ETV Bharat / state

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 4, 2022, 9:05 AM IST

9 বজাৰ 10 টা শীৰ্ষ বাতৰি
9 বজাৰ 10 টা শীৰ্ষ বাতৰি

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

FIFA World Cup 2022: কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ আৰ্জেন্টিনা-নেডাৰলেণ্ডৰ

ফিফা বিশ্বকাপৰ গ্ৰুপ 16 পৰ্যায়ৰ দুখন খেলত আৰ্জেন্টিনাই অষ্ট্ৰেলিয়াক আৰু নেডাৰলেণ্ডে আমেৰিকাক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেল প্ৰৱেশ কৰিছে ৷ শনিবাৰে কোৱাৰ্টাৰ ফাইনেলৰ দ্বিতীয়খনখেলত মুখামুখি হ’ব দুয়োটা দল (Netherlands to face Argentina in quarter final) ৷

Sangridiya tradition of Assam : আঘোণৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত এদল কৃষক

আধুনিকতাই সমাজ জীৱন গ্ৰাস কৰি নিয়াৰ বাবে অসমীয়া জীৱনৰ পৰা বহু পৰম্পৰা লোপ পাবলৈ ধৰিছে । অসমৰ চহা জীৱনৰ বিশেষকৈ নামনি অসমৰ তেনে এটি বিলুপ্ত প্ৰায় প্ৰথা হৈছে ‘‘সাঙৰি দিয়া’’ বা ‘‘সাউৰি দিয়া’’ (Sangridiya tradition of Assam)। কালক্ৰমত হেৰাই যাবলৈ ধৰা প্ৰথাটো ধৰি ৰাখিবলৈ চেষ্টা কৰিছে ৰঙিয়াৰ নকুলৰ গাঁওবাসীয়ে ।

Badruddin Ajmal Apology : ক্ষমা বিচাৰিলেও টিঙৰ পৰা নানামিল বদৰুদ্দিন আজমল

‘‘গোচৰ ৰুজু কৰিলে পলিটিচিয়ানৰ গ্ৰাফ ওপৰলৈ যায় ৷ যিমান গোচৰ ৰুজু কৰে কৰক’’ ৷ এই মন্তব্য AIUDFৰ সভাপতি বদৰুদ্দিন আজমলৰ (MP Badruddin Ajmal)৷ বিতৰ্কিত মন্তব্য কৰি দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পাছত এই মন্তব্য সাংসদগৰাকীৰ (Badruddin Ajmal controversy)৷

Gift to CM Himanta Biswa Sarma : মুখ্যমন্ত্রীয়ে গ্ৰহণ কৰিলে নুৰুল হকৰ ১০ লাখ টকীয়া ‘লেম্বৰঘিনি’

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উপহাৰ হিচাবে দিলে নিজে সাজি উলিওৱা বিলাসী ‘লেম্বৰঘিনি’ বাহন ৷ ১০ লাখ টকা খৰচ কৰি নুৰুল হকে মুখ্যমন্ত্ৰীক উপহাৰ দিয়াৰ বাবে নিজে সাজি উলিয়াইছিল লেম্বৰঘিনিসদৃশ বাহনখন (Car Gift to CM Himanta Biswa Sarma)।

Press meet by Congress: আজমল অবিহনে বিজেপিয়ে উশাহ লব নোৱাৰে

বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (APCC President Bhupen Bora) কয় যে অসমীয়া জাতীয় জীৱনক লৈ স্পৰ্দ্ধা কৰিবলৈ আজমলে সাহস কৰাৰ একমাত্ৰ কাৰণ হ’ল ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকী (Bhupen Bora blame CM for Ajmal comment) ৷

Narottam Mishra on Badruddin Ajmal: আজমলৰ জন্মদাত্ৰী মাতৃও লজ্জিত বুলি ক'লে মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰীয়ে

"আপোনাৰ এই মন্তব্যত আপোনাক জন্ম দিয়া মাতৃগৰাকীও লজ্জিত হৈছে ৷ এইখন দেশত মহিলাক ভক্তি কৰা হয় ৷ অনুগ্ৰহ কৰি আপুনি নাৰীক ভোগ্য আৰু শিশু জন্ম দিয়া যন্ত্ৰ নবনাব (AssamMP controversial statement)৷ এনেকুৱা মানসিকতা সলনি কৰক ৷" বদৰুদ্দিন আজমলৰ এই বিতৰ্কিত মন্তব্যক ঘৃণনীয় আখ্যা দিয়ে মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰই (MP Home Minister Narottam Mishra)৷

Special TET pass teacher Press Meet: ইউনিক আই ডি থকা টেট উত্তীৰ্ণসকলক নিযুক্তিৰ দাবী

পূৰ্বে সৰ্বশিক্ষাৰ অধীনত শিক্ষকতা কৰা তথা পৰৱৰ্তী সময়ত টেট পৰীক্ষাত উত্তীৰ্ণ Unique ID প্ৰাপ্ত টেট উত্তীৰ্ণ সকলক শিক্ষক পদত নিযুক্তিৰ দাবী তুলিছে সদৌ অসম Unique ID প্ৰাপ্ত টেট উত্তীৰ্ণ সন্থাই (Special tet pass teacher press meet)৷

Free Dialysis service in Assam: অসমবাসীয়ে লাভ কৰিব বিনামূলীয়া ডায়েল'ছিছ সেৱা

কিডনী ৰোগীৰ বাবে সুখবৰ ৷ অসমত বিনামূলীয়া হ’ব ডায়েল'ছিছ (Dialysis will be free in Assam)৷

Gold coins in the oil palm plantation: পথাৰ চহাওতেই খেতিয়কে পালে 18 টা সোণৰ মুদ্ৰা

সাধুকথাত উল্লেখ থকাৰ দৰে পৌৰাণিক দিনত এনিশাৰ ভিতৰতেই যাদুকৰী সামগ্ৰী পাই এজন দুখীয়া খেতিয়ক ধনী হৈ যোৱাৰ দৰে অন্ধ্ৰপ্ৰদেশতো সংঘটিত হৈছে তেনে এক অনুৰূপ ঘটনা ৷ খেতিপথাৰত সোণৰ মুদ্ৰাভৰা কলহ উদ্ধাৰ এগৰাকী খেতিয়কৰ (Gold coins in the oil palm plantation)৷

Badruddin Ajmal Controversy : আজমলৰ মন্তব্যই লজ্জিত কৰিলে মুছলমান সমাজক: অসম চিভিল চ'ছাইটি

বদৰুদ্দিন আজমলক বিৰোধ কৰাৰ আহ্বান জনাইছে অসম চিভিল চ'ছাইটিয়ে (Assam Civil Society)৷ আজমলৰ বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে শনিবাৰে অসম চিভিল চ'ছাইটিয়ে সম্বোধন কৰিলে সংবাদমেল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.