Lalu Prasad Yadav Discharged From AIIMS: হাস্পতাল এৰিলে লালু প্ৰসাদ যাদৱে

author img

By

Published : Jul 23, 2022, 7:27 AM IST

rjd-supremo-lalu-prasad-yadav-discharged-from-delhi-aiims

শুকুৰবাৰে আৰ জে ডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱৰ স্বাস্থ্য কিছু উন্নত হোৱাৰ পিছতে দিল্লীৰ এইমছ হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ অনুমতি দিছে চিকিৎসকে । বৰ্তমান জীয়েক মিছা ভাৰতীৰ দিল্লীত থকা বাসগৃহত থাকিব আৰ জে ডিৰ মুৰব্বীগৰাকী । বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰী দেৱীৰ 10, চাৰ্কুলাৰ ৰোডৰ বাসগৃহত চিৰিৰ পৰা পিছলি আহত হৈছিল আৰ জে ডি প্ৰধানগৰাকী ।

নেশ্যনেল ডেস্ক, 23 জুলাই: দিল্লীৰ এইমছ হাস্পতালৰ পৰা মুকলি কৰি দিয়া হয় আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱক (Lalu Prasad Yadav discharged from Delhi's AIIMS)। শুকুৰবাৰে আৰজেডিৰ মুৰব্বীগৰাকীৰ স্বাস্থ্য কিছু উন্নত হোৱাৰ পিছতে দিল্লীৰ এইমছ হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ অনুমতি দিয়া হয় । হাস্পতালৰ পৰা মুকলি হৈ তেওঁৰ কন্যা তথা ৰাজ্যসভাৰ সাংসদ মিছা ভাৰতীৰ বাসগৃহত উপস্থিত হয় লালু প্ৰসাদ যাদৱ (Misa Bharti ,Rajya Sabha MP)। আৰজেডিৰ মুৰব্বীগৰাকীৰ কন্যা ৰোহিনী আচাৰ্যই টুইটযোগে প্ৰকাশ কৰিছে উক্ত তথ্য (Lalu Prasad Yadav daughter Rohini Acharya tweeted)।

সম্প্ৰতি লালু প্ৰসাদ যাদৱক চিকিৎসা কৰি থকা চিকিৎসকে তেওঁৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমানৰ বাবে দিল্লীত থাকিবলৈ পৰামৰ্শ দিছে । আনহাতে, আৰজেডিৰ ৰাজ্যিক সাধাৰণ সম্পাদক বিনোদ যাদৱে জনোৱা মতে (RJD state general secretary Vinod Yadav), আৰজেডিৰ মুৰব্বীগৰাকীয়ে বৰ্তমান দিল্লীৰ ৰাজ্যসভাৰ সদস্যা মিছা ভাৰতীৰ বাসগৃহত থাকিব । সম্পূৰ্ণ সুস্থ হোৱাৰ পিছতহে পাটনালৈ উভতি যাব লালু প্ৰসাদ যাদৱ (RJD Supremo lalu prasad yadav)।

উল্লেখ্য যে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰী দেৱীৰ 10, চাৰ্কুলাৰ ৰোডৰ বাসগৃহত চিৰিৰ পৰা পিছলি পৰিছিল আৰজেডি প্ৰধানগৰাকী । এই ঘটনাত তেওঁৰ সোঁ কান্ধ আৰু কঁকালত আঘাত পাইছিল(Lalu prasad yadav sick) ৷ ইয়াৰ পিছতে তেওঁক পাটনাৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । যাৰ পিছত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰকে (Nitish Kumar CM of Bihar) ধৰি বহু নেতাই চিকিৎসালয়ত উপস্থিত হৈ লালু যাদৱক সাক্ষাৎ কৰি আশু আৰোগ্য কামনা কৰে । পৰৰ্বতী সময়ত আৰজেডিৰ মুৰব্বীগৰাকীক উন্নত চিকিৎসাৰ বাবে এয়াৰ এম্বুলেন্সযোগে পাটনাৰ পৰা দিল্লীলৈ প্ৰেৰণ কৰা হৈছিল ।

লগতে পঢ়ক: পাটনাৰ পাৰছ চিকিৎসালয়ৰ পৰা মুকলি লালু প্ৰসাদ যাদৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.