ETV Bharat / bharat

পাটনাৰ পাৰছ চিকিৎসালয়ৰ পৰা মুকলি লালু প্ৰসাদ যাদৱক

author img

By

Published : Jul 4, 2022, 4:08 PM IST

Lalu Yadav Admit in Paras Hospital
আৰজেডিৰ প্ৰধান লালু প্ৰসাদ যাদৱ

আৰজেডিৰ প্ৰধান লালু প্ৰসাদ যাদৱে দেওবাৰে সন্ধিয়া চিৰিৰ পৰা পিছলি পৰাত তেওঁ কান্ধ আৰু ককালত আঘাতপ্ৰাপ্ত হয় ৷ নিশা তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত জৰুৰীকালীনভাৱে পাটনাৰ পাৰছ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসা প্ৰদানৰ পাছত চিকিৎসালয়ৰ তেওক ঘৰলৈ যাবলৈ পৰামৰ্শ দিয়া হয় (Lalu Yadav Admit in Paras Hospital)।

নিউজ ডেস্ক, 4 জুলাই: পাটনাৰ পাৰছ চিকিৎসালয়ৰ পৰা সোমবাৰে মুকলি কৰি দিয়া হয় আৰজেডিৰ প্ৰধান লালু প্ৰসাদ যাদৱক । লালু প্ৰসাদ যাদৱক দেওবাৰে নিশা প্ৰায় ৩:৩০ বজাত পাৰাছ চিকিৎসালয়ৰ জৰুৰীকালীন অৱস্থাত ভৰ্তি কৰোৱা হৈছিল(Lalu Yadav Admit in Paras Hospital) ৷ সেইদিনা সন্ধিয়া বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবড়ী দেৱীৰ 10 চাৰ্কুলাৰ ৰোডৰ বাসগৃহত চিৰিৰ পৰা পিছলি পৰিছিল আৰজেডি প্ৰধানগৰাকী । এই ঘটনাত তেওঁৰ সোঁ কান্ধ আৰু কঁকালত আঘাত পাইছিল(Lalu prasad yadav sick) ।

আৰজেডি প্ৰধানগৰাকীক(RJD Supremo lalu prasad yadav) লগে লগে কাংকৰবাগৰ এখন চিকিৎসালয়লৈ নিয়া হয় ৷ জানিব পৰা মতে তেওঁৰ কান্ধৰ হাড় ভাঙিছে । চিকিৎসাকে চিকিৎসা কৰাৰ পাছত তেওঁক ঘৰলৈ লৈ যোৱাৰ অনুমতি দিছিল ৷ কিন্তু নিশালৈ স্বাস্থ্যৰ অৱনতি ঘটাত লালু প্ৰসাদ যাদৱক পাটনাৰ পাৰছ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ অৱশ্যে, সোমবাৰে আৰজেডি প্ৰধানগৰাকীৰ অৱস্থা পুনৰ সুস্থিৰ হোৱাত চিকিৎসকে চিকিৎসালয়ৰ পৰা তেওঁক ঘৰলৈ যাবলৈ পৰামৰ্শ দিয়ে ৷

উল্লেখ্য যে, লালু প্ৰসাদ যাদৱে বৃক্ককে ধৰি অন্যান্য ৰোগত ভুগি আছে(Lalu prasad yadav sick) । তেওঁৰ আটাইতকৈ ডাঙৰ সমস্যা হৈছে টাইপ-2 ডায়েবেটিচ আৰু ৰক্তচাপ ৷ শেহতীয়াকৈ, তেওঁক কাৰাগাৰৰ পৰা জামিনত মুক্তি দিয়া হৈছিল আৰু ইয়াৰ পাছতে তেওঁ দিল্লীৰ পৰা গৈ পাটনাত উপস্থিত হৈছিল । প্ৰাপ্ত তথ্য অনুসৰি বৃক্ক সংৰোপণৰ বাবে তেওঁ ছিংগাপুৰলৈ যোৱাৰ কথা ৷

তেওঁ বিগত এবছৰ ধৰি ছিংগাপুৰৰ এজন চিকিৎসকৰ তত্বাবধানত চিকিৎসা গ্ৰহণ কৰি আহিছে বুলি জানিব পৰা গৈছে ৷ আৰজেডি প্ৰধানগৰাকীয়ে বৃক্ক সংৰোপণৰ বাবে চিংগাপুৰলৈ যোৱাত পাছপোৰ্টৰ ক্ষেত্ৰত থকা বাধা ইতিমধ্যে আদালতৰ পৰা আঁতৰাই দিয়া হৈছে ।

লগতে পঢ়ক : 164 বিধায়কৰ সমৰ্থনেৰে আস্থা ভোটত জয়লাভ একনাথ সিন্দেৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.