ETV Bharat / bharat

68th National Film Award : অজয় দেৱগণ, সূৰ্যালৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান

author img

By

Published : Jul 22, 2022, 7:37 PM IST

Film AWard
Film AWard

কোভিড মহামাৰীৰ বাবে দুবছৰৰ ব্যৱধানৰ পিছত অনুষ্ঠিত এক অনুষ্ঠানত আজি সন্ধিয়া ৰাষ্ট্ৰীয় ৰাজধানীত 68 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীৰ নাম ঘোষণা কৰা হয় (Winners for 68th National Film Award announced) । তানহাজী : দ্য আনচাং ৱাৰিয়াৰৰ বাবে অজয় দেৱগণ আৰু সূৰাৰাই পত্ৰুৰ বাবে সূৰ্যাই যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে (Ajay Devgn and Suriya shared best Actors) ।

নিউজ ডেস্ক, ২২ জুলাই: মনোৰঞ্জন উদ্যোগৰ শ্ৰেষ্ঠ প্ৰতিভাক সন্মান জনোৱাৰ উদ্দেশ্যে আজি ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীৰ নাম ঘোষণা কৰা হয় । পৰিচালক-প্ৰযোজক বিপুল শ্বাহৰ নেতৃত্বত ১০ জনীয়া জুৰীয়ে শুকুৰবাৰে পুৱা কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰক (Union Information and Broadcasting Minister Anurag Thakur) সাক্ষাৎ কৰি ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (68th National Film Awards) সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰে ।

আজি সন্ধিয়া ৰাষ্ট্ৰীয় ৰাজধানীত এক অনুষ্ঠানত এই বঁটাঘোষণা কৰা হয় । উল্লেখ্য, কোভিড মহামাৰীৰ বাবে দুবছৰৰ ব্যৱধানৰ পিছত এই অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে । বঁটাসমূহৰ সন্দৰ্ভত অনুৰাগ ঠাকুৰে কয়, "মই সকলো জুৰী সদস্যৰ লগতে যিসকলে এই কামৰ পৰ্যালোচনা কৰিছে আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে পুৰস্কৃত হোৱা বঁটাপ্ৰাপকসকলক অভিনন্দন জনাব বিচাৰোঁ । যিসকলে এক উৎকৃষ্ট কাম কৰিছে তেওঁলোকৰো মই প্ৰশংসা কৰিছোঁ ।"

তেওঁ লগতে কয়, "মই আনন্দিত যে কোভিডৰ বাবে আমি বঁটাসমূহ প্ৰদানৰ অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিলোঁ, দুবছৰৰ পিছত সেয়া হৈছে । এই বছৰ আমি 68 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অনুষ্ঠিত কৰিম ।" অধ্যক্ষ শ্বাহৰ উপৰি জুৰী সদস্যসকলৰ ভিতৰত আছে চিত্ৰগ্ৰহণকাৰী ধৰম গুলাটি, ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰখ্যাত বঙালী অভিনেতা শ্ৰীলেখা মুখাৰ্জী, চিত্ৰগ্ৰহণকাৰী জি এছ ভাস্কৰ, এ কাৰ্তিকৰাজা, ভি এন আদিত্য, ভিজি থাম্পী, সঞ্জীৱ ৰতন, এছ থাংগাদুৰাই আৰু নিশিগান্ধা ।

সূত্ৰ মতে, ২৯৫ খনতকৈও অধিক চলচ্চিত্ৰ এলিমিনেচন পৰ্যায়ত উপনীত হৈছিল (295 films reached elimination stage) আৰু জুৰীয়ে অৱশেষত ফিচাৰ শাখাত ৬৬ খন চলচ্চিত্ৰৰ পৰ্যালোচনা কৰে (finally reviewed 66 films in feature section) । নন-ফিচাৰ শ্ৰেণীৰ বাবে জুৰীয়ে তথ্যচিত্ৰসহ প্ৰায় 140 খন নন-ফিচাৰ চলচ্চিত্ৰ পৰ্যালোচনা কৰিছিল (jury reviewed 140 non feature films including documentaries) ।

বঁটা বিজয়ীসকলৰ সম্পূৰ্ণ তালিকা এনে ধৰণৰ :

  • Most film-friendly state: মধ্য প্ৰদেশ
  • Best Book on Cinema : ঘোষণা কৰিব বাকী আছে
  • শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচক (Best Film Critic) : এই বছৰ কোনো পুৰস্কাৰ নাই

ফিচাৰ ফিল্ম বঁটা (Feature Film Awards)

