেভাক্স । তেওঁ লগতে উল্লেখ কৰে যে সকলো যোগ্য হিতাধিকাৰীক টীকাকৰণৰ বাবে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে পৰ্যাপ্ত ভেকচিন পালি উপলব্ধ কৰোৱা হৈছে ।

আনহাতে অদূৰ ভৱিষ্যতে কৰ'না ভাইৰাছ মহামাৰীৰ পুনৰুত্থানৰ কোনো সম্ভাৱনা আছে নে নাই আৰু ভৱিষ্যতৰ যিকোনো প্ৰাদুৰ্ভাৱ প্ৰতিহত কৰিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেই সন্দৰ্ভত পাৱাৰে কয় যে পৰিৱৰ্তনশীল ৰূপান্তৰযোগ্যতা আৰু অন্যান্য ৰাজহুৱা স্বাস্থ্যৰ প্ৰভাৱৰ সৈতে ক'ভিড-১৯ৰ ভিন্ন প্ৰকাৰ উদ্ভৱ হোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বিভিন্ন বিশেষজ্ঞ সমিতিৰ সৈতে বিশ্বব্যাপী আৰু দেশত ক'ভিড-১৯ গতিপথ অনুসৰণ কৰি আছে ।

ইয়াৰ উপৰিও মন্ত্ৰীগৰাকীয়ে তেওঁৰ লিখিত উত্তৰত উল্লেখ কৰে যে পৰীক্ষাগাৰৰ ইণ্ডিয়ান চাৰ্স্কোভি-2 জিনোমিক্স কনচৰ্টিয়াম (আইএনএছএচিওজি)ৰ এটা নেটৱৰ্কে ভাইৰাচটোৰ মিউটেন্ট প্ৰকাৰ চিনাক্ত কৰাৰ বাবে নমুনাৰ সম্পূৰ্ণ জিনম অনুক্ৰম গ্ৰহণ কৰিছে । স্বাস্থ্য মন্ত্ৰালয়ে Covid19ৰ বিৰুদ্ধে প্ৰস্তুতি আৰু প্ৰতিৰোধ ক্ষমতা বৃদ্ধি ৰখাৰ বাবে ৰাজ্য চৰকাৰসমূহক প্ৰয়োজনীয় সমৰ্থন আগবঢ়াইছে ।

লগতে পঢ়ক: 68th National Film Award : অজয় দেৱগণ, সূৰ্যালৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.