  • স্পেচিয়েল জুৰী উল্লেখ (Special Jury Mention) : চেমখোৰ (ডিমাচা), ভাংকু (মালায়ালম), জুন (মাৰাঠী), গোদাকাথ (মাৰাঠী) আৰু আভুৱাঞ্চিত (মাৰাঠী), টুলিডাছ জুনিয়ৰ (হিন্দী)
  • নন-ফিচাৰ চলচ্চিত্ৰ বঁটা (Non-Feature Film Awards) :
  • শ্ৰেষ্ঠ বৰ্ণনা/ ভইচ অভাৰ (BEST NARRATION/ VOICE OVER) : ৰেপচডী অব ৰেইনছ- কেৰালাৰ বাৰিষা (ইংৰাজী)
  • শ্ৰেষ্ঠ সংগীত পৰিচালনা (BEST MUSIC DIRECTION) : 1232 কিমি: মাৰেংগে তো ৱাহি জাকৰ 1232 কিমি – উইল ডাই থ্ৰী অনলি (হিন্দী)
  • শ্ৰেষ্ঠ সম্পাদনা (BEST EDITING) : বৰ্ডাৰলেণ্ডছ (বাংলা, নেপালী, মণিপুৰী, হিন্দী আৰু পাঞ্জাবী)
  • সৰ্বশ্ৰেষ্ঠ অন-লোকেচন ধ্বনি ৰেকৰ্ডিষ্ট (BEST ON-LOCATION SOUND RECORDIST) : যাদুই জাংগল (যাদুকৰী অৰণ্য, হিন্দী)
  • শ্ৰেষ্ঠ অডিঅ'গ্ৰাফী (BEST AUDIOGRAPHY) : পাৰ্ল অব দ্য ডেজাৰ্ট (ৰাজস্থানী)
  • শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফী (BEST CINEMATOGRAPHY) : শাবদিক্কুন্না কালাপ্পা (টকিং প্লাউ, মালায়ালম)
  • শ্ৰেষ্ঠ নিৰ্দেশনা (BEST DIRECTION ) : ওহ দেটছ ভানু (ইংৰাজী, তামিল, মালায়ালম আৰু হিন্দী)
  • পাৰিবাৰিক মূল্যবোধৰ ওপৰত শ্ৰেষ্ঠ চলচ্চিত্ৰ (BEST FILM ON FAMILY VALUES) : কুম্কুমাৰচান (দেৱীৰ উপাসনা, মাৰাঠী)
  • শ্ৰেষ্ঠ চুটি কল্পকাহিনী চলচ্চিত্ৰ (BEST SHORT FICTION FILM) : কাচিচিনিথু (দ্য বয় উইথ এ গান, কাৰ্বি)
  • বিশেষ জুৰী বঁটা (SPECIAL JURY AWARD) : এডমিটেড (হিন্দী আৰু ইংৰাজী)
  • শ্ৰেষ্ঠ অনুসন্ধানমূলক চলচ্চিত্ৰ (BEST INVESTIGATIVE FILM ) : দ্য ছেভিঅৰ : ব্ৰিগেডিয়াৰ প্ৰীতম সিং (পাঞ্জাবী)
  • শ্ৰেষ্ঠ অন্বেষণ /দুঃসাহসিক চলচ্চিত্ৰ (BEST EXPLORATION /ADVENTURE FILM (to include sports)) : হুইলিং দ্য বল (ইংৰাজী আৰু হিন্দী)
  • শ্ৰেষ্ঠ শৈক্ষিক চলচ্চিত্ৰ (BEST EDUCATIONAL FILM ) : ড্ৰিমিং অব ৱৰ্ল্ডছ (মালায়ালম)
  • সামাজিক সমস্যাৰ ওপৰত শ্ৰেষ্ঠ চলচ্চিত্ৰ (BEST FILM ON SOCIAL ISSUES) : জাষ্টিচ ডিলেইড বাট ডেলিভাৰড (হিন্দী) আৰু থ্ৰী ছিষ্টাৰ্ছ (বাংলা)
  • শ্ৰেষ্ঠ পৰিৱেশ চলচ্চিত্ৰ (BEST ENVIRONMENT FILM) : মানাহ আৰু মানুহ (অসম)
  • শ্ৰেষ্ঠ প্ৰচাৰমূলক চলচ্চিত্ৰ (BEST PROMOTIONAL FILM) : চাৰমাউণ্টিং চেলেঞ্জ (ইংৰাজী)
  • শ্ৰেষ্ঠ বিজ্ঞান আৰু প্ৰযুক্তি চলচ্চিত্ৰ (BEST SCIENCE and TECHNOLOGY FILM) : অন দা ব্ৰিংক ছিজন 2- বেটছ (ইংৰাজী)
  • শ্ৰেষ্ঠ কলা আৰু সংস্কৃতি চলচ্চিত্ৰ (BEST ARTS and CULTURE FILM) : নাদাদা নাভানিতা ডিআৰ পিটি ভেঙ্কটেশকুমাৰ (ড. ভেঙ্কটেশ কুমাৰ, কানাড়া)
  • শ্ৰেষ্ঠ জীৱনীমূলক চলচ্চিত্ৰ (BEST BIOGRAPHICAL FILM) : পাবুং চিয়াম (মণিপুৰী)
  • শ্ৰেষ্ঠ নৃতাত্ত্বিক চলচ্চিত্ৰ (BEST ETHNOGRAPHIC FILM) : মণ্ডল কে বোল (মণ্ডলৰ ছন্দ, হিন্দী)
  • এজন পৰিচালকৰ শ্ৰেষ্ঠ আত্মপ্ৰকাশ নন-ফিচাৰ চলচ্চিত্ৰ (BEST DEBUT NON-FEATURE FILM OF A DIRECTOR) : পাৰিয়া (মাৰাঠী আৰু হিন্দী)
  • শ্ৰেষ্ঠ নন-ফিচাৰ চলচ্চিত্ৰ (BEST NON-FEATURE FILM ) : টেষ্টিমনি অব আনা (দাংগী)

উল্লেখ্য, ৰাষ্ট্ৰীয় বঁটা ভাৰতৰ আটাইতকৈ বিশিষ্ট চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান। ই প্ৰতিষ্ঠা হৈছিল 1954 চনত । 1973 চনৰ পৰা এই বঁটা ভাৰত চৰকাৰৰ চলচ্চিত্ৰ মহোৎসৱ সঞ্চালকালয়ৰ দ্বাৰা ভাৰতীয় আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ আৰু ভাৰতীয় পেনোৰামাৰ সৈতে পৰিচালনা কৰা হৈছে (prominent film award ceremony in India National Awards)।

লগতে পঢ়ক :68th National Film Awards declared: অজয় ​​দেৱগণ আৰু সূৰ্যাই লাভ কৰে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.